• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Ranji Trophy 2024: ৫৬ বলত বিস্ফোৰক শতক ৰিয়ানৰ; অলপৰ বাবে বাচিল ৰঞ্জীত পন্তৰ দ্ৰুততম শতক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2024 12:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰতকৈও অধিক পূৰ্বে বিস্ফোৰক ইনিংছ খেলিছিল ঋষভ পন্তে। ২০১৬-১৭ ছিজনত ৰঞ্জী ট্ৰফীত ঝাৰখণ্ডৰ বিৰুদ্ধে ঋষভ পন্তে মাত্ৰ ৪৮টা বলত শতক অৰ্জন কৰিছিল। ঘৰুৱা ক্ৰিকেটত সেই আক্ৰমণাত্মক ইনিংছৰ পিছত পন্তে আৰু পিছলৈ ঘূৰি চাব লগা নাছিল। আই পি এলতো বিস্ফোৰক প্ৰদৰ্শন কৰে উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে।

ৰঞ্জীত পন্তৰ সেই অভিলেখ এতিয়াও স্পৰ্শাতীত। অৱশ্যে সেই ইনিংছটো প্ৰায় ভাঙি পেলাবলৈ আগবাঢিছিল অসমৰ ক্ৰিকেটাৰে।  যি পৰিস্থিতিত পন্তে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰিছিল, ৰিয়ান পৰাগেও সেই পৰিস্থিতিত নিজকে তুলি ধৰিছে।

সেই বছৰ ৰঞ্জিত দিল্লীৰ বিৰুদ্ধে ঝাৰখণ্ডে ৪৯৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উত্তৰত দিল্লীয়ে ৩৩৪ ৰান সংগ্ৰহ কৰে। পন্তেই দলটোক যুঁজত ৰাখিছিল। বাওঁহতীয়া বেটছমেনগৰাকীয়ে প্ৰথম ইনিংছত ৮২টা বলত শতক অৰ্জন কৰিছিল। কিন্তু দিল্লীক অনুসৰণ কৰিবলৈ গৈ বিপদত পৰিছিল।

Apply Now

লগতে পঢ়কঃ Ranji Trophy 2024: ৰঞ্জীতো ছয়ৰ ধুমুহা, মাত্ৰ ২৬টা বলত অৰ্ধশতকেৰে অসমক ধৰি ৰাখিলে ৰিয়ান পৰাগে

তাৰপৰাই পন্তে দলটোক পুনৰ যুঁজলৈ আনিছিল। ভাৰতীয় উইকেটৰক্ষকগৰাকীয়ে দ্বিতীয় ইনিংছত মাত্ৰ ৪৮টা বলত শতক অৰ্জন কৰিছিল। তেওঁ ১৩টা ছয় মাৰে। মুঠতে তেওঁ ৬৭টা বলত ১৩৫ ৰান সংগ্ৰহ কৰে। পন্তৰ বাবেই দিল্লীয়ে সেই মেচখন ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল।

ৰিয়ান পৰাগৰ ইনিংছটোৱে পন্তক সোঁৱৰাই দিলে। ইয়াৰ পূৰ্বে ছত্তীশগড়ে ৩২৭ ৰান কৰিছিল। প্ৰত্যুত্তৰত অসমে প্ৰথম ইনিংছত মাত্ৰ ১৫৯ ৰান সংগ্ৰহ কৰি অল আউট হয়। কেপ্তেইন ৰিয়ান পৰাগে মাত্ৰ ৮ ৰান কৰি উভতি যায়। কিন্তু দলটোৱে ফলট অন কৰিবলৈ নামি অহাৰ পিছত ৰিয়ান পৰাগে বিধ্বংসী বেটিং কৰে।

ৰিয়ানে ৮৭টা বলত ১৫৫ ৰানৰ ইনিংছ খেলে। তেওঁ ১১টা চাৰি আৰু ১২টা ছয় মাৰে। ষ্ট্ৰাইক ৰেট ১৭৮.১৬। তেওঁ আই পি এলৰ শৈলীত বেটিং কৰিছিল। ৫৬টা বলত শতক অৰ্জন কৰি তেওঁ ৰঞ্জী ক্ৰিকেটত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰে। কিন্তু বাকী দলটোৱে আৰু একো কৰিব নোৱাৰিলে।

লগতে পঢ়কঃ অৱহেলাৰ প্ৰত্যুত্তৰ! ডাবল চেঞ্চুৰীৰে ডন ব্ৰেডমেনৰ অতুলনীয় অভিলেখৰ পিনে ধাৱমান পূজাৰা

পৰাগে অকলে ১৫৫ ৰান সংগ্ৰহ কৰিলেও বাকীখিনিয়ে ৯৯ ৰান সংযোজন কৰিবলৈহে সক্ষম হয়। ৰায়পুৰত অসমে ২৫৪ ৰান সংগ্ৰহ কৰে। দলটোৱে একো কৰিব নোৱাৰিলেও ২২ বছৰীয়া পৰাগৰ এই ইনিংছটোক লৈ ভাৰতীয় ক্ৰিকেট মহলত তুমুল চৰ্চা চলিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd