• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৭ ফেব্ৰুৱাৰিত সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ উদ্বোধনী অনুষ্ঠান

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ উপস্থিতিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ পূৰ্ণ সম্ভাৱনা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 6, 2020 7:16 pm
PM Modi may inaugurate Lingakar Mahamrityunjay Mandir in Nagaon's Puranigudam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰীস্থিত নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মন্দিৰৰূপে পৰিচিত হ’বলগীয়া মহামৃত্যুঞ্জয় মন্দিৰত মঙ্গলবাৰে পুৱাই ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী তথা শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ অধ্যক্ষ ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।

উজনি অসম ভ্ৰমণ সামৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ জিতু গোস্বামীৰ লগতে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ সৈতে মন্ত্ৰী গৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পোনপ্ৰথমে নেদেখাজনৰ আৰ্শীবাদ লয় আৰু ইয়াৰ পাছতেই মন্দিৰৰ অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয়।

Apply Now

উল্লেখ্য যে, ২০০৩ চনৰ পৰাই বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা ১২৬ ফুট উচ্চতাৰ মন্দিৰ ভাগ আগন্তুক ২০২১ বৰ্ষৰ মাঘী সপ্তমী তিথিত ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হব বুলি “বৈদিক ৰিচাৰ্চ এণ্ড গ্লৱেল ষ্টাডি ছেন্টাৰ”ৰ সভাপতি প্ৰবীণ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

ইয়াৰ পূৰ্বে মন্দিৰটো ডিচেম্বৰত ভক্তৰ বাবে মুকলি কৰাৰ কথা আছিল যদিও মঙ্গলবাৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা এক আলোচনাত উদ্বোধনী অনুষ্ঠান ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰি মাহলৈ পিছুৱাই দিয়া হয়।

উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতি অনুকূল হ’লে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰভাগ ২০২১ চনৰ ২৭ ফেব্ৰুৱাৰি তাৰিখে দুপৰীয়া ঠিক ১২.৪৫ বজাত উদ্বোধন কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

সমান্তৰালভাৱে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ সম্ভাব্য আগমনৰ বাৰ্তা পাই মন্দিৰ কৰ্তৃপক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে।

লক্ষণীয়ভাৱে বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ১১ দিনীয়া উদ্বোধনী কাৰ্যসূচীৰ বাবে এতিয়া প্ৰস্তুতি তুংগত উঠিছে।

আনহাতে মহামৃত্যুঞ্জয় মন্দিৰলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ অহাৰ সম্ভাৱনাৰ খবৰটো বিয়পি পৰাৰ লগে লগে এতিয়া স্থানীয় ৰাইজো উৎফুল্লিত হৈ পৰা দেখা গৈছে বৃহত্তৰ অঞ্চলটোত।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd