• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আইনী স্বীকৃত নহ’ল সমলিংগ বিবাহ: সংসদক দায়িত্ব দিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2023 9:47 pm
same-sex marriages
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুচৰ্চিত সমলিংগ বিবাহৰ বিষয়ত আজি ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। সমকামী ব্যক্তিসকলৰ অধিকাৰক স্বীকৃতি দি অৱশ্যে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহক আইনী স্বীকৃতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।

এই সন্দৰ্ভত নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব সংসদক এৰি দিছে শীৰ্ষ আদালতে আৰু সমলিংগ বিবাহ স্বীকৃতিপ্ৰাপ্ত হ’ব পৰাকৈ আইন প্ৰণয়ন কৰাটো সংসদৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰে।

Apply Now

আইনী স্বীকৃতি প্ৰদান নকৰিলেও শীৰ্ষ আদালতে অৱশ্যে সমকামী ব্যক্তিসকলৰ নিজৰ সংগী বাছনি কৰাৰ অধিকাৰ আছে বুলি স্পষ্ট কৰি দিয়ে আৰু তেওঁলোক যাতে বৈষম্যৰ চিকাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে বিষয়টোৰ ওপৰত মন্তব্য ৰাখি বিবাহক এক স্থিতিশীল আৰু অপৰিৱৰ্তিত প্ৰতিষ্ঠান হিচাপে গ্ৰহণ কৰাটো ভুল বুলি উল্লেখ কৰে। বিবাহত বিবৰ্তন আহেই বুলি মন্তব্য কৰি তেওঁ লগতে জীৱন সংগী বাছনি কৰাটো নিজৰ জীৱন-ধাৰণ বাছনিৰ এক অবিচ্ছেদ্য অংগ বুলি মত ৰাখে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যৌন অভিৰুচিৰ ভিত্তিত সংঘত প্ৰৱেশৰ অধিকাৰ সীমিত কৰিব নোৱাৰি আৰু ৰাষ্ট্ৰই কুইৰ সকলৰ সম্পৰ্কৰ অধিকাৰক স্বীকৃতি নিদিয়াটো বৈষম্যৰ সমান বুলি তেওঁ লগতে মত পোষণ কৰে।

আদালতে অৱশ্যে বিশেষ বিবাহ আইন (এছ এম এ)ৰ বিধানসমূহ বাদ দিব নোৱাৰে বুলি কয় আৰু মুখ্য ন্যায়াধীশে এই সিদ্ধান্ত সংসদৰ ওপৰত এৰি দিয়ে।

ইফালে ন্যায়াধীশ এছ কে কৌলে বিশেষ বিবাহ আইনখনে ১৪ নং অনুচ্ছেদ উলংঘা কৰা বুলি উল্লেখ কৰি লগতে ইয়াত সমকামীতাৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ব্যাখ্যাত্মক সীমাবদ্ধতা আছে বুলি আঙুলিয়াই দিয়ে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ সৈতে একমত প্ৰকাশ কৰি ন্যায়াধীশ কৌলে লগতে সমকামী দম্পতীৰ বাবে নাগৰিক সংঘৰ আইনী স্বীকৃতিয়ে বিবাহৰ সমতাৰ দিশত এক পদক্ষেপক প্ৰতিনিধিত্ব কৰিব বুলি মত প্ৰকাশ কৰে।

অৱশ্যে এই ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰি ন্যায়াধীশ ভাটে কয় যে নাগৰিক সংঘক কেৱল আইনৰ জৰিয়তেহে স্বীকৃতি দিব পাৰি। আদালতে ইয়াৰ বাবে আইনী কাঠামো সৃষ্টি কৰিবলৈ ৰাজ্যক হেঁচা দিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে।

ইফালে সমলিংগ বিবাহক কেৱল নগৰীয়া অভিজাত শ্ৰেণীৰ ভাৱাদৰ্শ হিচাপে প্ৰক্ষেপ কৰি ইয়াৰ স্বীকৃতিৰ বিৰোধীতা কৰা কেন্দ্ৰৰ মতৰ বিৰোধিতা কৰে শীৰ্ষ আদালতে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে সমকামিতা কোনো নগৰীয়া ধাৰণা নহয় বা সমাজৰ উচ্চ শ্ৰেণীৰ মাজতে ই সীমাবদ্ধ নহয় বুলি মত পোষণ কৰি চৰকাৰৰ হাতত এনে কোনো পৰিসংখ্যা নাই বুলি মন্তব্য কৰে।

চন্দ্ৰচুড়ৰ মতে, সমকামী সম্পৰ্ক কেৱল শাৰীৰিকেই নহয়, মানসিক আৰু স্থিতিশীল সম্পৰ্কও। তদুপৰি তেওঁ সমলিংগ বিবাহে আইনী স্বীকৃতি লাভ নকৰিলে সমকামী দম্পতীৰ সামাজিক পৰিচয় কি হ’ব তাক লৈও পৰ্যবেক্ষণ কৰে।

এই ৰায় ঘোষণা কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰক কুইয়াৰ ইউনিয়নত থকা ব্যক্তিসকলৰ অধিকাৰ আৰু প্ৰাপ্যতা পৰীক্ষা কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে কেন্দ্ৰ, ৰাজ্য, আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক কুইয়াৰ ব্যক্তিৰ বিৰুদ্ধে যাতে বৈষম্য নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। সমকামী যে কোনো মানসিক বিকাৰ নহয়, সেই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈও কেন্দ্ৰক আহ্বান জনায় আদালতে।

ইয়াৰ উপৰিও চৰকাৰক কুইয়াৰ ব্যক্তিৰ বাবে নিৰাপদ ঘৰ ‘গৰিমা গৃহাছ’ স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় শীৰ্ষ আদালতে। আৰক্ষীয়ে যাতে কোনো কুইয়াৰ ব্যক্তিক লিংগ পৰিচয় নিৰ্ণয় কৰিবলৈ হাৰাশাস্তি নকৰে, সেয়া নিশ্চিত কৰিবলৈও আদালতে সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd