ৰাজ্যত নদীৰ সম্ভাৱনীয়তাক ব্যৱহাৰ কৰি পৰ্যটনক উদগনি দিয়াৰ বাবে দ্বিজিং উৎসৱৰ আয়োজন কৰা হৈছে। ইতিমধ্যে এই উৎসৱ তৃতীয়বাৰৰ বাবে অসমত এই উৎসৱ অনুষ্ঠিত কৰা হ’ব।
২০১৮ৰ ২৭ ডিচেম্বৰৰ পৰা উৎসৱ আৰম্ভ হৈ জানুৱাৰিৰ ২০১৯ৰ ডিচেম্বৰৰ ৭ তাৰিখে সমাপ্ত হ’ব।
এই ১২ দিনীয়া উৎসৱত কৈলাশ খেৰ, অমিত ত্ৰিৱেদী, মালাইকা আৰোৰা খান, হিমেশ ৰেশমিয়া, নীৰজ শ্ৰীধৰ, ভূমি ত্ৰিৱেদী, শ্বেতা পণ্ডিত, গ্ৰেট খালি আন আন বহুতো তাৰকাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব।
বিটিচিৰ গ্ৰাম্য এলেকাসমূহত নদী পৰ্যটনক উদগনি দিয়াৰ বাবে ২০১১৬-১৭ চনত এই উৎসৱৰ আয়োজন কৰা হৈছিল। আই ৰিভাৰ উইণ্টাৰ ফেষ্টিভেল নামেৰে বিটিচিৰ অন্তৰ্গত চিৰাঙ জিলাৰে বৈ যোৱা আই নদীৰ পাৰত উদযাপন কৰা হৈছিল।
২০১১৭-১৮ চনত এই উৎসৱৰ নাম দ্বিজিং নামকৰম কৰা হয়।। দ্বিজিং শব্দৰ অৰ্থ হৈছে নদীৰ পাৰ। আৰু এইদৰে ই এটা বাৰ্ষিক নৈপৰীয়া উৎসৱ হৈ পৰিল।
এই উৎসৱে স্থানীয় বাসিনাদাসকললৈ জীৱিকাৰ সুযোগ আগবঢ়ায়। গ্ৰাম্য পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক উন্নতি কৰাৰ চেষ্টা কৰা হৈছে। এই বছৰৰ দ্বিজিং উৎসৱত জনগোষ্ঠীয় খাদ্যসম্ভাৰ আৰু সংস্কৃতি, দুঃসাহসিক ক্ৰীড়া, জনগোষ্ঠীয় খেল-ধেমালী আদি প্ৰদৰ্শন কৰা হ’ব।