• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰী গাড়ী এৰি ব্যক্তিগত গাড়ীৰে ঘৰলৈ উভটিল বিদায়ী মুখ্য ন্যায়াধীশ গাভাই ; শপত ল’লে সূৰ্য কান্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 3:50 pm
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ন্যায়াধীশ সূৰ্য কান্তই ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। তেওঁ সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ স্থলাভিষিক্ত হৈছে।

শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰপতি ভৱনত এক আকৰ্ষণীয় তথা বিৰল ঘটনা দেখিবলৈ পোৱা যায়। শপত গ্ৰহণৰ পাছতে নতুন মুখ্য ন্যায়াধীশ সূৰ্য কান্তই উচ্চতম ন্যায়ালয়লৈ যাবলৈ ওলাই আহে আৰু ৰাষ্ট্ৰপতি ভৱনৰ পৰ্টিক’ত থিয় হয়। তেনেতে মুখ্য ন্যায়াধীশৰ বাবে আবণ্টিত মাৰ্চিডিজ বেঞ্জ গাড়ীখন তেওঁৰ কাষলৈ অহা দেখা যায়। যিহেতু কিছুসময় আগতে বিদায়ী মুখ্য ন্যায়াধীশ বি আৰ গাভাই সেইখন গাড়ীতে আহিছিল, সেয়েহে সূৰ্য কান্তই কিছু সংকোচত থমকি ৰয়।

Apply Now

কিন্তু পৰিস্থিতি সহজ কৰি গাড়ীৰ চালকজন নামি আহে আৰু নতুন মুখ্য ন্যায়াধীশক গাড়ীত উঠিবলৈ অনুৰোধ জনায়। চালকজনে জানিবলৈ দিয়ে যে বিদায়ী মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সেই চৰকাৰী বাহন ইতিমধ্যে ত্যাগ কৰিছে।

গাভাইয়ে স্পষ্ট কৰি দিছে যে তেওঁ চৰকাৰী গাড়ীৰে ৰাষ্ট্ৰপতি ভৱনলৈ আহিছে যদিও, ঘৰলৈ উভতিব নিজৰ ব্যক্তিগত বাহনেৰে। তেওঁৰ ইচ্ছা আছিল যে নৱনিযুক্ত মুখ্য ন্যায়াধীশগৰাকীয়ে যাতে প্ৰথম দিনাৰ পৰাই সেই চৰকাৰী বাহনেৰে আদালতত উপস্থিত হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ সূত্ৰৰ মতে, বি আৰ গাভাইৰ এই সিদ্ধান্ত এক বিৰল নজিৰ। নিয়ম অনুসৰি, নতুন মুখ্য ন্যায়াধীশে শপত গ্ৰহণ নকৰালৈকে বিদায়ীজনে নিজৰ পদবী আৰু সুবিধা ভোগ কৰিব পাৰে। সেই অনুসৰি সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ সচিবালয়ে চৰকাৰী গাড়ীখন গাভাইৰ বাসভৱনলৈ প্ৰেৰণ কৰিছিল। কিন্তু গাভাইয়ে নিজৰ ব্যক্তিগত গাড়ীখনো কনভয়ৰ লগত লৈ আনিছিল আৰু ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই চালকক ধন্যবাদ জনাই নিজৰ গাড়ীতে ঘৰলৈ উভতি গৈছিল।

এই উদাৰতাৰ জৰিয়তে ন্যায়াধীশ গাভাইয়ে সেইসকল ক্ষমতাশালী লোকলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে, যিসকলে অৱসৰৰ পিছতো চৰকাৰী সা-সুবিধা এৰিব নিবিচাৰে।

অভিযোগ অনুসৰি, এই তালিকাত দুৰ্ভাগ্যজনকভাৱে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নামো সাঙোৰ খাইছে, যিয়ে অৱসৰৰ পিছতো এটা দীঘলীয়া সময় চৰকাৰী বাংলোত কটাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

দিল্লীত অৱসৰৰ পিছত চৰকাৰী আৱাস-গাড়ী এৰি নোযোৱাৰ প্ৰৱণতা নতুন নহয়। কেতিয়াবা কেন্দ্ৰীয় চৰকাৰে আৰক্ষী প্ৰয়োগ কৰিও জবৰদস্তি ঘৰ খালী কৰিবলগীয়া হয়। ইয়াৰ এক উদাহৰণ হৈছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱান। দুবছৰ পূৰ্বে তেওঁক দিল্লীৰ অভিজাত এলেকাৰ পিতৃ প্ৰয়াত ৰামবিলাস পাছৱানৰ চৰকাৰী বাংলোৰ পৰা বলপূৰ্বকভাৱে উচ্ছেদ কৰা হৈছিল, য’ত তেওঁ দলীয় কাৰ্যালয় খুলি লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd