সংসদত দাখিল কৰা এক চৰকাৰী পৰিসংখ্যাই গুজৰাট চৰকাৰৰ উন্নয়নৰ দাবীৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। ৰাজ্যখনক পুষ্টিহীনতা মুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত শিশু আৰু মাতৃৰ স্বাস্থ্যৰ এক শোচনীয় ছবিহে প্ৰতিফলিত হৈছে।
চৰকাৰী তথ্য অনুসৰি, বৰ্তমান গুজৰাটত পাঁচ বছৰৰ অনুৰ্ধৰ প্ৰায় ৩.২১ লাখ শিশু পুষ্টিহীনতাত ভুগি আছে।
বিশেষজ্ঞসকলৰ মতে, এই শিশুসকলৰ এটা বৃহৎ অংশৰ শাৰীৰিক আৰু মানসিক বিকাশ ইতিমধ্যে গুৰুতৰভাৱে ব্যাহত হৈছে, যাৰ নেতিবাচক প্ৰভাৱ তেওঁলোকে গোটেই জীৱন বহন কৰিবলগীয়া হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত পৰ্যাপ্ত পুষ্টিৰ অভাৱে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে বুদ্ধিবৃত্তিক বিকাশত স্থায়ী ক্ষতিৰ সৃষ্টি কৰে, যিয়ে দীৰ্ঘম্যাদী সময়ত শিক্ষা আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাই দেশৰ সামগ্ৰিক সামাজিক আৰু অৰ্থনৈতিক গাথঁনিক দুৰ্বল কৰি তোলে।
এই পুষ্টিহীনতাৰ সমস্যা আটাইতকৈ বেছি ভয়াৱহ হৈ পৰিছে গুজৰাটৰ আদিবাসী অধ্যুষিত অঞ্চলসমূহত। বহু আদিবাসী গাঁৱত আজিও শিশু আৰু মাতৃৰ স্বাস্থ্য সেৱাৰ কোনো ন্যূনতম সুবিধা উপলব্ধ নহয়।
ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰশাসনিক দক্ষতাৰ যি ছবি চৰকাৰে প্ৰচাৰ কৰে, সংসদত প্ৰকাশিত তথ্যই সেই দাবীৰ মাজত এক স্পষ্ট বৈপৰীত্য সৃষ্টি কৰিছে।
বিশেষজ্ঞসকলৰ মতে, উন্নয়নৰ শ্লোগানসমূহ বাস্তৱত আদিবাসী মহিলা আৰু শিশুসকলৰ জীৱনলৈ নামি অহা নাই। উল্লেখ্য যে গুজৰাটত মাতৃ আৰু শিশুৰ পুষ্টি নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জননী সুৰক্ষা যোজনা, কস্তুৰবা পোষণ সহায় যোজনা, প্ৰধানমন্ত্ৰী মাতৃ সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু পুষ্টিহীনতা মুক্ত গুজৰাট অভিযানৰ দৰে বহুকেইটা আঁচনি কাৰ্যকৰী হৈ আছে।
এই আঁচনিসমূহৰ মূল লক্ষ্য আছিল গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ পুষ্টি, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু শিশুৰ সুষম আহাৰ নিশ্চিত কৰা। কিন্তু তৃণমূল পৰ্যায়ৰ বাস্তৱতা এয়ে যে বহু ঠাইত অংগনৱাড়ী কেন্দ্ৰসমূহ পৰিকাঠামো আৰু জনবলৰ অভাৱত জুৰুলা হৈ পৰিছে। বিশেষকৈ দুৰ্গম আদিবাসী অঞ্চলসমূহত পুষ্টিকৰ খাদ্যৰ যোগান অনিয়মিত হোৱাৰ লগতে চৰকাৰী নিৰীক্ষণ ব্যবস্থাও অত্যন্ত দুৰ্বল।
পৰ্যাপ্ত অৰ্থ আৱণ্টন থকা সত্ত্বেও আঁচনিসমূহৰ ৰূপায়ণ ব্যৱস্থা কেন্দ্ৰীয় আৰু তৃণমূল পৰ্যায়ত ভাগি পৰাৰ ফলত আদিবাসী মহিলা আৰু শিশুসকল ক্ৰমান্বয়ে অধিক প্ৰান্তীয় হৈ পৰিছে। বিৰোধী দলসমূহে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে যে বছৰৰ পিছত বছৰ ধৰি বিপুল অৰ্থ ব্যয় কৰাৰ পাছতো পুষ্টিহীনতাৰ সূচকাংকত কিয় কোনো আশাপ্ৰদ পৰিৱৰ্তন দেখা পোৱা যোৱা নাই।
গুজৰাট কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোশীয়ে অভিযোগ কৰিছে যে জনকল্যাণমূলক আঁচনিসমূহ হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ আগতেই দুৰ্নীতিৰ কবলত পৰিছে। তেওঁৰ মতে, সমাজত মাতৃসকলৰ পুষ্টিৰ প্ৰয়োজনীয়তাক দীৰ্ঘদিন ধৰি অৱহেলা কৰাৰ বাবেই শিশুসকলো পুষ্টিহীনতাৰ বলি হৈছে।
আনহাতে, আদিবাসী মহিলাসকলৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱে পৰিস্থিতিক অধিক উদ্বেগজনক কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে, গুজৰাটৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৭৮ শতাংশ আদিবাসী মহিলাই এনিমিয়াত আক্ৰান্ত।
চিকিৎসসকলৰ মতে, ৰক্তহীনতাই মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে গৰ্ভাৱস্থাত ঝুঁকি বঢ়ায় আৰু কম ওজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, যাৰ ফলত পুষ্টিহীনতাৰ এই চক্ৰটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থাকে। চৰকাৰী নথিপত্ৰত ‘এনিমিয়া মুক্ত ভাৰত’ বা নিউট্ৰিচন ৰিহ্যাবিলিটেশ্যন প্ৰগ্ৰেমৰ দৰে কাৰ্যসূচী সক্ৰিয় বুলি দেখুওৱা হ’লেও আদিবাসী অঞ্চলৰ স্বাস্থ্য সেৱাৰ শোচনীয় অৱস্থাই এই আঁচনিসমূহৰ কাৰ্যকাৰিতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে কেৱল আন্তঃগাঁথনিৰ উন্নয়ন বা অৰ্থনৈতিক বিকাশৰ পৰিসংখ্যাৰে উন্নয়নৰ জোখ-মাপ কৰিব নোৱাৰি; সমাজৰ সৰ্ববৃহৎ অংশ যদি মৌলিক পুষ্টি আৰু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থাকে, তেন্তে উন্নয়নৰ শ্লোগান অৰ্থহীন হৈ পৰে। স্বচ্ছ প্ৰশাসন আৰু দায়বদ্ধতা অবিহনে গুজৰাটত পুষ্টিহীনতাৰ এই সমস্যা সমাধান কৰা সম্ভৱ নহ’ব।





