NORTHEAST NOW (Assamese)

ভিভিপিএটি-ইভিএমৰ এশ শতাংশ ৰিজনি বিচৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 21, 2019 10:41 pm · অনুপ শৰ্মা
ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

২৩ মে’ত লোকসভা নিৰ্বাচনৰ ভোট গণনাত ভি ভি পি এ টি-ই ভি এমসমূহ এশ শতাংশ মিলাই চোৱাৰ বাবে কৰা এক আবেদন মঙলবাৰে খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

অনুৰূপ এখন আবেদন ইতিমধ্যেই মুখ্য ন্যায়াধীশে খাৰিজ কৰাৰ পৰিপ্ৰেক্ষিতত একেটা বিষয়তে পুনৰ এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন গ্ৰহণ কৰিবলৈ ন্যায়াধীশ অৰুণ মিশ্ৰৰ বিচাৰপীঠে অস্বীকাৰ কৰে।

“মুখ্য ন্যায়াধীশে এই বিষয়টো ইতিমধ্যে মোকাবিলা কৰিছে। আমি মুখ্য ন্যায়াধীশৰ নিৰ্দেশটো অগ্ৰাহ্য কৰিব নোৱাৰো…এইখন অৰ্থহীন। খাৰিজ কৰা হৈছে,” শুনানিত মন্তব্য ন্যায়াধীশ অৰুণ মিশ্ৰৰ।

চেন্নাইৰ tech4all নামৰ এটা কাম্পেনিয়ে আবেদনখন কৰিছিল।

দেশৰ ২১টা বিৰোধী ৰাজনৈতিক দলে জনোৱা ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখন ইতিমধ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে খাৰিজ কৰিছিল।

প্ৰতি সমষ্টিত এটাৰ পৰা পাঁচটালৈকে মেচিনৰ ভি ভি পি এ টি-ই ভি এম মিলাই চাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ দলসমূহে আবেদন জনাইছিল।

চলিত লোকসভা নিৰ্বাচনৰ ২৫ শতাংশলৈকে মেচিনৰ এই সত্যাসত্য নিৰূপণৰ বাবে বিৰোধী দলসমূহে কৰা দাবী মুখ্য ন্যায়াধীশ গগৈৰ আদালতে খাৰিজ কৰিছিল।

আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগেও বিৰোধী দলৰ অনুৰূপ দাবী খণ্ডন কৰিছিল।

ভি ভি পি এ টি-ই ভি এম ৫০ শতাংশলৈকে মিলাই চোৱাৰ বাবে দলসমূহে উত্থাপন কৰা দাবী খণ্ডন কৰি আয়োগে কৈছিল যে এনে কৰিলে নিৰ্বাচনৰ ফলাফল পাঁচদিন পিছুৱাই যাব।

Related News