নতুন প্ৰজন্মক প্ৰতিবাদ বা আন্দোলন কৰিলেই ‘ৰাষ্ট্ৰবিৰোধী’ বুলি ছাপ মৰাৰ প্ৰৱণতাক নস্যাৎ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে আজিৰ ‘জেন জি’ বা নতুন প্ৰজন্মই যদি ৰাজপথলৈ ওলাই আহি নিজৰ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰে, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক ৰাষ্ট্ৰবিৰোধী। তেওঁলোক আমাৰেই সন্তান, দেশৰ ভৱিষ্যত।
বৃহস্পতিবাৰে মুম্বাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে বৰ্তমানৰ প্ৰজন্মৰ চিন্তাধাৰাৰ প্ৰশংসা কৰি কয়, “আমি যেতিয়া তেওঁলোকৰ বয়সৰ আছিলো তেতিয়া আমি চকু মুদি বয়োজ্যেষ্ঠসকলৰ কথা শুনিছিলো। প্ৰশ্ন কৰাৰ সাহস বা মানসিকতা আমাৰ নাছিল।কিন্তু আজিৰ জেন জি-য়ে যুক্তিৰে উত্তৰ বিচাৰে। নুবুজাকৈ কোনো কথা মানি ল’বলৈ তেওঁলোক সাজু নহয়।”
তেওঁ লগতে কয়, “যদি জেন জিয়ে কোনো কথাৰ প্ৰতিবাদ কৰে, তেন্তে তেনেকুৱাটো নহয় যে তেওঁলোক ৰাষ্ট্ৰবিৰোধী। তেওঁলোক আমাৰেই পৰিয়াল, আমাৰ পৰৱৰ্তী প্ৰজন্ম। মই ভাবো যে এই নতুন প্ৰজন্ম – জেন জি আৰু জেন আলফা – আমাৰ প্ৰজন্মতকৈ বহু বেছি সৎ। দেশপ্ৰেম আৰু সেৱাৰ সৎ বাৰ্তাই তেওঁলোকৰ ওপৰত আটাইতকৈ বেছি কাম কৰে।”
শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, যাৰ গৰিষ্ঠসংখ্যক জেন জি প্ৰজন্মৰ। ২০ জুলাইত সেই ছাত্ৰ আন্দোলনত আৰক্ষীৰ লাঠীচালনা আৰু কন্দুৱা গেছ আৰু পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
সেই বিষয়টো লৈ মোহন ভাগৱতে উদ্বেগ প্ৰকাশ কৰি কয়, “কিয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰিবলগীয়া হ’ল? পেলেট গান কিয় ব্যৱহাৰ কৰা হ’ল? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি, আমি গভীৰভাৱে তদন্ত কৰাটো প্ৰয়োজন।”
সংঘৰ মুৰব্বীগৰাকীয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ তীব্ৰ পোষকতা কৰে। তেওঁ কয় যে এটা বা দুটা সৰুসুৰা পৰিৱৰ্তন কৰি সমস্যাৰ সমাধান নহ’ব।
ভাগৱতৰ ভাষাত “শিক্ষা কোনো ব্যৱসায় নহয়। দেশৰ প্ৰতিটো শিশুক শিক্ষা প্ৰদান কৰাটো আমাৰ দায়িত্ব। শিক্ষানুষ্ঠানৰ মাচুলৰ গাঁথনি পুনৰ নিৰ্দ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ।” একে সময়তে দেশৰ বাজেটত শিক্ষাৰ আবণ্টন মুঠ বাজেটৰ কমেও ৬ শতাংশলৈ বৃদ্ধি কৰাৰ দাবীক তেওঁ সমৰ্থন কৰে। শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু বিদ্যালয়ৰ উন্নয়নত সাধাৰণ মানুহৰ অংশগ্ৰহণ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।
আনহাতে, আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু চুবুৰীয়া দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পাকিস্তান আৰু চীনক ভাৰতৰ ‘স্থায়ী শত্ৰু’ হিচাপে চাবলৈ তেওঁ অনিচ্ছুক।
মোহন ভাগৱতে কয় যে, “যদি কোনো বিষয়ত দুখন দেশৰ মাজত সংঘাত হয়, তেন্তে দ্বিপাক্ষিক সম্পৰ্ক সাময়িকভাৱে স্থগিত ৰখা হ’ব পাৰে, কিন্তু চিৰদিনৰ বাবে শেষ হ’ব নোৱাৰে। এনে নহয় যে পাকিস্তান বা চীন মনৰ পৰা চিৰ শত্ৰু। ইয়াৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰৰ ৰাজনীতিয়ে ভূমিকা পালন কৰে।”
সংঘাতৰ সময়ত দেশৰ চৰকাৰৰ কাষত থিয় দিবলৈ ৰাইজক সোঁৱৰাই দি কয় যে সংকটৰ সময়ত আমি চৰকাৰৰ সৈতে থিয় দিওঁ, কিন্তু একে সময়তে আমি মনত ৰাখিব লাগিব যে চূড়ান্ত বিচাৰত মানৱতাই সৰ্বোচ্চ আৰু আমি সকলোৱে এক।





