নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত দেখা পোৱা গৈছে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ চাইকেল ৰেলী, বাইক ৰেলী, পদযাত্ৰাৰ পৰা যোগদান সভালৈকে সকলোতে চলিছে নিৰ্বাচনী প্ৰচাৰ-প্ৰসাৰ৷
পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলো৷বিগত কেইটামান দিনৰ পূৰ্বে কংগ্ৰেছ দলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাৰ নেতৃত্বত নগাঁও সদৰ বিধানসভা সমষ্টিত প্ৰায় পাঁচ হাজাৰোধিক লোকক লগত লৈ বাহিৰ কৰিছিল এক বাইক ৰেলী৷সমান্তৰালভাৱে বিগত কেইদিনত যেন লোকৰ সোঁত বৈছে কংগ্ৰেছ দললৈ৷
বুধবাৰেও পাখিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু দেওধৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত নগাঁও সদৰ সমষ্টিত প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাৰ তৎপৰতাত এক যোগদান সভা অনুষ্ঠিত হয়৷
পাখিমৰীয়া কংগ্ৰেছ কমিটিৰ সভাপতি ৰবিন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত প্ৰায় দুই শতাধিক লোকে অগপ আৰু বিজেপি দলৰ পৰা আহি কংগ্ৰেছ দলত যোগদান কৰে৷
যোগদান সভাতেই বিজেপিক খুৰধাৰ সমালোচনা কৰে প্ৰাক্তন বিধায়ক ডা° দুৰ্লভ চমুৱাই৷ সংবাদ মাধ্যমৰ আগত চমুৱাই মন্তব্য কৰে যে, বিজেপিৰ মিথ্যাচাৰত লোকসকল আজি অতিষ্ঠ হৈছে যাৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ লোকে কংগ্ৰেছ দলত ইতিমধ্যে যোগদান কৰিছে৷
বিজেপিৰ দিনত হোৱা মূল্যবৃদ্ধি, খাজনা বৃদ্ধিৰ পৰা দেশৰ সম্পদ বিক্ৰী কৰা আৰু ‘কা’ৰ দৰে জাতিধ্বংসী বিধেয়ক জাপি দি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ অপচেষ্টাক সমালোচনা কৰে চমুৱাই৷
অনাগত দিনত কংগ্ৰেছ চৰকাৰ আহিলে ৭৫০০ টকাৰ ন্যায় আঁচনি, ১২০ ইউনিট বিনামূলীয়া বিজুলী, কৃষক ঋণ, মাইক্ৰ’ফাইনেঞ্চ ৰেহাই আৰু প্ৰতিঘৰতে এটাকৈ কৰ্ম সংস্থাপন দিয়া হ’ব বুলিও দাবী কৰে চমুৱাই৷
ইয়াৰোপৰি কংগ্ৰেছৰ দিনৰ জনকল্যাণ আঁচনিবোৰ পুনৰ আৰম্ভ কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।