• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

প্ৰথম মেচত জয়েৰে এদিনীয়া ৰেংকিঙৰো শীৰ্ষাৰোহণ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 11:12 pm
India vs Australia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অদমনীয় অলৰাউণ্ড প্ৰদৰ্শনেৰে ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াৰ বিপক্ষে তিনিখনীয়া এদিনীয়া শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে। প্ৰথমে মহম্মদ ছামিৰ দৰ্শনীয় বলিং আৰু পিছত দলৰ চাৰিগৰাকীকৈ বেটাৰৰ অৰ্ধশতকীয় ইনিংছেৰে ভাৰতে অষ্ট্ৰেলিয়াক পাঁচ উইকেটত সহজে পৰাস্ত কৰে।

আগন্তুক বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতি হিচাপে ঘৰুৱা এই শৃংখলাটোত পূৰ্ব ঘোষিত হিচাপে আজি দলত নাছিল কোহলী, ৰোহিত, পাণ্ডিয়া, কুলদীপৰ দৰে তাৰকা। অৱশ্যে কে এল ৰাহুলৰ নেতৃত্বত ভাৰতে সহজেই ভ্ৰমণকাৰী দলটোক পৰাস্ত কৰে।

Apply Now

ম’হালীৰ বেটিং সহায়ক উইকেটত টছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰাহুলে অষ্ট্ৰেলিয়াক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভ্ৰমনকাৰী দলটোৰ আৰম্ভণি আছিল নিৰাশাজনক। ইনিংছৰ প্ৰথমটো অভাৰৰ চতুৰ্থটো বলতে ছামিয়ে বিদায় দিয়ে অপেনাৰ মাৰ্ছক (৪)।

ইয়াৰ পিছত দুই পেচাৰ ছামি আৰু বুমৰাহে একেৰাহে তিনিটা অভাৰ মেইডেন দিয়ে ক্ৰীজত থকা দুই বেটাৰ ৱাৰ্নাৰ আৰু স্মিথক। অৱশ্যে পিছ মুহূৰ্ততে দুয়ো বেটাৰে পট পৰিৱৰ্তন কৰে আৰু ভাৰতীয় বলিং লাইন আপক প্ৰতিআক্ৰমণ কৰে।

দুয়ো দ্বিতীয় উইকেটত ৮৮ ৰানৰ এক দৰ্শনীয় যুটী বান্ধে। ব্যক্তিগত ১৪ ৰানত শ্ৰেয়স আয়াৰে এক সহজ কেচ ড্ৰপ কৰাৰ ফলত জীৱন দান পোৱা ৱাৰ্ণাৰক (৫২) বিদায় দিয়ে জাদেজাই। ইয়াৰ কিছুসময় পিছতে স্মিথো (৪০) ছামিৰ চিকাৰ হয়।

চতুৰ্থ উইকেটত লাবুশ্বেন (৩৯) আৰু কেমেৰুণ গ্ৰীণে (৩১) ৪৫ ৰাণ যোগ দি দলীয় স্ক’ৰ ১৫৭ লৈ আগুৱাই নিয়ে। ১৮৬ ৰাণত দলে ৫ টা উইকেট হেৰুওৱাৰ উইকেটৰক্ষক জ’ছ ইঙ্গলিশ আৰু ষ্ট’ইনিচে আক্ৰমণাত্মক শৈলীৰে ষষ্ঠ উইকেটত ৬২ ৰাণৰ যুটী বান্ধে।

ইঙ্গলিশে ৪৫ আৰু ষ্ট’ইনিচে ২৯ ৰাণৰ মূল্যৱান বৰঙণি আগবঢ়ায়। শেষলৈ অধিনায়ক কামিনছে আক্ৰমণাত্মক বেটিঙেৰে ৯ বলত ২১ ৰাণ সংগ্ৰহেৰে অপৰাজিত হৈ ৰয়। প্ৰাথমিক বিপৰ্যয় নেওচি দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটত ২৭৬ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ ছামিয়ে ৫১ ৰাণত পাঁচটা উইকেট হস্তগত কৰাৰ বিপৰীতে বুমৰাহ, অশ্বিন আৰু জাদেজাই এটাকৈ উইকেট লাভ কৰে। আনহাতে বিফল হয় আনগৰাকী বলাৰ শাৰ্দুল ঠাকুৰ। নিজ স্পেলত শাৰ্দুলে ৭৮ ৰান খৰচ কৰে।

ইফালে জয়ৰ বাবে ২৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে দুই অপেনাৰ গীল আৰু ৰুতুৰাজৰ দ্বাৰা লাভ কৰে এক দৃঢ় আৰম্ভণি। দুয়ো প্ৰথম উইকেটত ২১.৪ অভাৰত ১৪২ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত ৭১ ৰাণ সংগ্ৰহ কৰি ৰুতুৰাজ আউট হয়।

ৰুতুৰাজৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা আয়াৰে (৩) ৰাণত দুৰ্ভাগ্যৱশত: ৰাণ আউট হৈ নিজৰ উইকেটত হেৰুওৱায়। ১৫১ ৰাণৰ দলীয় স্ক’ৰতে গীলকো বিদায় দিয়ে অষ্ট্ৰেলিয়ান লেগ স্পিনাৰ আডাম জাম্পাই। এদিনীয়াত নিজৰ চমকপ্ৰদ ফৰ্ম অটুট ৰাখি গীলে সৰ্বাধিক ৭৪ ৰাণৰ অৱদান আগবঢ়ায়।

ব্যৰ্থ হয় ঈষাণ কিষাণ (১৮)। অৱশ্যে পঞ্চম উইকেটত অধিনায়ক ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱে ৮০ ৰাণৰ যুটী বান্ধি দলক প্ৰায় জয়ৰ দুৱাৰডলিত উপনীত কৰায়। এদিনীয়া ফৰ্মেটত বিশেষ সফলতাৰ মুখ নেদেখা যাদৱে অৱশ্যে আজি সুযোগৰ সদব্যৱহাৰ কৰি ৫০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে।

ইয়াৰ পিছত আৰু কোনো হানি নঘটাকৈ দলক জয়ৰ সোৱাদ দিয়ে অধিনায়ক ৰাহুলে। ব্যক্তিগত ৫৮ ৰাণত ৰাহুল অপৰাজিত থকাৰ বিপৰীতে আনটো মূৰত জাদেজাই ৩ ৰাণত অপৰাজিত থাকে। অষ্ট্ৰেলিয়াৰ হৈ জাম্পাই দুটা আৰু কামিনচ, এব’টে এটাকৈ উইকেট দখল কৰে।

চমকপ্ৰদ বলিঙেৰে অষ্ট্ৰেলিয়াৰ শক্তিশালী বেটিং লাইন আপক ৩০০ ৰাণৰ তলতে বান্ধি ৰখাত মূখ্য ভূভিকা লোৱা ছামি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। লক্ষনীয়ভাৱে ম’হালীত ১৯৯৬ চনৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত ভাৰতৰ এয়া আছিল প্ৰথমটো জয়। আজিৰ জয়েৰে ভাৰতে ম’হালীত অষ্ট্ৰেলিয়াৰ বিপক্ষে এদিনীয়াৰ ৰেক’ৰ্ড ২-৪ লৈ হ্ৰাস কৰে।

উল্লেখ্য যে, আজিৰ মেচখনত জয়ৰ লগে লগে ভাৰতে পাকিস্তানক পিছলৈ ঠেলি এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থানলৈ আৰোহণ কৰে। ইতিপূৰ্বে ক্ৰিকেটৰ আন দুটা ফৰ্মেট টেষ্ট আৰু টি-২০ ৰেংকিঙৰো শীৰ্ষস্থানত আছিল ভাৰতীয় দল।

অৰ্থাৎ এতিয়া ২২ গজৰ এই তিনিওটা ফৰ্মেটৰে শীৰ্ষস্থানৰ দল ৰূপে পৰিগণিত হ’ল ভাৰত। ভাৰতৰ এই সাফল্যৰ ধাৰা ঘৰুৱা ভূমিতে হ’বলগীয়া আগন্তুক ক্ৰিকেট বিশ্বকাপতো অব্যাহত থাকে নে, সেয়াহে হ’ব লক্ষনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd