• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্তমান আটাইতকৈ বিপৰ্য্যয়ৰ মুখত আছে আমাৰ গণতন্ত্ৰ : যশৱন্ত সিনহা

“গৃহ, প্ৰতিৰক্ষা, বিত্ত মন্ত্ৰ্যালয়, ৰিজাৰ্ভ বেংক, চি বি আই সকলো মোদীৰ একনায়কত্বৰ কবলত”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 10, 2019 9:56 pm
Yashawant Sinha attacks Modi

নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতানুষ্ঠানত যশৱন্ত সিনহা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকাল অন্ত পৰিবলৈ মাজত মাত্ৰ দুটামান মাহহে বাকী আছে। তেনে সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক ‘গণতন্ত্ৰ ধ্বংসকাৰী’ হিচাপে চিহ্নিত কৰি তীব্ৰ আক্ৰমণ কৰিলে বিজেপিৰে এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অটল বিহাৰী বাজপেয়ীৰ অতি ঘনিষ্ঠ এগৰাকী প্ৰবীণ ৰাজনীতিকে। তেওঁ হ’ল বাজপেয়ী চৰকাৰত বিত্ত মন্ত্ৰী আৰু পাছলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হোৱা যশৱন্ত সিনহা।

১০ ফেব্ৰুৱাৰিত গুৱাহাটীৰ মাছখোৱাত থকা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসম নাগৰিক সমাজে আয়োজন কৰা ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি নৰেন্দ্ৰ মোদীৰ একনায়কত্ব আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজন।

Apply Now

“বৰ্তমান আটাইতকৈ দুৰৱস্থাত থকা অনুষ্ঠানটোৱেই হ’ল আমাৰ গণতন্ত্ৰ”, আক্ষেপৰ সুৰত সিনহাই কয়।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমো চৰকাৰৰ হাতোৰাত বুলি উল্লেখ কৰি তেওঁ কয়, “চতুৰ্থ স্তম্ভ চৰকাৰে ভাঙি পেলাইছে। কোনটো বাতৰি প্ৰকাশ পাব বা কোনটো ‘ব্লেক আউট’ হ’ব সেয়া কোনোবা নহয় কোনোবা এটা পৰ্যায়ত দিল্লীয়ে নিৰ্ধাৰণ কৰে”।

দেশৰ সকলো নীতি নিৰ্ধাৰণ ক্ষমতা এতিয়া কেৱল প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীভূত বুলিও অভিযোগ কৰে দীৰ্ঘসময় কেন্দ্ৰত গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈ থকা বৰ্ষীয়ান ৰাজনীতিকজনে।

প্ৰধান মন্ত্ৰী মোদীৰ একনায়কত্ববাদী চৰিত্ৰৰ বাবেই ‘কেবিনেট’ৰ অস্তিত্ব নোহোৱাৰ দৰে হৈছে আৰু সংসদৰো গৰিমা হ্ৰাস পালে বুলি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে অভিযোগ কৰে।

বাজপেয়ী চৰকাৰৰ দিনত তেতিয়াৰ গৃহ মন্ত্ৰী লালকৃষ্ণ আদৱানিক সদায় দ্বিতীয় স্থানৰ মৰ্য্যাদা দিয়া হৈছিল বুলি উল্লেখ কৰি এতিয়া গৃহ মন্ত্ৰীজনৰ  মৰ্য্যদাক লৈ প্ৰশ্ন তোলে সিনহাই।

“জম্মু আৰু কাশ্মীৰত পি ডি পিৰ সৈতে অমিত শ্বাহে মিত্ৰতা ভংগৰ ঘোষণা কৰাৰ কথা গৃহ মন্ত্ৰীয়ে বাতৰি চাইহে গম পাইছিল। নাগা ফ্ৰেইমৱৰ্ক চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰধান মন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিবলৈ যাওঁতেহে গৃহ মন্ত্ৰীয়ে জানিব পাৰিছিল”, গৃহ মন্ত্ৰীৰ গুৰুত্বহীনতাৰ দৃষ্টান্ত দাঙি ধৰি সিনহাই কয়।

সিনহাৰ মতে, প্ৰধান মন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰ্যালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰীকো বিশ্বাসত নলয়। “আনকি পেৰিচত ৰাফেল চুক্তি কৰোতেও দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খবৰ পোৱা নাছিল”, এই গুৰুতৰ অভিযোগ প্ৰাক্তন বিজেপি নেতাজনৰ।

একেদৰে, বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণো বিত্ত মন্ত্ৰীৰ অগোচৰে হৈছিল বুলি তেওঁ দাবী কৰে।

ইয়াৰ উপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰসংগত তেওঁ কয়, “অটলজী প্ৰধান মন্ত্ৰী হৈ থকা সময়ত মই দুবছৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও আছিলো। সেই সময়ত তেওঁ (অটল বিহাৰী বাজপেয়ী) যেতিয়াই বিদেশ ভ্ৰমণলৈ গৈছিল মোক লগত ওলাবলৈ কৈছিল। মই কেইবাবাৰো গৈছিলো আৰু যেতিয়া মোৰ বেলেগ কাৰ্যসূচী আচিল তেওঁক যাব নোৱৰাৰ কথা জনাই দিছিলো। কিন্তু এতিয়াৰ প্ৰধান মন্ত্ৰীয়ে বিদেশ ভ্ৰমণৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক লগত যাবলৈ কোৱা মোৰ এবাৰো মনত নাই”।

কেৱল ইমানেই নহয় বৰ্তমান নৰেন্দ্ৰ মোদী চৰকাৰখনে নিৰ্বাচন আয়োগ, ৰিজাৰ্ভ বেংক, চি বি আই আদি সকলোতে হস্তক্ষেপ কৰাৰ কথাও সিনহাই নিজৰ ভাষণত উল্লেখ কৰে।

যোৱা বছৰ বিজেপিৰ পৰা ওলাই অহা যশৱন্ত সিনহাই ২০১৪-অৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁ দলটোৰ নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ সদস্য হিচাপে থকাৰ উপৰি দলটোৰ হৈ প্ৰচাৰো চলাইছিল।

কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ মোদীৰ ওপৰত থকা আস্থা, প্ৰত্যাশা সকলো শেষ হৈ আহি ক্ষোভ আৰু হতাশাত পৰিণত হয়। মোদী নেতৃত্বাধীন চৰকাৰখনৰ নীতি বহিৰ্ভূত আৰু অগণতান্ত্ৰিক কামকাজত অতিষ্ঠ হৈ তেওঁ দলত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd