• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীন-পাকিস্তান ভ্ৰমণ কৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীৰ কৃষকৰ খবৰ ল’বলৈ সময় নাই : মোদীক প্ৰিয়ংকা গান্ধীৰ কটাক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 6:42 pm
index.jpg
260
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত তিনি কৃষি আইনৰ সন্দৰ্ভত মুখ খুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্মস্বৰে কটাক্ষ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই।

জিলা প্ৰশাসনে অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰিলেও বুধবাৰে বিতৰ্কিত তিনি কৃষি আইনৰ বাতিলৰ দাবীত উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত বিপুল পৰিমাণৰ কৃষকৰ উপস্থিতিৰে কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত হৈ যায়।

এক সূত্ৰৰ মতে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ উত্তৰ প্ৰদেশৰ চাহাৰণপুৰো তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী আৰম্ভ হোৱা আন্দোলনে অন্য এক হটস্পট হৈ উঠাৰ আশংকাত জিলা প্ৰশাসনে আজি পুৱা হঠাতে কিষাণ মহাপঞ্চায়ত আয়োজনৰ অনুমতি বাতিল কৰি দিয়ে।

ততস্বত্বেও বুধবাৰে উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত অনুষ্ঠিত কিষাণ মহাপঞ্চায়তত প্ৰিয়ংকা গান্ধীয়ে কয় যে আত্মনিৰ্ভৰ দেশক নিৰ্মাণ কৰে কৃষকে, কিন্তু নতুন কৃষি আইনে এই কৃষককে সংকটত পেলাইছে।

এই কিষাণ মহাপঞ্চায়তত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশৰ ২৭ খন জিলাত ১০ দিনীয়া ‘জয় জোৱান জয় কিষাণ’ ৰেলী অনুষ্ঠিত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

“তেওঁলোকে(চৰকাৰে) কৈছে কৃষকসকল দেশদ্ৰোহী, কিন্তু সত্যটো হৈছে তেওঁলোকহে দেশদ্ৰোহী।” এইদৰে অতি খুৰধাৰভাৱে চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

কিষাণ মহাপঞ্চায়তক সম্বোধি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি লগতে কয়, “পাকিস্তান আৰু চীন ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সময় থাকে, কিন্তু তেওঁক ভোট দিয়া নিজৰ গৃহ সমষ্টিৰ সীমান্তৰ কৃষকৰ আন্দোলনস্থলীলৈ যাবলৈ সময় নাই।”

প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত আন্দোলনকাৰী কৃষকক আন্দোলনজীৱী বুলি আখ্যা দি চূড়ান্তভাৱে অপমান কৰাৰ বুলিও দাবী কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাই।

“তেওঁলোকে(চৰকাৰ) আন্দোলনকাৰী কৃষকক বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদী কয়। তেওঁলোক কৃষক হ’ব পাৰে, কিন্তু কৃষকৰ হৃদয় কেতিয়াও দেশৰ বিৰোধী নহয়। কষকৰ হৃদয়ে সদায় নিজ জন্মভূমিৰ বাবে কাম কৰে। কৃষকসকলে এতিয়াও দিন-ৰাতি একাকাৰ কৰি দেশৰ বাবে উছৰ্গিত হৈ কাম কৰি আছে।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাই কয়।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd