প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণক লৈ চৰ্চাৰ অন্ত নাই। বহুতে জানিব বিচাৰে, প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত আমাৰ দেশৰ কিমান টকা খৰচ হৈছে? এইবাৰ কেন্দ্ৰীয় চৰকাৰে এতিয়া সেই উত্তৰটো দিছে। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যসভাক অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে ২০২৬ তনত এতিয়ালৈ প্ৰায় ৭৪.৫ কোটি টকা খৰচ হৈছে।
দৰাচলতে ৰাজ্যসভাত আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিং আৰু চি পি আই (এম)ৰ সাংসদ ড° ভি শিৱদাসনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে জানিব বিচাৰে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ, বিদেশী বিনিয়োগ আৰু কিমান বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে। তেওঁ ২০২১ চনৰ পৰা নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ব্যয় কৰা ধনৰ সঠিক পৰিমাণৰ তথ্য দাঙি ধৰে। সেই অনুসৰি, এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ৫৫০ কোটি টকাতকৈও অধিক।
উত্তৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে ২০২৫ চনত ১৮০ কোটি টকাতকৈও অধিক, ২০২৪ চনত ১০৯ কোটি টকা, ২০২৩ চনত ৯৩ কোটি টকা, ২০২২ চনত ৫৫ কোটি টকা আৰু ২০২১ চনত ৩৬ কোটি টকা ব্যয় হৈছিল।
আজি চৰকাৰে ২০১৪ চনৰ আগৰ কিছুমান ভ্ৰমণৰ বিষয়েও বিতং তথ্য আগবঢ়াইছে। চৰকাৰে দিয়া তথ্য অনুসৰি ২০১০ চনত আমেৰিকা ভ্ৰমণত ১০.৭৪ কোটি, ২০১৩ চনত ৰাছিয়া ভ্ৰমণত ৯.৯৫ কোটি, ২০১১ চনত ফ্ৰান্স ভ্ৰমণত ৮.৩৩ কোটি আৰু ২০১৩ চনত জাৰ্মান ভ্ৰমণত ৬.০২ কোটি টকা ব্যয় কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছে। অৱশ্যে এই ভ্ৰমণৰ পৰা সঠিকভাৱে কি লাভ হৈছে সেয়াও সোধা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাৰো সেই উত্তৰ দিছে।
মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ বাবে দ্বিপাক্ষিক আৰু আঞ্চলিক সম্পৰ্ক পূৰ্বতকৈ ভাল হৈছে। এই বিদেশ ভ্ৰমণৰ ফলস্বৰূপে ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে ৩৮১.৮ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হৈছে। কেৱল সেয়াই নহয়, এই ভ্ৰমণৰ বাবেই ভাৰতে প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি উদ্ভাৱন, বিনিয়োগ, প্ৰতিৰক্ষা আৰু শক্তিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে বুলিও দাবী কৰা হৈছে।
এটা কথা মনত ৰখা উচিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক লৈ বিৰোধীয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে। ইয়াৰ বাবে কিমান টকা খৰচ হ’ল, কি লাভ হ’ল ইত্যাদি তথ্য বিচাৰি আহিছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে তাৰ উত্তৰ দিছে।





