NORTHEAST NOW (Assamese)

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

January 11, 2021 5:40 pm · মুৰুলী বৰুৱা
প্ৰতিনিধিত্বমূলক চিত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়াভাৱে মাছ মৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ প্ৰতিবেদন মৰ্মে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা দণ্ডাধীশে এক আদেশ যোগে মহকুমাটোৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ নং ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

উল্লেখ্য যে মাছমৰাৰ নামত জাক-জাক মানুহ অবাধভাৱে প্ৰৱেশ কৰি ৰাজহুৱা শান্তি শৃংখলা ব্যাহত কৰি আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি সৃষ্টি কৰাৰ লগতে বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি মাতি আনি বন্যপ্ৰাণী সংৰক্ষণ আইনখনো ভংগ কৰাৰ পৰিপ্ৰেক্ষিততে আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।

এই অনুসৰি উক্ত সমগ্ৰ এলেকাটোত অহা ১৩ আৰু ১৪ জানুৱাৰিত পাঁচজন বা ততোধিক ব্যক্তিৰ সমাগম, যি কোনো ধৰণৰ  মাছ মৰাৰ সঁজুলি লগতে যি কোনো ধৰণৰ মাৰণাস্ত্ৰ কঢ়িয়াই লৈ ফুৰাত নিশাধাজ্ঞা আৰোপ কৰা হৈছে।

এই ক্ষেত্ৰত আৰক্ষী বা বনৰক্ষী বাহিনী এই আদেশৰ অন্তৰ্ভুক্ত নহ’ব। এই আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱা হব।

Related News