• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব পৰিবেশ দিৱস উপলক্ষে “পৰিবেশ বচাওক, গুৱাহাটী বচাওক” শীৰ্ষক মানৱ শৃংখল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 8:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে চিটিজেন ফৰাম ফৰ গ্ৰীণ গুৱাহাটীৰ উদ্যোগত তথাকথিত উন্নয়নৰ পৰা গুৱাহাটীৰ গছ গছনি ৰক্ষা কৰাৰ আহ্বানেৰে দীঘলীপুখুৰী পাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

“পৰিবেশ ৰক্ষা কৰক, ভৱিষ্যত প্ৰজন্মক জীয়াই থাকিবলৈ দিয়ক”, “গছ গছনি চৰাই চিৰিকতিৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব”, “পৰিবেশ ৰক্ষা কৰক, সাধাৰণ জনতাৰ জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ বন্ধ কৰক”, “চিমেন্ট কোম্পানী আৰু ৰাজনৈতিক নেতাৰ নেক্সাসৰ পৰা গছ ৰক্ষা কৰক”, “পৃথিবীখন সকলোৰে বাবে উপযোগী কৰি ৰাখক” “পৰিবেশ ধ্বংস কৰি নিৰ্মাণ কাৰ্য নচলিব”, “ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত পৰিবেশ ধ্বংস নচলিব”, “তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰিবলৈ দিয়া নহ’ব” আদি শ্লগান সম্বলিত প্লেকাৰ্ড লৈ শতাধিক নাগৰিকে মানৱ শৃংখলত অংশগ্ৰহণ কৰে।

Apply Now

অংশগ্ৰহণকাৰী সকলৰ ভিতৰত মাইনী মহন্ত, ইন্দ্ৰাণী দত্ত, ড° দীনেশ চন্দ্ৰ গোস্বামী, ড০ সৌৰভ প্ৰাণ গোস্বামী, ড° পৰমানন্দ মজুমদাৰ, অমৃত খাটনিয়াৰ, ড° প্ৰণৱ তালুকদাৰ, মীৰা বৰঠাকুৰ, নীলিম কুমাৰ, অনুৰুপা ডেকাৰজা, পংকজ কুমাৰ দাস, প্ৰণৱ দলে, কৃষ্ণ গগৈ, সুব্ৰত তালুকদাৰ, জয়ন্ত গগৈ, ড° মধুমিতা তালুকদাৰ, অলকা ডেকা, দীনেশ গোস্বামী, সংগীতা দাস, দেৱজিৎ ভৰালী, ঋত্বিক শইকীয়া আদি বিশিষ্ট নাগৰিক আৰু সন্দিকৈ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়সহ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আনহাতে সুব্ৰত তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিবাদ সভাত বিশিষ্ট নাগৰিক সকলে বক্তব্যত কয় যে গুৱাহাটী মহানগৰত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বহু বছৰৰ পুৰণি শ শ গছ কাটি ধ্বংস কৰা আৰু বৃহৎ ব্যৱসায়ী কোম্পানী আৰু শাসকীয় দল শঠা মিতিৰালীয়ে গঢ়ি উঠা চক্ৰৰ ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰা কাৰ্যই গুৱাহাটী মহানগৰীখন মৃত মহানগৰীলৈ পৰিণত কৰিছে আৰু সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে।

“পৰিবেশ ধ্বংস কৰি চলাই যোৱা নিৰ্মাণ কাৰ্যই মহানগৰখনত অত্যাধিক উষ্ণতা বৃদ্ধি কৰিছে আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰি মানুহৰ শ্বাস প্ৰশ্বাস বিশাক্ত কৰি তুলিছে। দৰাচলতে পৰিবেশ ধ্বংসৰ চৰকাৰী নীতি কৰ্পৰেট গোষ্ঠী, বৃহৎ ব্যৱসায়ী আৰু শাসক দলৰ মন্ত্ৰী আমোলাৰ স্বাৰ্থত ৰূপায়ন কৰা হৈছে, সেয়ে চৰকাৰৰ এই নীতি সাধাৰণ ৰাইজ, শ্ৰমজীৱি মানুহৰ উন্নয়নৰ বিৰোধী আৰু ই এক ৰাজনৈতিক অৰ্থনৈতিক আক্ৰমণ।”– তেওঁ লগতে কয়।

বক্তা সকলে চৰকাৰৰ পৰিবেশ বিৰোধী নীতি আৰু কাৰ্যৰ বিৰুদ্ধে আৰু গছ গছনি, চৰাই চিৰিকতি, মানুহৰ জীৱন জীৱিকা সুৰক্ষিত এখন গুৱাহাটী মহানগৰৰ হকে শক্তিশালী জনমত গঠন কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। সভাই তথাকথিত উন্নয়নৰ নামত পৰিবেশ ধ্বংসৰ বিৰুদ্ধে প্ৰশাসনক গণ স্মাৰক পত্ৰ প্ৰদান, নাগৰিক অভিবৰ্তন, ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd