চাপৰ চহৰৰ সমস্যা সমাধানৰবাবে চাপৰবাসী ৰাইজে নিৰ্বাচনৰ জৰিয়তে জন প্ৰতিনিধি কৰি পঠিওৱা ৱাৰ্ড কমিছনাৰসকলে সমস্যা সমাধানৰ পৰিৱৰ্তে ক্ষমতাৰ ৰাগীত বলিয়ান হৈ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত কৰি চাপৰ পৌৰ সভাৰ কাৰ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পৰৱৰ্তী সময়ত পৌৰ সভাৰ কাৰ্যালয়ত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জানিব পৰা মতে চাপৰ পৌৰ সভাৰ সভানেত্ৰী বিউটি ৰায়ে হোৱাটছএপযোগে চাপৰ পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰসকলক পৌৰ সভাৰ কাৰ্যালয়ত উপস্থিত হবলৈ জৰুৰীভাৱে আহ্বান জনায়।
সেইমৰ্মে ৱাৰ্ড কমিছনাৰসকল কাৰ্যালয়ত উপস্থিত হয়।সেই সময়তে পৌৰ সভাৰ সভানেত্ৰী বিউটি ৰায়ে তৎকালীনভাৱে ব’ৰ্ডৰ সভা অনুষ্ঠিত কৰাৰ কথা কোৱাত একাংশ ৱাৰ্ড কমিছনাৰে ইয়াৰ বিৰোধিতা কৰে আৰু নিয়ম অনুযায়ী ব’ৰ্ডৰ সভা আহ্বান কৰিবলৈ পৰামৰ্শ দিয়ে। ইপিনে এই পৰামৰ্শৰ বিপৰীতে পৌৰ সভাখনৰ উপ সভাপতিজন জাঙুৰ খাই উঠি তৰ্কত লিপ্ত হোৱাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ধৱ হয়।
পৌৰ সভাৰ সভানেত্ৰী বিউটি ৰায়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিক ঘটনা সম্পৰ্কে অৱগত কৰে। পিছত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে চাপৰ আৰক্ষীৰ দল এটাক পৌৰ সভাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইয়াকেলৈ চাপৰবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ লগতে আমোদৰো সৃষ্টি কৰিছে।