গৰ্ভপাতৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ নিজৰ ইচ্ছা আৰু সন্মতিয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, এগৰাকী মহিলাই নিজৰ গৰ্ভস্থ সন্তানক জন্ম দিব নে নাই, সেইটো সম্পূৰ্ণৰূপে তেওঁৰ নিজৰ সিদ্ধান্ত। এই প্ৰক্ৰিয়াত স্বামীৰ সন্মতি থকাটো বাধ্যতামূলক নহয়। ২১ বছৰীয়া এগৰাকী যুৱতীৰ আবেদনৰ ভিত্তিত আদালতে এই ৰায় প্ৰদান কৰে। যোৱা ২ মে’ত বিবাহপাশত আবদ্ধ হোৱা এই যুৱতীগৰাকী বিয়াৰ কিছুদিনৰ পিছতে গৰ্ভৱতী হৈছিল যদিও বৈবাহিক বিবাদৰ বাবে তেওঁ এই গৰ্ভধাৰণ আগবঢ়াই নিবলৈ অমান্তি হয়।
পৰিয়ালৰ মাজত চলি থকা অশান্তি আৰু বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াৰ বাবে যুৱতীগৰাকীয়ে গৰ্ভপাত কৰাৰ সিদ্ধান্ত লৈছিল যদিও তেওঁৰ স্বামীয়ে এই কথাত সন্মতি দিয়া নাছিল। স্বামীৰ বাধাৰ বাবেই যুৱতীগৰাকীয়ে ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। বিষয়টোৰ গুৰুত্ব বুজি আদালতে লগে লগে এখন মেডিকেল ব’ৰ্ড গঠন কৰি যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। এই পৰীক্ষাৰ মূল উদ্দেশ্য আছিল গৰ্ভপাত কৰিলে যুৱতীগৰাকীৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিব পাৰে নেকি সেয়া নিশ্চিত কৰা।
মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত কোৱা হৈছে যে যুৱতীগৰাকীৰ গৰ্ভত থকা ভ্ৰুণটো ১৬ সপ্তাহৰ আৰু ইয়াৰ কোনো শাৰীৰিক বিসংগতি নাই। অৱশ্যে পাৰিবাৰিক বিবাদৰ বাবে যুৱতীগৰাকী যোৱা ৬ মাহ ধৰি তীব্ৰ মানসিক চাপ, উদ্বেগ আৰু হতাশাত ভুগি আছে। তেওঁৰ মানসিক অৱস্থা যথেষ্ট ভংগুৰ হৈ পৰিছে আৰু ইয়াৰ বাবে তেওঁক চিকিৎসাৰ প্ৰয়োজন। কিন্তু এই মানসিক সমস্যা থাকিলেও গৰ্ভপাত কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো ধৰণৰ শাৰীৰিক বাধা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিয়ে।
ন্যায়াধীশ সুবীৰ ছেহগালৰ বিচাৰপীঠে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি কয় যে ১৯৭১ চনৰ গৰ্ভপাত আইন অনুসৰি গৰ্ভপাতৰ বাবে স্বামীৰ সন্মতি লোৱাৰ কোনো আইনী প্ৰয়োজনীয়তা নাই। এই আইনত স্বামীৰ অনুমতিৰ কথা কতো উল্লেখ কৰা হোৱা নাই। গতিকে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই নিজৰ শৰীৰ আৰু ভৱিষ্যতৰ ওপৰত সিদ্ধান্ত ল’বলৈ সম্পূৰ্ণ স্বতন্ত্ৰ। এই গোচৰটোত স্বামীৰ সন্মতি বিচাৰি থকাটো অৰ্থহীন বুলি অভিহিত কৰি আদালতে যুৱতীগৰাকীক গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে।
সাধাৰণতে আমাৰ সমাজত গৰ্ভপাতৰ দৰে বিষয়ত পৰিয়ালৰ পুৰুষজনৰ মতামতক বিশেষ গুৰুত্ব দিয়া হয়। বহু সময়ত পাকঘৰৰ লাগতিয়াল বস্তু কিনিবলৈ যোৱাৰ দৰে সৰু সুৰা সিদ্ধান্ততো মহিলাসকলে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ে স্পষ্ট কৰি দিলে যে এগৰাকী মহিলাৰ মাতৃত্বৰ অধিকাৰ বা অনিচ্ছাৰ অধিকাৰ কেৱল তেওঁৰ নিজৰ হাততহে থাকে। এই ৰায়ে মহিলাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক অধিক শক্তিশালী কৰিছে।





