বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লৈ পুনৰ সৰৱ হৈ পৰিছে বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী প্ৰশান্ত ভূষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশত দুটা পৃথক ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান ঘটিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰশান্ত ভূষণে।
ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে ভূষণে অভিযোগ কৰে যে, এই দুটা গোটৰ এটা গোটে পথত গণ আক্ৰমণৰ দৰে ঘটনাত জড়িত হয়, আনহাতে আনটো গোটে ছ’চিয়েল মিডিয়াত গালি-গালাজ, ভাবুকি আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ কাম কৰে।
অনলাইন ট্ৰ’লিঙৰ প্ৰসংগত সাংবাদিক স্বাতী চতুৰ্বেদীৰ গ্ৰন্থ I Am a Troll: Inside the Secret World of the BJP’s Digital Army-ৰ কথাও উল্লেখ কৰে প্ৰশান্ত ভূষণে। উল্লেখ্য যে গ্ৰন্থখনত বিজেপিৰ সৈতে সম্পৰ্কিত এক সংগঠিত অনলাইন নেটৱৰ্কৰ বিষয়েও আলোচনা কৰা হৈছে।
ভূষণৰ অভিযোগ অনুসৰি, চৰকাৰৰ বিৰুদ্ধে কোনো ব্যক্তি বা বিশিষ্ট ব্যক্তিয়ে কথা ক’লে ছ’চিয়েল মিডিয়াত সংগঠিতভাৱে গালি-গালাজ আৰু ভাবুকিৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ পূৰ্বেও দাবী কৰিছিল যে এনে অনলাইন ট্ৰ’লাৰ সকলে চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ সমালোচকসকলক লক্ষ্য কৰি আক্ৰমণ চলায়।
শেহতীয়াকৈ চৰকাৰে জেন জি অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ সৈতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ বৃদ্ধিৰ চেষ্টা চলোৱাৰ প্ৰসংগতো ভূষণে প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, যুৱপ্ৰজন্মৰ সৈতে ডিজিটেল যোগাযোগ স্থাপন কৰাৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত গালি-গালাজ, ভাবুকি আৰু ভুৱা বা বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
উল্লেখ্য যে ২০২৬ চনত জেন জি-কেন্দ্ৰিক ‘ককৰোছ জনতা পাৰ্টিৰ উত্থানক লৈও প্ৰশান্ত ভূষণে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে যুৱসমাজৰ মাজত থকা অসন্তুষ্টিয়েই এনে এটা ডিজিটেল আন্দোলনৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ অন্যতম কাৰণ। অৱশ্যে তেওঁ লগতে মত প্ৰকাশ কৰিছিল যে অনলাইন জনপ্ৰিয়তাক বাস্তৱ ৰাজনৈতিক আন্দোলনত পৰিণত কৰিবলৈ সংগঠন আৰু পথৰ আন্দোলন প্ৰয়োজন।
প্ৰশান্ত ভূষণৰ শেহতীয়া মন্তব্যই পুনৰ ছ’চিয়েল মিডিয়াত ৰাজনৈতিক বিতৰ্ক তীব্ৰ কৰি তুলিছে। সমৰ্থকসকলে তেওঁৰ অভিযোগক সমৰ্থন কৰাৰ বিপৰীতে বিজেপি সমৰ্থকসকলৰ একাংশই এই দাবী নাকচ কৰিছে।
দৰাচলতে, ডিজিটেল ৰাজনীতিৰ যুগত সামাজিক মাধ্যমত মত প্ৰকাশৰ স্বাধীনতা, ৰাজনৈতিক প্ৰচাৰ, অনলাইন নিৰ্যাতন আৰু বিভ্ৰান্তিকৰ তথ্যৰ প্ৰসাৰ—এই সকলোবোৰেই এতিয়া ভাৰতীয় গণতান্ত্ৰিক বিতৰ্কৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। প্ৰশান্ত ভূষণৰ মন্তব্যই সেই বিতৰ্ককেই পুনৰ ৰাজহুৱা আলোচনাৰ কেন্দ্ৰলৈ আনিছে।


