সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি আজি ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান দিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ বি ডি এছ, কংগ্ৰেছকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন দল সংগঠনে। বৰাক উপত্যকাত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখা গৈছে।
ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰস্তাৱিত সীমা নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কেইবাজনো প্ৰতিবাদকাৰীক কৰিমগঞ্জত আৰক্ষীয়ে আটক কৰিছে।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ
বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ১২ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত বৰ্তমান ৰাজপথত অ’টো ৰিক্সা, বেটাৰী ৰিক্সাকে ধৰি ব্যক্তিগত যান বাহন আদি কিছু সেৰেঙা হ’লেও চলি থকা দেখা গৈছে।
ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ঠায়ে ঠায়ে বন্ধ আছে যদিও বিভিন্ন দোকান-পোহাৰ খোলা ৰখা দেখা গৈছে। বিভিন্ন অঞ্চলত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে পুৱাৰে পৰা তহল দি আছে।
বন্ধ ঘোষণা কৰা এই সংগঠন কেইটাৰ কৰ্মীয়ে কিছুমান অঞ্চলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে শ্ল’গান দিয়া দেখা গৈছে। কৰিমগঞ্জ কলেজৰ সন্মুখত একাংশই প্ৰতিবাদ কৰাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে আটক কৰে। জানিব পৰা মতে, কলেজত পৰীক্ষা চলি থকাৰ পৰিপ্ৰেক্ষিতত এনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰা প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে।
লগতে পঢ়ক:চিকিৎসা বিভ্ৰাট! জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ; বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ
ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিছতে বিৰোধী দলসমূহে এয়া বিজেপিৰ স্বাৰ্থত সমষ্টিসমূহ পুনৰ্গঠনৰ কৰা বুলি অভিযোগ কৰিছে। আনহাতে, বিজেপিয়ে ইয়াৰ দ্বাৰা খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি দাবী কৰি আহিছে।





