• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচন: মনোনয়ন পত্ৰ দাখিল অজিত কুমাৰ ভূঞাৰ

Nenow দীপজ্যোতি শৰ্মা
গুৱাহাটী , March 13, 2020 3:42 pm

2 min read

Rajya Sabha elections: Ajit Bhuyan files nomination

মনোনয়ন পত্ৰ দাখিলৰ সময়ত অজিত ভূঞা আৰু অন্যান্য। ছবি- নৰ্থইষ্ট নাও।

2.3k
VIEWS
Share on FacebookShare on Twitter

অজিত কুমাৰ ভূঞাই শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনত অসমৰ বিৰোধী ৰাজনৈতিক শিৱিৰৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে।

ভূঞাই মনোনয়ন পত্ৰ দাখিল কৰা সময়ত সংগ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, এ আই ইউ ডি এফ মুৰব্বী বদৰুদ্দিন আজমলে।

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মনজিৎ মহন্ত, হাইদৰ হুছেইন, লক্ষ্মীনাথ তামুলী আদিও ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছিল।

মনোনয়ন পত্ৰ দাখিল কৰা সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলক হাতে-হাত ধৰি আগবঢ়া দেখা গ’ল।

মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে।

“সকলো বিৰোধী পক্ষৰ বিধায়কৰ উপস্থিতিয়ে এক শক্তিশালী বিৰোধী পক্ষৰ উমান দিছে। বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে জয় নিশ্চিত,” ভূঞাই কয়।

আনহাতে, আন এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ মনোনয়ন পত্ৰ সংগ্ৰহৰ সন্দৰ্ভত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “সেয়া সকলোৱে পাৰে। তাত মোৰ ক’ব লগা একো নাই। সেইটো আহক সময়ত গম পোৱা যাব।”

অসমত কোন বেছি সাম্প্ৰদায়িক সেয়া যাৰ জ্ঞান আৰু বুদ্ধি বেছি আছে তাক কোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ভূঞাই কয়, “এ আই ইউ ডি এফ যদি সাম্প্ৰদায়িক, তেন্তে তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লওক আইনগতভাৱে। সংবিধানৰ নামত শপত খাই সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে কৰিছে। এ আই ইউ ডি এফলৈ আঙুলি টোঁৱাই মেৰুকৰণ আৰু বিভাজনৰ ৰাজনীতি কৰিছে।”

ভূঞাই লগতে কয় যে অগপৰ সুবিধাবাদী চৰিত্ৰ ওলাই পৰিছে। কাৰ লগত তেওঁলোকক ৰিজাম সেইটোৱে ভাবিবলৈ টান হৈছে বুলি উল্লেখ কৰি ভূঞাই কয়, “কাৰণ মানুহক মূৰ্খ বুলি ভাবি আঞ্চলিকতাবাদক ধ্বংস কৰি ৰাজনীতি কৰিছে। অগপ এতিয়া নিজে বিজেপিত জাহ গৈছে।”

বিজেপিলৈ কংগ্ৰেছৰ এগৰাকী বিধায়ক যাব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই নাকচ কৰে।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, “হিমন্ত এতিয়া সাম্প্ৰদায়িক ক’ৰণা ভাইৰাছ। যিয়ে অসমখন ভাগ ভাগ কৰিব বিচাৰিছে।”

অজিত কুমাৰ ভূঞাক কেৱল কংগ্ৰেছ বা এ আই ইউ ডি এফৰে নহয় সমগ্ৰ অসমৰ বুদ্ধিজীৱী আৰু কা-বিৰোধী প্ৰাৰ্থী বুলি গগৈয়ে অভিহিত কৰে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd