ভি ফাইটাৰ 1, 2, 3 ৰ পাছত ভি ফাইটাৰ 4। ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ শিৱসাগৰৰ যুৱক অভিজিৎ দুৱৰাৰ আন এক উদ্ভাৱন। নাম ভি ফাইটাৰ 4 অৰ্থাৎ ভাইৰাছ ফাইটাৰ 4।
বিভিন্ন পেলনীয়া সামগ্ৰী সংগ্ৰহ নিজৰ কাৰিকৰী জ্ঞানৰ জৰিয়তে অভিজিতে সাজি উলিয়াইছে চেনিটাইজ কৰিব পৰা চাইকেল।
পিঠিত ১৫-২০ লিটাৰ কেমিকেল কঢ়িয়াই লৈ ফুৰা চেনিটাইজাৰ কৰ্মীসকলৰ কষ্ট লাঘৱ কৰিব পাৰি নেকি বুলি চিন্তা কৰি অভিজিতে সাজি উলিয়াইছে এইখন বেটাৰী যুক্ত চেনিটাইজিং চাইকেল।
ৰাতিও চেনিচাইজ কৰিব পৰাকৈ চাইকেলখনৰ আগফালে আৰু পিছফালে সংযোগ কৰিছে দুটা লাইট।
চেনিটাইজ কৰোতে গৰম উঠিলে ফেনৰ ব্যৱস্থা কৰি দিছে চাইকেল খনত। আনহাতে গান শুনি শুনি চেনিটাইজ কৰিবলৈ চাইকেলখনত সংযোগ কৰা হৈছে এটা অডিঅ টেপও।
পেলনীয়া বস্তুৰ পৰা বনোৱা বাবে চেনিটাইজ কৰিব পৰা এই চাইকেলখন সাত হাজাৰ টকা ব্যয় হৈছিল যদিছে ব্যৱসায়ৰ বাবে নতুনকৈ বনাবলৈ হলে ত্ৰিশ হাজাৰ টকা খৰচ হব বুলি জানিবলৈ দিয়ে অভিজিতে।
অভিজিতৰ এনে উদ্ভাৱনক প্ৰশংসা কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই।
ইতিমধ্যে অভিজিতে ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ অ’ট চেনিটাইজাৰ, আ’ট থাম’মিটাৰ আৰু হট এয়াৰ এই তিনিবিধ যন্ত্ৰ আৱিস্কাৰ কৰিছিল। নাম দিছিল ভি ফাইটাৰ 1, ভি ফাইটাৰ 2 আৰু ভি ফাইটাৰ 3। চাইকেল চলাই চেনিটাইজ কৰিব পৰা এই যন্ত্ৰবিধৰ নাম দিছে অভিজিতে ভি ফাইটাৰ 4।
আজি অভিজিতে শিৱসাগৰ পুখুৰী পাৰ এই যন্ত্ৰবিধৰ সহায়ত চেনিটাইজ কৰে অভিজিতৰ এই উদ্ভাৱনক সকলোৱে প্ৰশংসা কৰিছে।