• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সেউজীয়া শ্ৰদ্ধাঞ্জলিৰ ঢৌ! অসমজুৰি জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2025 9:13 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতৰ মহানায়ক, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ। “য’ত নাহৰ থাকিব, তাতেই জুবিন থাকিব” – এই কথা তেওঁ বিভিন্ন অনুষ্ঠানত কৈছিল। তেওঁৰ এই প্ৰকৃতি প্ৰেমক স্মৰণ কৰি এতিয়া অসমজুৰি নাহৰ গছ ৰোপণৰ এক বিশাল অভিযান আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ সেউজীয়া ছাঁয়াত জুবিনৰ স্মৃতিক জীৱন্ত কৰি ৰখাৰ প্ৰচেষ্টা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যতে।

নাহৰৰ দেশ হিচাপে বিখ্যাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শুকুৰবাৰে চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত ১০০টা নাহৰ গছপুলি ৰোপণ কৰা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু কয়, “জুবিন গাৰ্গে নাহৰ ভাল পাইছিল। তেওঁৰ নামত উচৰ্গা কৰি এই নাহৰ পুলি ৰোপণ কৰি আমি প্ৰকৃতি ৰক্ষাৰ যাত্ৰা অব্যাহত ৰাখিব বিচাৰোঁ।” বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু মৌজাদাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। পদ্মধৰ দত্তই কয়, “বিগত ১৫ বছৰে পৃথিৱী সেউজ কৰাৰ চেষ্টাত লাগি আছো। জুবিনৰ স্মৃতিত এই ১০০টা পুলি ৰোপণ কৰি আনন্দিত।”

Apply Now

ৰাজধানী গুৱাহাটীতো জুবিনৰ স্মৃতিত নাহৰ গছ ৰোপণৰ ঢৌ উঠিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত ২০০টা নাহৰ পুলি ৰোপণ কৰা হৈছ। সংগঠনৰ সম্পাদক অৰ্ণৱ শৰ্মাই কয়, “জুবিনৰ গানে আমাক প্ৰকৃতিৰ প্ৰতি সচেতন কৰিছিল। এই ৰোপণ অভিযানে তেওঁৰ সপোনক জীৱন্ত কৰিব।” গুৱাহাটীৰ অন্যান্য স্কুল-কলেজতো ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি ৫০০ৰো অধিক পুলি ৰোপণ কৰিছে।

উজনি অসমৰ যোৰহাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত ১৫০টাকৈ নাহৰ গছ পুলি ৰোপণ কৰা হৈছে স্থানীয় পৰিৱেশ সংগঠনৰ দ্বাৰা। সংগঠনৰ সভাপতি ৰীনা বৰাই কয়, “জুবিনে নাহৰক লৈ গান গাইছিল, সেয়ে এই গছসমূহে তেওঁৰ সুৰক জীপাল কৰি ৰাখিব।” তেজপুৰত তেজপুৰ বিশ্ববিদ্যালয়তো নাহৰ পুলি ৰোপণ কৰা হৈছে।

ইফালে  নমনি অসমৰ শিলচৰত বৰাক উপত্যকাতো স্থানীয় সাংস্কৃতিক সংগঠনৰ উদ্যোগত নাহৰ পুলি ৰোপণ কৰা হৈছে। সংগঠনৰ সদস্য মিনাক্ষী দাসে কয়, “জুবিনৰ মৃত্যুৱে আমাক শোকাহত কৰিছে, কিন্তু এই ৰোপণে তেওঁক জীৱন্ত ৰাখিব।” নগাঁৱত কলিয়াবৰ আউনীআটী সত্ৰত ইতিমধ্যে নাহৰ পুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে জুবিনক উচৰ্গা কৰা হৈছে সদৰী কৰিছে।

উত্তৰ লক্ষ্মীপুৰতো মৰাণ ক্ৰীড়া প্ৰকল্পৰ চৌহদত নাহৰ পুলি ৰোপণ কৰা হৈছে। স্থানীয় মৌজাদাৰসকলে কয় যে এই অভিযানে পৰিৱেশ ৰক্ষাৰ লগতে জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিব। মৰাণতো নাহৰ পুলি ৰোপণ কৰি জুবিনৰ আাদৰ্শক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd