• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী! শুভেচ্ছা জনালে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2024 10:06 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ দেশত নাই। প্ৰশাসনো চলা নাই তেওঁৰ অধীনত। কিন্তু পদটোত আছে। শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী। আৱামি লীগে তেনেকৈয়ে ভাবে। যাৰ প্ৰমাণ পোৱা গৈছে তেওঁলোকৰ প্ৰেছ বিবৃতিত।

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পক অভিনন্দন জনাই এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে আৱামি লীগে। তাতেই শ্বেখ হাছিনাক বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে উল্লেখ কৰা হৈছে আৰু এই  বিজ্ঞপ্তি প্ৰকাশৰ লগে লগে বাংলাদেশকে ধৰি সমগ্ৰ বিশ্বতে তোলপাৰ লাগিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আৱামি লীগে ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনাইছে। য’ত দলৰ সভাপতি হাছিনাৰ তৰফৰ পৰা বিবৃতি দিয়া হৈছে। দলটোৱে স্পষ্ট কৰি দিছে যে শ্বেখ হাছিনা বৰ্তমান দেশত নাই আৰু প্ৰশাসনৰ কাম-কাজত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা নাই, তথাপিও তেওঁ আৱামি লীগৰ নেত্ৰী হিচাপে নিজৰ পদত অব্যাহত আছে।

Apply Now

লগতে পঢ়কঃ জন্মসূত্ৰে আৰু নাপাব আমেৰিকাৰ নাগৰিকত্ব! ট্ৰাম্পৰ নতুন নীতিয়ে সমস্যাত পেলাব ভাৰতীয়সকলক

বাংলাদেশ আৱামি লীগৰ সভাপতি আৰু “প্ৰধানমন্ত্ৰী” শ্বেখ হাছিনাই আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পৰ ঐতিহাসিক বিজয়ৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে। ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই শ্বেখ হাছিনাই কয় যে তেওঁৰ নেতৃত্বৰ ওপৰত আমেৰিকাৰ জনসাধাৰণৰ প্ৰচণ্ড আস্থা আছে আৰু এই জয় তেওঁৰ চতুৰ নেতৃত্বৰ এক শক্তিশালী প্ৰতিফলন।

প্ৰধানমন্ত্ৰী (আৱামী লীগৰ প্ৰেছ বিজ্ঞপ্তিত শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰা হৈছে) শ্বেখ হাছিনাই তেওঁৰ বাৰ্তাত ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যকালত পূৰ্বৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকত হোৱা সাক্ষাৎকাৰৰ কথা মনত পেলাইছে। তেওঁ কয় যে সেই সময়ত ড’নাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পৰ সৈতে এক আন্তৰিক সম্পৰ্কৰ বান্ধোন গঢ় লৈ উঠিছিল আৰু অনাগত দিনত এই সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি তেওঁ আশা কৰে।

ট্ৰাম্পৰ দ্বিতীয় ৰাষ্ট্ৰপতিত্বৰ অধীনত বাংলাদেশ আৰু আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় হ’ব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰে শ্বেখ হাছিনাই। তেওঁৰ মতে, ‘মোৰ চৰকাৰে বাংলাদেশ আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰু আমি যৌথভাৱে দুয়োখন দেশৰ বাবে উপকাৰী পদক্ষেপ গ্ৰহণ কৰিম।’

শুভেচ্ছা বাৰ্তাত শ্বেখ হাছিনাই ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালক দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সুখী জীৱনৰ কামনা কৰে। একে সময়তে তেওঁ আমেৰিকাৰ জনসাধাৰণৰ অবিৰত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ কামনা কৰে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ এই শুভেচ্ছা বাৰ্তাই বাংলাদেশ আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ পথত এক ইতিবাচক বাৰ্তা প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে বাংলাদেশৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰে আমেৰিকাৰ সৈতে বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ সাজু। শিক্ষা, স্বাস্থ্য, বাণিজ্য, জলবায়ু পৰিৱৰ্তন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশে ঘনিষ্ঠভাৱে কাম কৰিব বুলি আশা প্ৰকাশ কৰে শ্বেখ হাছিনাই।

লগতে পঢ়কঃ জয়ৰ মুখ দেখি গা সাতখন আঠখন! বৈঠকৰ মাজতেই পত্নীক চুম্বন কৰিলে ড’নাল্ড ট্ৰাম্পে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে বাংলাদেশ আৰু আমেৰিকাৰ সম্পৰ্কত জনকল্যাণ, অৰ্থনৈতিক সহযোগিতা আৰু কূটনৈতিক সম্পৰ্কৰ বিকাশৰ বাবে চেষ্টা কৰিব। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন নেতৃত্বত বিশ্ব অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত নতুন সুযোগ মুকলি হ’ব বুলিও মন্তব্য কৰে শ্বেখ হাছিনাই।

এনে কূটনৈতিক শুভেচ্ছাই দেখুৱাইছে যে বাংলাদেশ-আমেৰিকাৰ সম্পৰ্ক কেৱল দুয়োখন দেশৰ চৰকাৰৰ মুৰব্বীৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কতে সীমাবদ্ধ নহয়, জনসাধাৰণৰ মাজতো সেয়া বিয়পি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd