• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি

জাতিটোক নিঃশেষ কৰি দিলে ভৱিষ্যতে বিহুৱেই পাতিব নোৱাৰিম : এজন অনশনকাৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 14, 2019 6:31 pm
Hunger Strke

ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমীয়াই কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আন্দোলনটোক চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত ভোগালীৰ আনন্দৰ পৰা বিৰত থকাৰ লগতে উৰুকাৰ দিনাই অনশনত বহিল ৭০টা সংগঠনৰ প্ৰতিনিধি। হেঁপাহৰ ভোগালী বিহুটোৰ আহ্বান নেওচি গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈসহ ৭০টা সংগঠনৰ প্ৰতিনিধিসকলে অনশন আৰম্ভ কৰে।

আজি ১৪ জানুৱাৰিৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচী ১৫ জানুৱাৰি, অৰ্থাৎ বিহুৰ দিনা বিয়লি ২ বজালৈ চলিব।

Apply Now

মুখ্য মন্ত্ৰীক বিভিন্ন স্থানত ক’লা পতাকা প্ৰদৰ্শণ কৰা, ৰাজপথত আন্দোলন কৰাৰ পাছতো অসমৰ ৰাইজৰ কথা বুজি নোপোৱাত উৰুকাৰ দিনা এই কাৰ্যসূচী ল’ব লগীয়া হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়। লগতে বিহুৰ আনন্দ উল্লাসৰ মাজতো জাতীয় চেতনা জাগ্ৰত কৰি ৰখাৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ অসমবাসীলৈ অখিল গগৈয়ে আহ্বান জনায়।

তেওঁ কয়, “আনন্দ-স্ফূৰ্তি আৰু ভোগৰ মাজতো যেন অসমীয়া জাতিয়ে নিজৰ অস্তিত্বৰ কথা পাহৰি নাযায়, তাৰ বাবে সজাগ কৰি ৰাখিবলৈ আৰু আমাৰ প্ৰকৃত আন্তৰিকতাৰে আমি বিধেয়কখন বাতিল কৰাবলৈ কেনেকৈ যুঁজিছো সেই কথা বুজাই দিবলৈ এই কাৰ্যসূচী হাতত লৈছো”।

অখিল গগৈয়ে লগতে এই বিধেয়কখন গৃহীত হ’লে ৭০টা সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও স্পষ্ট কৰি দিয়ে। লগতে ৭০ সংগঠনে আন্দোলনৰ সমানে সমানে আইনী যুঁজ চলাবলৈও সাজু থকা বুলি মন্তব্য কৰে।

একেদৰে মৰিগাঁৱত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ বাতিল কৰা বাবে সংঘক ধন্যবাদ জনায় অখিল গগৈয়ে।

“প্ৰধান মন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ অপমান একো হ’ব নোৱাৰে” গগৈয়ে কয়। লগতে অধিবেশনলৈ নৰেন্দ্ৰ মোদী আহিলেও ৭০টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁক ঘূৰাই পঠাব বুলিও তেওঁ কয়।

অনশনস্থলীত ভাষণ প্ৰদান কৰি এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, “জাতিটোক বচোৱাৰ স্বাৰ্থত বিহুৰ সময়তো আমি অনশন কৰিছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী আনি অসমীয়া জাতিক নিঃশেষ কৰি দিলে আমি আগলৈ বিহুৱেই পাতিব নোৱাৰিম”।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd