নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ কাষৰিগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি ৩-৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।
জানিব পৰা মতে, কলিয়াবৰ অভিমূখী এ এচ-১১পি-৫৭৬৬ নম্বৰৰ তীব্ৰ বেগী এখন ৱেগনৰ আৰু বিপৰীত দিশে গৈ থকা এ এচ-০২চি চি-১৯৬৫ নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ লাগে, ফলত ৱেগনৰখনৰ চালকজন।
নিহত চালকজনক হাইলাকান্দিৰ আলগাপুৰৰ জয়নুল আলম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
উল্লেখযোগ্য যে প্ৰায় অৰ্ধশতাধিক ইটাভাটাৰ শ্ৰমিক লৈ নগাঁৱৰ মিছাৰ পৰা কচুৱালৈ গৈ আছিল যাত্ৰীবাহী বাছখন। অৱশ্যে ল’কডাউনৰ মাজত এইদৰে মানুহ লৈ যাবলৈ বাছখনক প্ৰশাসনে অনুমতি দিছিলেনে নাই সেই বিষয়ে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা দল উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।