• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ পৰা বাংলাদেশক বাদ দিয়াৰ ক্ষেত্ৰত ঐকমতত অ-বিজেপি সদস্য; বিপৰীত মেৰুত বিজেপি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰূপায়ণ কৰিব খোজা বিজেপিৰ উদ্দেশ্যৰ কি হ'ব?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 17, 2018 9:01 pm
গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে'ত। ফটো : য়ু বি।

গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে'ত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ ৰাজ্যবোৰত প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ খিলঞ্জীয়া ৰাইজলৈ আহিছে এটা ক্ষীণ আশাৰ বতৰা। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও হেঙাৰ হৈ আছে যুটীয়া সংসদীয় কমিটীৰ বিজেপি সাংসদকেইজন।

নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতি (জেপিচি)ৰ একাংশ সদস্যই বিধেয়কখনৰ আওতাৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিছে। এই সন্দৰ্ভত একমতত উপনীত হোৱা সদস্যকেইজনে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাললৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

Apply Now

সংশোধনী বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পক্ষত আছে বিজেপিক বাদ দি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দলকে ধৰি আন আন দলৰ সাংসদসকল। কিন্তু এই ক্ষেত্ৰত এতিয়াও বিপৰীত মেৰুতেই আছে বিজেপি সাংসদকেইজন।

উল্লেখযোগ্য যে, জেপিচিৰ ৩০জন সদস্যৰ ভিতৰত বিজেপিৰে আছে ১৩জন সাংসদ। সেইসকলৰ ভিতৰত অসমৰ বিজেপি সাংসদ ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছাও আছে।

এই সন্দৰ্ভত সাংসদ ৰমেন ডেকাৰ সৈতে আমাৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ কয়, “বাংলাদেশক বাদ দিয়া সন্দৰ্ভত এতিয়ালৈ কোনো সিদ্ধান্ত হোৱা নাই। আমি আমাৰ দলৰ স্থিতিত অটল আছো।”

বিধেয়কখনৰ এই উদ্দেশ্য স্পষ্ট যে বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমানসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ লক্ষ্য লৈছে। কিন্তু যিহেতু সংস্থাপিত কৰিব বিচৰাসকলৰ মাজত ৯০ শতাংশই হ’ল বাংলাদেশৰ পৰা অহা হিন্দুসকল, গতিকে বিজেপিয়ে বিধেয়খনৰ পৰা বাংলাদেশ বাদ পৰাটো বিজেপিয়ে মানি ল’ব নোৱাৰে। সাংসদ ডেকাৰ কথাৰ পৰা এইটোৱে ইংগিত পোৱা গৈছে।

ইপিনে, জেপিচিৰ বিভিন্ন দলৰ সদস্যসকলে আগ বঢ়োৱা পৰামৰ্শ সন্দৰ্ভত আপত্তি নাই বুলি আমাক জানিবলৈ দিছে বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰি থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। কিন্তু এইক্ষেত্ৰত বিজেপিৰ সাংসদকেইগৰাকী সহমতত উপনীত নোহোৱাত চাংমায়ে বিষয়টোত আশ্বস্ত হ’ব পৰা নাই।

তেওঁ কয়, “যিসকল সদস্যই এই বিষয়ত সহমতত উপনীত হৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছো। কিন্তু যিহেতু এই ক্ষেত্ৰত এতিয়ালৈ বিজেপিয়ে স্থিতি স্পষ্ট কৰা নাই গতিকে সেয়া যে হ’ব আশা কৰিব পৰা হোৱা নাই।”

একেদৰে এই প্ৰস্তাৱ আগ বঢ়োৱা জেপিচিৰ সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো। কিন্তু তেওঁ ‘অসম চুক্তি’ ৰূপায়ণৰ বিষয়টোকহে প্ৰাধান্য দিয়ে। এটা কথা উল্লেখ কৰিব পাৰি যে, এই বিধেয়কখন অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী। আনহাতে অসমক বাদ দি বিধেয়কখন ৰূপায়ণ কৰিব যোৱাটোও অৰ্থহীন। কিয়নো দেশৰ যিকোনো প্ৰান্তলৈ অনুপ্ৰবেশ নঘটক কিয় বিদেশী স্বদেশী হোৱাৰ পিছত বিনা বাধাই অসমত প্ৰবেশ কৰিব পাৰিব।

ইয়াৰ উপৰি এই বিধেয়কখনে কেৱল অসম বা উত্তৰ-পূবেই নহয় ওড়িষাৰ বাবেও ক্ষতিকাৰক হ’ব বুলি পূৰ্বতেই মত প্ৰকাশ কৰিছিল বিজু জনতা দলৰ সাংসদ ভাৰত্ৰুহৰি মেহতাবে। তেওঁ পোন প্ৰথমেই সদনত বিধেয়কখনৰ বিৰোধিতা কৰিছিল। তেওঁ এই বিধেয়কখনে ‘অসম চুক্তি’ উলংঘা কৰিব বুলিও মন্তব্য কৰিছিল।

ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ পৰা হিন্দু, শিখ, বৌদ্ধ, জৈন পাৰ্চি আৰু খ্ৰীষ্টান লোকক ভাৰতত নাগৰিকত্ব দিলে বিজেপিৰ বাবে এটা ভোটবেংক সৃষ্টি হোৱা কথাটোও নুই কৰিব নোৱাৰি। সেয়ে বাংলাদেশক বাদ দি নাগৰিকত্ব আইন সংশোধন কৰিবলৈ গ’লে বিজেপিৰ বিশেষ লাভ নহ’ব। গতিকে আন দলৰ সাংসদে বাংলাদেশক বাদ দিয়াৰ পৰামৰ্শ আগ বঢ়ালেও সেয়া বিজেপিয়ে যে মানি ল’ব তাত সন্দেহৰ থল আছে।

অৱশ্যে এই সন্দৰ্ভত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া যুটীয়া সংসদীয় সমিতিৰ বৈঠকতহে স্পষ্ট ছবিখন পোৱাৰ আশা কৰিব পাৰি।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd