• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আমেৰিকাত অসমৰ মুখ্যমন্ত্ৰীসহ তিনিগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু নিষেধাজ্ঞা আৰোপৰ দাবী: প্ৰকৃত সত্য কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 8:00 pm
984
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশেষ শুনানিত ভাৰতৰ তিনিগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একাংশ মানৱ অধিকাৰ কৰ্মী আৰু আন্তঃৰাষ্ট্ৰীয় অধিবক্তাই সৰৱ হৈ পৰিছে। আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আয়োগৰ এই শুনানিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। হিউমেন ৰাইটছ ৱাচ আৰু এমনেষ্টি ইণ্টাৰনেচনেলৰ দৰে সংস্থাৰ প্ৰতিনিধিসকলৰ লগতে কিছুসংখ্যক ভাৰতীয়-আমেৰিকীয় মানৱ অধিকাৰ কৰ্মীয়েও এই শুনানিত অংশ লৈ তিনিওগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমেৰিকাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে।

শুনানিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে ৰাজ্যখনত চলোৱা উচ্ছেদ অভিযানসমূহৰ জৰিয়তে এক বিশেষ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ উপৰিও তেওঁৰ বিভিন্ন ৰাজহুৱা ভাষণত ডেম’গ্ৰাফী সলনি হোৱা বা মিঞা সমাজক লৈ কৰা মন্তব্যই ধৰ্মীয় মেৰুকৰণ আৰু উত্তেজনা বৃদ্ধি কৰিছে বুলি দাবী কৰা হৈছে। আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কোনো আইনী প্ৰক্ৰিয়া নোহোৱাকৈ কেৱল অভিযোগৰ ভিত্তিত বুলডজাৰৰে ঘৰ ভাঙি দিয়া কাৰ্য্যক মানৱ অধিকাৰ উলংঘন বুলি কোৱা হৈছে। লগতে ৰাজ্যখনৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনখন সংখ্যালঘু আৰু আন্তঃধৰ্মীয় বিবাহ কৰা দম্পত্তিসকলক হাৰাশাস্তি কৰিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ বিৰুদ্ধেও ইউনিফৰ্ম চিভিল ক’ডৰ জৰিয়তে জনজাতীয় আৰু সংখ্যালঘুৰ অধিকাৰ ক্ষুণ্ণ কৰা আৰু পুৰণি মাজাৰ বা ধৰ্মীয় স্থানসমূহ অবৈধ বুলি উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে যাক তেওঁলোকে ধৰ্মীয় বৈষম্য বুলি অভিহিত কৰিছে।

Apply Now

এই অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মীসকলে আমেৰিকা চৰকাৰক দাবী জনাইছে যে এই তিনিগৰাকী নেতাক গ্ল’বেল মেগনিটস্কি এক্টৰ অধীনত বিশেষভাৱে চিন্তাজনক ব্যক্তি হিচাপে ঘোষণা কৰি তেওঁলোকৰ আমেৰিকা ভ্ৰমণ আৰু সম্পত্তিৰ ওপৰত নিষেধাজ্ঞা লগাব লাগে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত এটা উৰা বাতৰি বিয়পি পৰিছিল যে আমেৰিকাৰ চৰকাৰী পেনেলে নিজেই এই নিষেধাজ্ঞা লগাবলৈ পৰামৰ্শ দিছে, কিন্তু এই দাবী সম্পূৰ্ণ মিছা। পেনেলে নিজাকৈ মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে কোনো অফিচিয়েল পৰামৰ্শ দিয়া নাই, তেওঁলোকৰ লক্ষ্য আছিল মূলতঃ আৰ এছ এছ আৰু ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ সৈতে জড়িত কিছুমান বিশেষ বিষয়হে। এই নিষেধাজ্ঞা জাপি দিয়াৰ দাবীটো কেৱল বাহিৰৰ অধিকাৰ কৰ্মীসকলেহে উত্থাপন কৰিছিল আৰু বৰ্তমানলৈকে আমেৰিকা চৰকাৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা লগোৱা নাই।

এই বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ভাৰতৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাৰ মাটিত ভাৰতৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ নাম সাঙুৰি এনেদৰে আলোচনা হোৱাটোক লৈ নতুন দিল্লীত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে আগৰে পৰাই এনে পদক্ষেপক পক্ষপাতদুষ্ট আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি কৈ ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd