• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামীৰ অনুমতি অবিহনেও গৰ্ভপাত কৰিব পাৰিব পত্নীয়ে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 8:55 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰ্ভপাতৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ নিজৰ ইচ্ছা আৰু সন্মতিয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, এগৰাকী মহিলাই নিজৰ গৰ্ভস্থ সন্তানক জন্ম দিব নে নাই, সেইটো সম্পূৰ্ণৰূপে তেওঁৰ নিজৰ সিদ্ধান্ত। এই প্ৰক্ৰিয়াত স্বামীৰ সন্মতি থকাটো বাধ্যতামূলক নহয়। ২১ বছৰীয়া এগৰাকী যুৱতীৰ আবেদনৰ ভিত্তিত আদালতে এই ৰায় প্ৰদান কৰে। যোৱা ২ মে’ত বিবাহপাশত আবদ্ধ হোৱা এই যুৱতীগৰাকী বিয়াৰ কিছুদিনৰ পিছতে গৰ্ভৱতী হৈছিল যদিও বৈবাহিক বিবাদৰ বাবে তেওঁ এই গৰ্ভধাৰণ আগবঢ়াই নিবলৈ অমান্তি হয়।

পৰিয়ালৰ মাজত চলি থকা অশান্তি আৰু বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াৰ বাবে যুৱতীগৰাকীয়ে গৰ্ভপাত কৰাৰ সিদ্ধান্ত লৈছিল যদিও তেওঁৰ স্বামীয়ে এই কথাত সন্মতি দিয়া নাছিল। স্বামীৰ বাধাৰ বাবেই যুৱতীগৰাকীয়ে ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। বিষয়টোৰ গুৰুত্ব বুজি আদালতে লগে লগে এখন মেডিকেল ব’ৰ্ড গঠন কৰি যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। এই পৰীক্ষাৰ মূল উদ্দেশ্য আছিল গৰ্ভপাত কৰিলে যুৱতীগৰাকীৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিব পাৰে নেকি সেয়া নিশ্চিত কৰা।

Apply Now

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত কোৱা হৈছে যে যুৱতীগৰাকীৰ গৰ্ভত থকা ভ্ৰুণটো ১৬ সপ্তাহৰ আৰু ইয়াৰ কোনো শাৰীৰিক বিসংগতি নাই। অৱশ্যে পাৰিবাৰিক বিবাদৰ বাবে যুৱতীগৰাকী যোৱা ৬ মাহ ধৰি তীব্ৰ মানসিক চাপ, উদ্বেগ আৰু হতাশাত ভুগি আছে। তেওঁৰ মানসিক অৱস্থা যথেষ্ট ভংগুৰ হৈ পৰিছে আৰু ইয়াৰ বাবে তেওঁক চিকিৎসাৰ প্ৰয়োজন। কিন্তু এই মানসিক সমস্যা থাকিলেও গৰ্ভপাত কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো ধৰণৰ শাৰীৰিক বাধা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিয়ে।

ন্যায়াধীশ সুবীৰ ছেহগালৰ বিচাৰপীঠে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি কয় যে ১৯৭১ চনৰ গৰ্ভপাত আইন অনুসৰি গৰ্ভপাতৰ বাবে স্বামীৰ সন্মতি লোৱাৰ কোনো আইনী প্ৰয়োজনীয়তা নাই। এই আইনত স্বামীৰ অনুমতিৰ কথা কতো উল্লেখ কৰা হোৱা নাই। গতিকে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই নিজৰ শৰীৰ আৰু ভৱিষ্যতৰ ওপৰত সিদ্ধান্ত ল’বলৈ সম্পূৰ্ণ স্বতন্ত্ৰ। এই গোচৰটোত স্বামীৰ সন্মতি বিচাৰি থকাটো অৰ্থহীন বুলি অভিহিত কৰি আদালতে যুৱতীগৰাকীক গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে।

সাধাৰণতে আমাৰ সমাজত গৰ্ভপাতৰ দৰে বিষয়ত পৰিয়ালৰ পুৰুষজনৰ মতামতক বিশেষ গুৰুত্ব দিয়া হয়। বহু সময়ত পাকঘৰৰ লাগতিয়াল বস্তু কিনিবলৈ যোৱাৰ দৰে সৰু সুৰা সিদ্ধান্ততো মহিলাসকলে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ে স্পষ্ট কৰি দিলে যে এগৰাকী মহিলাৰ মাতৃত্বৰ অধিকাৰ বা অনিচ্ছাৰ অধিকাৰ কেৱল তেওঁৰ নিজৰ হাততহে থাকে। এই ৰায়ে মহিলাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক অধিক শক্তিশালী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd