গুৱাহাটীত ৪ টা লম্পটে ধৰ্ষণ কৰিলে নাবালিকাক

দেওবাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে দলবদ্ধ ধৰ্ষণৰ আন এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাথমিক খবৰ অনুসৰি ২ আগষ্টত এই ঘটনা সংঘটিত হৈছিল। 

চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে এগৰাকী ১৬ বছৰীয়া নাবালিকাগৰাকীক পাল পাতি মাতৃ আৰু পিতৃৰ সন্মুখত ধৰ্ষণ কৰিছিল বুলি ভুক্তভোগীৰ পৰিয়ালে অভিযোগ কৰে।

প্ৰথমে ড্ৰাগছ সেৱন কৰি তাৰপিছত নাবালিকাগৰাকীক ধৰ্ষণ কৰে ৪ পাষণ্ডই।

এতিয়া পৰিয়ালটোৱে ন্যায় বিচাৰি এই বিষয়ত এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীৰ কাষ চাপিছে। ৪ লম্পটৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত POCSO আইনৰ অধীনত ২২৯/২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত গড়চুক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে দুজন ৰমেন বড়ো আৰু আৰেন বড়ো বুলি চিনাক্ত হোৱাৰ লগতে তৃতীয়জনৰো পৰিচয় নিশ্চিত কৰা হৈছে।

অৱশ্যে এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত বৰ্তমান পলাতক। পলাতক লম্পটটোক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি আশ্বাস দিছে আৰক্ষী বিষয়াসকলে।

লগতে পঢ়কঃ ডিব্ৰুগড়ত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন

লগতে পঢ়কঃ নাৰী শিক্ষা নহ’ব! দহ বছৰ উৰ্ধৰ ছাত্ৰী যাব নোৱাৰিব বিদ্যালয়: ফটোৱা জাৰি তালিবানৰ

লগতে পঢ়কঃ ১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱস। কি সেই পাঁচখন দেশ?