শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়।
সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনত যোৱা ৪-৫ মাহত উদ্ভৱ হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, গৰাখহনীয়া, ধুমুহা, শিলাবৃষ্টি, জুই লগা, বজ্ৰপাত আদি পৰিস্থিতিৰ ফলত প্ৰদান কৰিব লগীয়া ক্ষতিপূৰণ আৰু সাহায্যৰ প্ৰতিবেদন সমূহৰ পুংখানুপুংখ ভাৱে পৰ্য্যালোচনা কৰে।
বিভিন্ন বিভাগে আগবঢ়োৱা এইসমূহ প্ৰতিবেদন বিধিগত ভাৱে পৰীক্ষা কৰাৰ অন্তত সভাত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়।
সভাত উপায়ুক্ত গৰাকীয়ে যিসমূহ বিভাগে বৰ্তমানলৈ দুৰ্যোগ বিষয়ক প্ৰতিবেদন দাখিল কৰা নাই সেই সমূহ বিভাগক অতি সোনকালে এই প্ৰতিবেদন সমূহ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উপায়ুক্ত গগৈয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধু সকলে বিভিন্ন দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু দায়বদ্ধতাৰে আগবঢ়াই অহা সেৱাৰ বাবে ভূয়সী শলাগ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে ৰাজহ চক্ৰ পৰ্য্যায়ত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্ৰতিৰোধী বন্ধু সকলৰ নাম আগন্তুক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
এইসকল প্ৰতিৰোধী বন্ধুক নিজ নিজ গৃহতে সম্বৰ্ধনা জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
সভাত তেওঁ ৰাজহ চক্ৰ বিষয়া সকলক উৎকৃষ্ট সেৱা আগবঢ়াই অহা প্ৰতিৰোধী বন্ধুসকলৰ তালিকা প্ৰস্তুত কৰি অতি সোনকালে জিলা প্ৰশাসনৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি তেওঁ বিভাগীয় মুৰব্বী সকলকো তেওঁলোকৰ অধীনত কৰ্মৰত উৎকৃষ্ট কৰ্মদক্ষতা প্ৰদৰ্শন কৰা কৰ্মচাৰী সকলৰ নামো জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।
উৎকৃষ্ট কৰ্মদক্ষতা প্ৰদৰ্শন কৰা কৰ্মচাৰী সকলকো তদ্রুপ ধৰণেৰে স্বাধীনতা দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
উপায়ুক্ত গৰাকীয়ে লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক তেওঁলোকৰ অধীনস্থ কৰ্মচাৰী সকলৰ জিলাখনত ইতিপূৰ্বে স্থাপন কৰা স্বাব পৰীক্ষণ কেন্দ্ৰ সমুহত ৰেপিড এন্টিজেন টেষ্ট কৰোৱাবলৈও আহ্বান জনায়।
জিলাখনত বৰ্তমানলৈ প্ৰতিদিনে গড়ে ৫০০টাতকৈ অধিক ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰক্ৰিয়া আৰু অধিক তীব্রতৰ কৰি এতিয়া প্ৰতিদিনে গড়ে ১০০০টাতকৈ অধিক ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
তেওঁ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
তদুপৰি জিলা উপায়ুক্তই জিলাখনৰ প্ৰতিটো পঞ্চায়তত চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁও পঞ্চায়ত সমূহক দায়িত্ব ন্যস্ত কৰিবলৈ জিলা পৰিষদক নিৰ্দেশ দিয়ে।
লগতে এই চেনিটাইজেচনৰ ব্যৱস্থা সুচাৰুভাৱে সম্পন্ন হৈছে নে নাই সেয়া তদাৰক কৰাৰ দায়িত্ব তেওঁ খণ্ড উন্নয়ন বিষয়া সকলক দিয়াৰ বিষয়েও নিৰ্দেশ দিয়ে।
সভাত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈয়ে বিভাগীয় বিষয়া সকলক যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ততাতৈয়াকৈ ২৪ ঘণ্টাৰ ভিতৰতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিয়ন্ত্ৰণ কক্ষ (District Emergency Operation Centre)ৰ দূৰভাষ নম্বৰ ১০৭৭ (ট’ল ফ্ৰী), ০৩৭৭২-২২৩৩৯৭, ৮৪৭১৮৬৪৩৫৫ -ত ফোনযোগে অৱগত কৰিবলৈ কয়।
তেওঁ লগতে ক্ষতিপূৰণৰ সঠিক মূল্যায়ন কৰি নিৰ্ধাৰিত প্ৰপত্ৰত এই সম্বন্ধে প্ৰাধিকৰণক প্ৰতিবেদন দাখিল কৰাটো প্ৰয়োজনীয় বুলিও উল্লেখ কৰে।
সভাত জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, আমগুৰি আৰু শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে ঋতুৰাজ বৰদলৈ আৰু ভাস্কৰজ্যোতি ৰাজবংশী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰূপম জ্যোতি বৰা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া সকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।