• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ উপায়ুক্ত কাৰ্য্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত সভা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 5, 2020 9:56 pm
Meeting on disaster management held at Sivasagar DC office
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়।

সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনত যোৱা ৪-৫ মাহত উদ্ভৱ হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, গৰাখহনীয়া, ধুমুহা, শিলাবৃষ্টি, জুই লগা, বজ্ৰপাত আদি পৰিস্থিতিৰ ফলত প্ৰদান কৰিব লগীয়া ক্ষতিপূৰণ আৰু সাহায্যৰ প্ৰতিবেদন সমূহৰ পুংখানুপুংখ ভাৱে পৰ্য্যালোচনা কৰে।

Apply Now

বিভিন্ন বিভাগে আগবঢ়োৱা এইসমূহ প্ৰতিবেদন বিধিগত ভাৱে পৰীক্ষা কৰাৰ অন্তত সভাত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়।

সভাত উপায়ুক্ত গৰাকীয়ে যিসমূহ বিভাগে বৰ্তমানলৈ দুৰ্যোগ বিষয়ক প্ৰতিবেদন দাখিল কৰা নাই সেই সমূহ বিভাগক অতি সোনকালে এই প্ৰতিবেদন সমূহ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উপায়ুক্ত গগৈয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধু সকলে বিভিন্ন দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু দায়বদ্ধতাৰে আগবঢ়াই অহা সেৱাৰ বাবে ভূয়সী শলাগ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে ৰাজহ চক্ৰ পৰ্য্যায়ত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্ৰতিৰোধী বন্ধু সকলৰ নাম আগন্তুক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

এইসকল প্ৰতিৰোধী বন্ধুক নিজ নিজ গৃহতে সম্বৰ্ধনা জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

সভাত তেওঁ ৰাজহ চক্ৰ বিষয়া সকলক উৎকৃষ্ট সেৱা আগবঢ়াই অহা প্ৰতিৰোধী বন্ধুসকলৰ তালিকা প্ৰস্তুত কৰি অতি সোনকালে জিলা প্ৰশাসনৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি তেওঁ বিভাগীয় মুৰব্বী সকলকো তেওঁলোকৰ অধীনত কৰ্মৰত উৎকৃষ্ট কৰ্মদক্ষতা প্ৰদৰ্শন কৰা কৰ্মচাৰী সকলৰ নামো জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

উৎকৃষ্ট কৰ্মদক্ষতা প্ৰদৰ্শন কৰা কৰ্মচাৰী সকলকো তদ্রুপ ধৰণেৰে স্বাধীনতা দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

উপায়ুক্ত গৰাকীয়ে লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক তেওঁলোকৰ অধীনস্থ কৰ্মচাৰী সকলৰ জিলাখনত ইতিপূৰ্বে স্থাপন কৰা স্বাব পৰীক্ষণ কেন্দ্ৰ সমুহত ৰেপিড এন্টিজেন টেষ্ট কৰোৱাবলৈও আহ্বান জনায়।

জিলাখনত বৰ্তমানলৈ প্ৰতিদিনে গড়ে ৫০০টাতকৈ অধিক ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰক্ৰিয়া আৰু অধিক তীব্রতৰ কৰি এতিয়া প্ৰতিদিনে গড়ে ১০০০টাতকৈ অধিক ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তেওঁ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

তদুপৰি জিলা উপায়ুক্তই জিলাখনৰ প্ৰতিটো পঞ্চায়তত চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গাঁও পঞ্চায়ত সমূহক দায়িত্ব ন্যস্ত কৰিবলৈ জিলা পৰিষদক নিৰ্দেশ দিয়ে।

লগতে এই চেনিটাইজেচনৰ ব্যৱস্থা সুচাৰুভাৱে সম্পন্ন হৈছে নে নাই সেয়া তদাৰক কৰাৰ দায়িত্ব তেওঁ খণ্ড উন্নয়ন বিষয়া সকলক দিয়াৰ বিষয়েও নিৰ্দেশ দিয়ে।

সভাত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈয়ে বিভাগীয় বিষয়া সকলক যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ততাতৈয়াকৈ ২৪ ঘণ্টাৰ ভিতৰতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিয়ন্ত্ৰণ কক্ষ (District Emergency Operation Centre)ৰ দূৰভাষ নম্বৰ ১০৭৭ (ট’ল ফ্ৰী), ০৩৭৭২-২২৩৩৯৭, ৮৪৭১৮৬৪৩৫৫ -ত ফোনযোগে অৱগত কৰিবলৈ কয়।

তেওঁ লগতে ক্ষতিপূৰণৰ সঠিক মূল্যায়ন কৰি নিৰ্ধাৰিত প্ৰপত্ৰত এই সম্বন্ধে প্ৰাধিকৰণক প্ৰতিবেদন দাখিল কৰাটো প্ৰয়োজনীয় বুলিও উল্লেখ কৰে।

সভাত জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, আমগুৰি আৰু শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে ঋতুৰাজ বৰদলৈ আৰু ভাস্কৰজ্যোতি ৰাজবংশী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰূপম জ্যোতি বৰা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া সকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd