• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ ৰ শুভাৰম্ভণি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 30, 2021 7:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত দ্বিতীয় পৰ্য়ায়ত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি- ২০২১ ৰ শুভাৰম্ভ কৰা হয় ৷

এই উপলক্ষে অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত স্থানীয় বঙাইগাঁও গান্ধী ময়দানত‍ অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যখনৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু খাদ্য , অসামৰিক যোগান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা বঙাইগাঁও জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

Apply Now

উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ তেতিয়াৰ বিত্ত মন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকলক সকাহ দিয়াৰ বাবে এই অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ আঁচনিখনৰ ব্যৱস্থা কৰিছে।

ক্ষুদ্ৰ ঋণ লোৱা মহিলাসকলৰ ভিতৰত যিসকল মহিলাই সময়মতে তেওঁলোকৰ ঋণসমূহ ঘুৰাই দিছিল তেওঁলোকক উদগনি আৰু সকাহ দিয়াৰ বাবে অনুষ্ঠানত এককালীন ধনৰ চেক প্ৰদান কৰা হয় ৷

অনুষ্ঠানত খাদ্য,অসামৰিক যোগান তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে কয় যে মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি মহিলা সবলীকৰণত গুৰুত্ব দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
তদুপৰি অৰুণোদই আঁচনিখনো মহিলা সবলীকৰণৰ পদক্ষেপ মুখ্যমন্ত্ৰীগৰাকীৰ। মহিলাসকলে চৰকাৰৰ তৰফৰ পৰা পোৱা এই উদগনিমূলক ধনখিনি যাতে অবাবদ নষ্ট নকৰি উৎপাদনমূলক কামত ব্যৱহাৰ কৰে তাৰ বাবে আহ্বান জনায় মন্ত্ৰী ৰঞ্জিত দাসে।
ইপিনে সভাত উপস্থিত থাকি বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে অসমৰ ৩ (তিনি) কোটি ৩০ (ত্ৰিশ) লাখ লোকৰ ভিতৰত ৪৯ শতাংশ মহিলা। গতিকে মহিলাসকল কিমান এটা ডাঙৰ শক্তি ৷

এখন ৰাজ্যত যেতিয়া মহিলাসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিকভাৱে সবল হ’ব তেতিয়াহে ৰাজ্যখন আগুৱাই যাব ৷ সেয়ে মহিলাসকল আৰ্থিকভাৱে সবল হ’ব লাগিব ৷

অৰুণোদই আঁচনিৰ জৰিয়তে দুখীয়া মহিলাসকলক পূৰ্বৰ ৮৩০ টকাৰ ঠাইত বৰ্তমানে ১০০০ (এহেজাৰ) টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। এয়া কৰা হৈছে মহিলা সবলীকৰণৰ বাবে।

বৰ্তমানলৈকে ৰাজ্যখনৰ ২০ লাখ মহিলাই বেংকৰ জৰিয়তে পোনপতিয়াকৈ এই ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷
এই আঁচনিখনৰ বাবে চৰকাৰক বছৰেকত প্ৰায় ১৭ শ কোটি টকাৰ প্ৰয়োজন হ’ব ৷

বন্ধন বেংক,আই ডি বি আই বেংক, ই এচ এ এফ স্মল ফাইনেন্স বেংক, নাইটিংগেল বেংক আদি কৰি ১৬টা বেংক প্ৰতিষ্ঠানৰ ১৬ গৰাকী হিতাধিকাৰীক মন্ত্ৰীদ্বয়ে আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত মুঠ ৫২৫১ গৰাকী হিতাধিকাৰীক এই চেক প্ৰদান কৰা হ’ব। বাকীখিনি হিতাধিকাৰীক উন্নয়ন খণ্ড কাৰ্যালয়ত পিছত চেকসমূহ প্ৰদান কৰা হ’ব

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd