DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই জয় বিজেপিৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী ৰাইজৰ জয় : অখিল গগৈ

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পাছত গুৱাহাটীত ৭০ সংগঠনৰ প্ৰথমখন সংবাদমেল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 14, 2019 2:55 pm
Guwahati- 70 Organigation press meet (5)

ফটো : য়ু বি

788
VIEWS
Share on FacebookShare on Twitter

১৩ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পাছত আজি কৃষক মুক্তিৰ নেতা অখিল গগৈ নেতৃত্বাধীন ৭০ সংগঠনে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সংগ্ৰামত সহযোগ কৰা প্ৰতিজন ব্যক্তি, দল-সংগঠনকে অভিনন্দন জ্ঞাপন কৰে।

গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত কৃষক নেতা গগৈয়ে এই জয় বিজেপিৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী ৰাইজৰ বিজয় বুলি মন্তব্য কৰে।

‘বিজেপিয়ে কোৱা শৰাইঘাটৰ যুঁজ প্ৰকৃততে এইখনেই। আমি ৰামসিংহক পৰাজিত কৰিলো। ইয়াৰ সেনানি অসম আৰু উত্তৰ-পূবৰ ৰাইজ। কিন্তু এইখন শেষ যুঁজ নহয়’। এই মন্তব্য অখিল গগৈৰ।

বি পি এফে এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ নকৰাতো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ কয়, ‘বিধেয়ক বিৰোধী আন্দোলনত বড়ো ৰাইজ তথা এবছুৱে সহায় কৰিলে কিন্তু বি পি এফে সহায় নকৰিলে’।

বিধেয়ক বিৰোধী সংগ্ৰামখনত অসমীয়া জাতিৰ শত্ৰু-মিত্ৰ চিনাকী হোৱা বুলি মন্তব্য কৰাৰ লগতে বিধেয়ক বিৰোধী আন্দোলনটো গ্ৰুপিং বিৰোধী সংগ্ৰামৰ সৈতে তুলনা কৰে অখিল গগৈয়ে।

আনহাতে এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ সকলোকে সংকল্প ল’বলৈ আহ্বান জনায়। তদুপৰি বিজেপি চৰকাৰে জাৰি কৰা পাৰপত্ৰ(ভাৰত প্ৰৱেশ) জাননি আৰু দীৰ্ঘকালীন ভিচাৰ বিৰুদ্ধে ৭০ সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সদৰী কৰে।

ইফালে সংবাদমেলত উপস্থিত থকা আন এগৰাকী নেতা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সকলোকে অভিনন্দন জ্ঞাপন কৰি কয়, ‘যোৱা আঢ়ৈ বছৰে যুজঁ দিয়া যুজঁখন অৱশেষত ৰাইজৰ প্ৰতিবাদত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নহ’ল’।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd