• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় পুষ্টি মাহৰ উদ্বোধনী অনুষ্ঠান

Nenow পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 11, 2020 6:15 pm

2 min read

National Nutrition Month inaugurated in Sivasagar
261
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনত তৃতীয় বাৰ্ষিক পুষ্টি মাহৰ শুভ উদ্বোধন কৰে।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ক’ভিড-১৯ সংক্ৰান্তীয় সম্পূৰ্ণ স্বাস্থ্য বিধি পালন কৰি আয়োজন কৰা এই অনুষ্ঠানত উপায়ুক্ত গগৈয়ে প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি কয় যে, শিশুসকলৰ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰিব লাগিব।

তেওঁ সংশ্লিষ্ট সকলোকে ক’ভিড-১৯ ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সম্ভাব্য গণ-সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সমূহ পালন কৰি ৰাষ্ট্ৰীয় পুষ্টি মাহৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰি জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ আহ্বান জনায়।

তেওঁ ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ব্যাপক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই প্ৰসূতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ মুখ্য কাৰক ৰক্তহীনতা তথা পুষ্টিহীনতা বুলি উল্লেখ কৰে।

তেওঁ মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আহ্বান জনায়।

সুষম আহাৰৰ বিষয়ে পৰিয়াল আৰু সমাজ সচেতন হোৱাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ সন্দিকৈয়ে কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে এক চমু আভাস দাঙি ধৰে।

তেওঁ অংগনৱাদী কেন্দ্র সমূহত পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰাৰ বিষয়ে ৪০ গৰাকী অংগনৱাদী কৰ্মী-সহায়িকাক অহা ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে।

জিলা সমাজ কল্যান বিষয়া দীপালি দেৱীয়ে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে পালন কৰিবলগীয়া কাৰ্যসূচী সমূহৰ বিষয়ে এক চমু অৱলোকন দাঙি ধৰে।

এই অনুষ্ঠানত সহযোগী বিভাগ সমূহৰ লগত ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এক সমকেন্দ্ৰিক সভাও অনুষ্ঠিত হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd