• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুনৰ দলীয় বৈঠকত অনুপস্থিত শশী থাৰুৰ; দলত্যাগৰ অভিযোগ অস্বীকাৰ সাংসদগৰাকীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2025 5:43 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটাৰ পিছত আনটো গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত থাকিল কংগ্ৰেছ সাংসদ শশী থাৰুৰ। এই ঘটনাই এতিয়া কংগ্ৰেছ দলৰ ভিতৰচৰাত তীব্ৰ গুঞ্জনৰ সৃষ্টি কৰিছে। সঁচাকৈয়ে দল ত্যাগ কৰিব নেকি তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীয়ে? অৱশ্যে, সাংসদগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।

বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এখন বৈঠকত মিলিত হয়। সংসদৰ শীতকালীন অধিৱেশনত দলৰ কৌশল কেনে হ’ব, সেই লৈ আলোচনা কৰিবলৈ সংসদীয় দলৰ চেয়াৰপাৰ্চন ছোনিয়া গান্ধীৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত কংগ্ৰেছৰ সংসদীয় দলৰ মুৰব্বী মল্লিকার্জুন খৰ্গে আৰু জ্যেষ্ঠ নেতা ৰাহুল গান্ধীকে ধৰি অন্যান্য নেতাসকল উপস্থিত আছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই বৈঠকত অনুপস্থিত নাছিল শশী থাৰুৰ।

Apply Now

সংবাদ মাধ্যমক থাৰুৰে জনোৱা মতে, তেওঁ এই বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি দলৰ হাইকমাণ্ডক পূৰ্বেই অৱগত কৰিছিল। অসুস্থ মাতৃৰ সৈতে বৰ্তমান তেওঁ কেৰালাত আছে। উল্লেখযোগ্য যে, এই লৈ ধাৰাবাহিকভাৱে দুখন গুৰুত্বপূৰ্ণ দলীয় বৈঠকত থাৰুৰ অনুপস্থিত থাকিল।

ইয়াৰ পূৰ্বে ১৮ নৱেম্বৰত চৰকাৰক শলঠেকত পেলোৱাৰ পৰিকল্পনা সন্দৰ্ভত গান্ধী আৰু খৰ্গেয়ে এখন বৈঠক আহ্বান কৰিছিল। শাৰীৰিক অসুস্থতাৰ দোহাই দি থাৰুৰে সেই বৈঠকতো অংশ লোৱা নাছিল।

কিন্তু বিতৰ্কৰ সূত্ৰপাত তেতিয়াই হয়, যেতিয়া বৈঠকৰ ঠিক আগদিনা সন্ধিয়া তেওঁক নৰেন্দ্ৰ মোদীৰ ভাষণত উপস্থিত থকা দেখা যায়। কেৱল উপস্থিত থকাই নহয়, ভাষণৰ পাছত মোদীক প্ৰশংসা কৰাৰ বাবে দলৰ ভিতৰতে তেওঁ ৰোষৰ সন্মুখীন হ’বলগীয়া হৈছিল।

শেহতীয়া কিছুদিন ধৰি বিভিন্ন সময়ত মোদীক প্ৰশংসা কৰি আহিছে থাৰুৰ। ভাৰত-পাক সংঘৰ্ষবিৰতিৰ পাছত যেতিয়া কংগ্ৰেছ নেতাসকলে চৰকাৰক সমালোচনা কৰিছিল, তেতিয়া থাৰুৰে দলৰ স্থিতিৰ বিপৰীতে গৈ মোদীক সমৰ্থন জনাইছিল। তেওঁ দাবী কৰিছিল যে “১৯৭১ আৰু ২০২৫ চন এক নহয়, দুয়োটা সময়ৰ মাজত পাৰ্থক্য আছে।” শেহতীয়াকৈ তেওঁ পুনৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে, যাৰ ফলত তেওঁ দল এৰাৰ জল্পনা অধিক গা কৰি উঠিছে।

আগন্তুক বছৰৰ আৰম্ভণিতে কেৰালাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজনৈতিক মহলৰ ধাৰণা, যদি থাৰুৰে দল সলনি কৰিব বিচাৰে, তেন্তে নিৰ্বাচনৰ আগতেই তেওঁ সেই সিদ্ধান্ত ল’ব লাগিব। যদিও জ্যেষ্ঠ কংগ্ৰেছ নেতাসকল আৰু স্বয়ং থাৰুৰে দলত্যাগৰ সম্ভাৱনা নাকচ কৰিছে, তথাপিও উপৰ্যুপৰি বৈঠকত অনুপস্থিতি আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা তেওঁৰ নৰম সুৰৰ বাবে এই জল্পনা এতিয়াই শাম কটাৰ কোনো লক্ষণ দেখা যোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd