সোমবাৰে অসমৰ চৰাইদেউ জিলাৰ এখন চাহ বাগিচাত এজন লোকক এদল উন্মত্ত জনতাই মৰিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে।
ঘটনাটো সাপেখাটি অঞ্চলৰ চালকাটোনি চাহ বাগিচাত সংঘটিত হয়।
এদল লোকে মৰিয়াই হত্যা কৰা মৃত লোকজনক মঙ্গলু তাঁতী বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে কি কাৰণত এইদৰে হত্যা কৰা হ’ল তাৰ কাৰণ জানিব পৰা হোৱা নাই ।
আৰক্ষীয়ে কয় যে মৃত লোকজনে স্থানীয় লোকসকলৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু সেয়া পিছত হতাহতিত পৰিণত হয়।
তাৰ পিছত তৰ্কত লিপ্ত হোৱা লোকসকলৰ প্ৰহাৰত তাঁতীৰ মৃত্যু হয়। ঘটনাটোৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে লগতে কয় যে মৃত লোকজন অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। ঘটনা সংঘটিত কৰা লোকসকলক বিচাৰি উলিওৱাৰ বাবে আৰু ঘটনাটো কিয় সংঘটিত হৈছিল তাৰ কাৰণ উদ্ঘাটনৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে।
জানিব পৰা মতে বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।