১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ সমগ্ৰ দেশত বলৱৎ হোৱা জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত যি এক গভীৰ সাঁচ বহুৱাই গৈছিল, প্ৰায় পঞ্চাশ বছৰৰ পাছত সেই অধ্যায়টোৱে এতিয়া আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ পাঠ্যক্ৰমত স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰথমবাৰৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি ‘আণ্ডাৰষ্টেণ্ডিং ছ‘চাইটী: ইণ্ডিয়া এণ্ড বিয়ণ্ড‘ত এই বিষয়টো সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে ইয়াক গণতন্ত্ৰৰ সন্মুখত থকা এক বৃহৎ প্ৰত্যাহ্বান হিচাপে অভিহিত কৰিছে।
নতুন পাঠ্যপুথিখনত সন্নিৱিষ্ট তথ্য অনুসৰি, ১৯৭০ৰ দশকৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু অপশাসনৰ অভিযোগৰ ফলত দেশজুৰি প্ৰতিবাদৰ সূচনা হৈছিল আৰু ইয়াৰ পৰিণতিস্বৰূপেই ১৯৭৫ চনৰ জুন মাহত অভ্যন্তৰীণ অস্থিৰতাৰ দোহাই দি চৰকাৰে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। পাঠ্যপুথিখনত উল্লেখ কৰা হৈছে যে এই সময়ছোৱাত নাগৰিকৰ অধিকাংশ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল, সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল আৰু বহুসংখ্যক ৰাজনৈতিক নেতা তথা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ ফলত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ তীব্ৰ হেঁচাৰ সন্মুখীন হৈছিল আৰু নাগৰিকৰ স্বাধীনতা খৰ্ব কৰা হৈছিল।
পাঠ্যক্ৰমটোত জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনত লোকনায়ক হিচাপে পৰিচিত ৰাজনৈতিক নেতা তথা সমাজবাদী চিন্তাবিদ জয়প্ৰকাশ নাৰায়ণৰ ভূমিকাকো বিশেষভাৱে আলোকপাত কৰা হৈছে। তেওঁৰ নেতৃত্বত গঢ় লৈ উঠা গণ আন্দোলনে বিশেষকৈ বিহাৰ আৰু গুজৰাটত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক কেনেদৰে একত্ৰিত কৰিছিল, সেই কথা কিতাপখনত বৰ্ণনা কৰা হৈছে। ১৯৭৭ চনত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ পিছত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত তদানীন্তন শাসকীয় দলৰ পৰাজয়ে ভাৰতীয় গণতন্ত্ৰৰ শক্তি আৰু গুৰুত্বক প্ৰতিপন্ন কৰিছিল বুলিও পাঠ্যপুথিখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে।
জৰুৰীকালীন অৱস্থাৰ পঞ্চাশ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ছোৱাত গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ বাবে যুঁজ দিয়া লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ইতিহাসৰ অন্যতম অন্ধকাৰ অধ্যায় হিচাপে বিবেচিত জৰুৰীকালীন অৱস্থাই আমাৰ সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ চলাইছিল। অৱশ্যে, একে সময়তে ই অসংখ্য নাগৰিকৰ অসাধাৰণ সাহসকো পোহৰলৈ আনিছিল যিসকলে নীৰৱে থকাৰ পৰিৱৰ্তে সংবিধানৰ আদৰ্শ ৰক্ষাৰ বাবে থিয় দিছিল বুলি তেওঁ মন্তব্য কৰে।
জৰুৰীকালীন অৱস্থাৰ উপৰিও সংশোধিত পাঠ্যপুথিখনত গণতন্ত্ৰৰ সন্মুখত থকা অন্যান্য প্ৰত্যাহ্বানসমূহ, যেনে— ভুৱা বাতৰি, ভুল তথ্য, দৰিদ্ৰতা, আঞ্চলিকতাবাদ, সামাজিক বৈষম্য আৰু লিংগ বৈষম্যৰ বিষয়েও আলোচনা কৰা হৈছে। শিক্ষাৰ্থীসকলক নাগৰিক হিচাপে তেওঁলোকৰ ভূমিকা বুজিবলৈ আৰু শ্ৰেণীকোঠাৰ শিক্ষাৰ সৈতে গণতান্ত্ৰিক অংশগ্ৰহণক সংযোগ কৰিবলৈ ‘গণতন্ত্ৰ আৰু আপুনি‘ (ডেমক্ৰেচী এণ্ড ইউ) নামৰ এক নতুন শিতানো সংযোগ কৰা হৈছে।
সামগ্ৰিকভাৱে, এন চি ই আৰ টিৰ এই নতুন পাঠ্যপুথিখনত ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যপ্ৰণালী, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ ভূমিকা, ভোটাৰৰ অংশগ্ৰহণ আৰু নিৰ্বাচনী ব্যৱস্থাৰ লগতে পঞ্চায়তৰ উদাহৰণেৰে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। স্থানীয় নিকায়সমূহত মহিলাৰ ভোটাধিকাৰ আৰু সংৰক্ষণৰ বিষয়সমূহো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।





