• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ গৃহৰাজ্য গুজৰাটত মাতৃ আৰু শিশুৰ পুষ্টিহীনতাৰ ভয়াৱহ ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 9:30 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত দাখিল কৰা এক চৰকাৰী পৰিসংখ্যাই গুজৰাট চৰকাৰৰ উন্নয়নৰ দাবীৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। ৰাজ্যখনক পুষ্টিহীনতা মুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত শিশু আৰু মাতৃৰ স্বাস্থ্যৰ এক শোচনীয় ছবিহে প্ৰতিফলিত হৈছে।

চৰকাৰী তথ্য অনুসৰি, বৰ্তমান গুজৰাটত পাঁচ বছৰৰ অনুৰ্ধৰ প্ৰায় ৩.২১ লাখ শিশু পুষ্টিহীনতাত ভুগি আছে।

Apply Now

বিশেষজ্ঞসকলৰ মতে, এই শিশুসকলৰ এটা বৃহৎ অংশৰ শাৰীৰিক আৰু মানসিক বিকাশ ইতিমধ্যে গুৰুতৰভাৱে ব্যাহত হৈছে, যাৰ নেতিবাচক প্ৰভাৱ তেওঁলোকে গোটেই জীৱন বহন কৰিবলগীয়া হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত পৰ্যাপ্ত পুষ্টিৰ অভাৱে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে বুদ্ধিবৃত্তিক বিকাশত স্থায়ী ক্ষতিৰ সৃষ্টি কৰে, যিয়ে দীৰ্ঘম্যাদী সময়ত শিক্ষা আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাই দেশৰ সামগ্ৰিক সামাজিক আৰু অৰ্থনৈতিক গাথঁনিক দুৰ্বল কৰি তোলে।

এই পুষ্টিহীনতাৰ সমস্যা আটাইতকৈ বেছি ভয়াৱহ হৈ পৰিছে গুজৰাটৰ আদিবাসী অধ্যুষিত অঞ্চলসমূহত। বহু আদিবাসী গাঁৱত আজিও শিশু আৰু মাতৃৰ স্বাস্থ্য সেৱাৰ কোনো ন্যূনতম সুবিধা উপলব্ধ নহয়।

ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰশাসনিক দক্ষতাৰ যি ছবি চৰকাৰে প্ৰচাৰ কৰে, সংসদত প্ৰকাশিত তথ্যই সেই দাবীৰ মাজত এক স্পষ্ট বৈপৰীত্য সৃষ্টি কৰিছে।

বিশেষজ্ঞসকলৰ মতে, উন্নয়নৰ শ্লোগানসমূহ বাস্তৱত আদিবাসী মহিলা আৰু শিশুসকলৰ জীৱনলৈ নামি অহা নাই। উল্লেখ্য যে গুজৰাটত মাতৃ আৰু শিশুৰ পুষ্টি নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জননী সুৰক্ষা যোজনা, কস্তুৰবা পোষণ সহায় যোজনা, প্ৰধানমন্ত্ৰী মাতৃ সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু পুষ্টিহীনতা মুক্ত গুজৰাট অভিযানৰ দৰে বহুকেইটা আঁচনি কাৰ্যকৰী হৈ আছে।

এই আঁচনিসমূহৰ মূল লক্ষ্য আছিল গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ পুষ্টি, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু শিশুৰ সুষম আহাৰ নিশ্চিত কৰা। কিন্তু তৃণমূল পৰ্যায়ৰ বাস্তৱতা এয়ে যে বহু ঠাইত অংগনৱাড়ী কেন্দ্ৰসমূহ পৰিকাঠামো আৰু জনবলৰ অভাৱত জুৰুলা হৈ পৰিছে। বিশেষকৈ দুৰ্গম আদিবাসী অঞ্চলসমূহত পুষ্টিকৰ খাদ্যৰ যোগান অনিয়মিত হোৱাৰ লগতে চৰকাৰী নিৰীক্ষণ ব্যবস্থাও অত্যন্ত দুৰ্বল।

পৰ্যাপ্ত অৰ্থ আৱণ্টন থকা সত্ত্বেও আঁচনিসমূহৰ ৰূপায়ণ ব্যৱস্থা কেন্দ্ৰীয় আৰু তৃণমূল পৰ্যায়ত ভাগি পৰাৰ ফলত আদিবাসী মহিলা আৰু শিশুসকল ক্ৰমান্বয়ে অধিক প্ৰান্তীয় হৈ পৰিছে। বিৰোধী দলসমূহে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে যে বছৰৰ পিছত বছৰ ধৰি বিপুল অৰ্থ ব্যয় কৰাৰ পাছতো পুষ্টিহীনতাৰ সূচকাংকত কিয় কোনো আশাপ্ৰদ পৰিৱৰ্তন দেখা পোৱা যোৱা নাই।

গুজৰাট কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোশীয়ে অভিযোগ কৰিছে যে জনকল্যাণমূলক আঁচনিসমূহ হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ আগতেই দুৰ্নীতিৰ কবলত পৰিছে। তেওঁৰ মতে, সমাজত মাতৃসকলৰ পুষ্টিৰ প্ৰয়োজনীয়তাক দীৰ্ঘদিন ধৰি অৱহেলা কৰাৰ বাবেই শিশুসকলো পুষ্টিহীনতাৰ বলি হৈছে।

আনহাতে, আদিবাসী মহিলাসকলৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱে পৰিস্থিতিক অধিক উদ্বেগজনক কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে, গুজৰাটৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৭৮ শতাংশ আদিবাসী মহিলাই এনিমিয়াত আক্ৰান্ত।

চিকিৎসসকলৰ মতে, ৰক্তহীনতাই মাতৃৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে গৰ্ভাৱস্থাত ঝুঁকি বঢ়ায় আৰু কম ওজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, যাৰ ফলত পুষ্টিহীনতাৰ এই চক্ৰটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থাকে। চৰকাৰী নথিপত্ৰত ‘এনিমিয়া মুক্ত ভাৰত’ বা নিউট্ৰিচন ৰিহ্যাবিলিটেশ্যন প্ৰগ্ৰেমৰ দৰে কাৰ্যসূচী সক্ৰিয় বুলি দেখুওৱা হ’লেও আদিবাসী অঞ্চলৰ স্বাস্থ্য সেৱাৰ শোচনীয় অৱস্থাই এই আঁচনিসমূহৰ কাৰ্যকাৰিতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে কেৱল আন্তঃগাঁথনিৰ উন্নয়ন বা অৰ্থনৈতিক বিকাশৰ পৰিসংখ্যাৰে উন্নয়নৰ জোখ-মাপ কৰিব নোৱাৰি; সমাজৰ সৰ্ববৃহৎ অংশ যদি মৌলিক পুষ্টি আৰু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থাকে, তেন্তে উন্নয়নৰ শ্লোগান অৰ্থহীন হৈ পৰে। স্বচ্ছ প্ৰশাসন আৰু দায়বদ্ধতা অবিহনে গুজৰাটত পুষ্টিহীনতাৰ এই সমস্যা সমাধান কৰা সম্ভৱ নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd