• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্ত সাপেক্ষে অনশন ভংগ কৰিব সোণম ৱাংচুকে; সংসদ অভিযানৰ পূৰ্বৰ নিশা ডাঙৰ বাৰ্তা পত্নী গীতাঞ্জলিৰ

ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলে ছফদৰজং চিকিৎসালয়ত উপস্থিত হৈ সোণম ৱাংচুকক সাক্ষাৎ কৰি এই সংসদৰ অধিৱেশনত শিক্ষা খণ্ডত দায়বদ্ধতাৰ বিষয়টো উত্থাপন কৰাৰ সুনিৰ্দিষ্ট আশ্বাস দিলেহে সোমবাৰে ৱাংচুকে অনশন প্ৰত্যাহাৰ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2026 9:27 am
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ককৰোচ জনতা পাৰ্টিয়ে ৰাজধানী দিল্লীত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ‘চলো সংসদ’ অভিযানৰ কাৰ্যসূচীৰ গ্ৰহণ কৰিছে। কিন্তু দিল্লী আৰক্ষীৰ পৰা অনুমতি পোৱা ‘চিজেপি’য়ে। অৱশ্যে প্ৰায় তিনি সপ্তাহ ধৰি অনশন কৰি থকা সমাজ কৰ্মী সোণম ৱাংচুকে এইবাৰ অনশন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হৈছে। অৱশ্যে ই চৰ্তহীন নহয়।

সংসদত শিক্ষা ব্যৱস্থাৰ ত্ৰুটি আৰু প্ৰশাসনিক দায়বদ্ধতাৰ বিষয়টো উত্থাপন কৰিব লাগিব বুলি ৰাজনৈতিক দলসমূহৰ পৰা দৃঢ় আশ্বাস পালেহে তেওঁ অনশন ভংগ কৰিব। সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দেওবাৰে নিশা যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ আগত দিয়া ভাষণত স্বামীৰ এই ডাঙৰ বাৰ্তাৰ কথা ৰাজহুৱা কৰে।

Apply Now

দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত চিজেপিৰ ধৰ্ণা মঞ্চত ভাষণ দি গীতাঞ্জলি আংমোৱে কয় যে সোমবাৰৰ পৰা সংসদৰ অধিৱেশন আৰম্ভ হ’ব। এনে পৰিস্থিতিত ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলে ছফদৰজং চিকিৎসালয়ত উপস্থিত হৈ সোণম ৱাংচুকক সাক্ষাৎ কৰি এই সংসদৰ অধিৱেশনত শিক্ষা খণ্ডত দায়বদ্ধতাৰ বিষয়টো উত্থাপন কৰাৰ সুনিৰ্দিষ্ট আশ্বাস দিলেহে সোমবাৰে ৱাংচুকে অনশন প্ৰত্যাহাৰ কৰিব।

গীতাঞ্জলিয়ে স্পষ্ট কৰি দিয়ে, “সোনমে মোক কৈছে যে এই অনশন তেওঁৰ বাবে শেষ কথা নহয়, বৰঞ্চ দেশৰ শিক্ষা ব্যৱস্থাত স্বচ্ছতা আৰু দায়বদ্ধতা পুনৰ ঘূৰাই অনাৰ এক শক্তিশালী উপায় মাথোঁ। যদি নেতাসকলে চিকিৎসালয়লৈ আহি সংসদত এই দাবী উঠাব বুলি প্ৰতিশ্ৰুতি দিয়ে, তেন্তে কাইলৈ ​​সোণমে অনশন ভংগ কৰিব।”

আনহাতে, ৱাংচুকৰ এই বাৰ্তা চিকিৎসালয়ৰ পৰা অহাৰ সময়তে আনফালে সোমবাৰে পুৱা ৯ বজাত ‘চলো সংসদ’ অভিযানক সফল কৰি তুলিবলৈ আক্ষৰিক অৰ্থত যন্তৰ মন্তৰত মানুহৰ ঢল বৈছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ দাবীৰ বিৰুদ্ধে দেশজোৰা ক্ষোভ যেন দেওবাৰে নিশা দিল্লীৰ ৰাজপথত উপচি পৰে।

সমদলত নাম পঞ্জীয়নৰ বাবে চিজেপিয়ে আৰম্ভ কৰা ‘মিছড কল’ অভিযানে ইতিমধ্যে ১ লাখ ৩০ হাজাৰৰো অধিক সমৰ্থকে যোগ দিৰিছে। আৰু ইয়াৰ প্ৰতিফলন মাটিৰ যুঁজতো দেখা গৈছে। দেওবাৰে নিশাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লোকে যন্তৰ মন্তৰ ভিৰ কৰিছে।

চিজেপিৰ মূল মুখপাত্ৰ সৌৰভ দাসে ছ’চিয়েল মিডিয়াত দাবী কৰি কয় যে, “যন্তৰ মন্তৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইতিমধ্যে ২০ হাজাৰতকৈ অধিক লোক সমবেত হৈছে। কিন্তু ২০ জুলাইলৈ এতিয়াও কেইঘণ্টামান বাকী! ধৰ্মেন্দ্ৰ প্ৰধান – আপোনাৰ হিচাপ দিয়াৰ দিনটো আহি পৰিছে।” প্ৰতিবাদস্থলীত উফন্দি উঠা জনসমাগমৰ ছবি আৰু ভিডিঅ’ এতিয়া নেটত ভাইৰেল হৈ পৰিছে।

ভিৰ বাঢ়ি অহাৰ লগে লগে আৰক্ষীৰ দমনৰ আশংকা বাঢ়ি গৈছে। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিষেক দীপকেই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সকলো সমৰ্থকক আহ্বান জনাইছে যে সোমবাৰৰ সংসদ অভিযান শান্তিপূৰ্ণভাৱে সফল কৰিবলৈ এই সমাৱেশ অক্ষুন্ন ৰাখিব লাগিব। তেওঁ প্ৰতিবাদকাৰীসকলক যিকোনো মূল্যৰ বিনিময়ত দেওবাৰে সভাস্থলীতে নিশা জাগি থকাৰ আহ্বান জনাইছে।

দীপকেই কয়, “আমাৰ আন্দোলন চলি আছে। অনুগ্ৰহ কৰি বৃহৎ সংখ্যক ইয়ালৈ আহক। ইয়াতে ৰাতিটো কটাওক। এতিয়াই গুচি গ’লে আৰক্ষী আহি এই আন্দোলনক বলপূৰ্বকভাৱে চেপি ধৰিবলৈ চেষ্টা কৰিব।” অৱশ্যে একে সময়তে সমৰ্থকসকলক সম্পূৰ্ণ অহিংস হৈ থাকিবলৈ আৰু আৰক্ষীৰ নিৰ্দেশনা মানি চলিবলৈও অনুৰোধ জনায়। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে আৰক্ষীয়ে তেওঁক যন্তৰ মন্তৰৰ পৰা বলপূৰ্বকভাৱে লৈ চিকিৎসালয়ত আবদ্ধ কৰি ৰাখিলেও এতিয়াও চিকিৎসালয়ৰ ভিতৰতে সোণম ৱাংচুকৰ অনশন অব্যাহত আছে।

ইয়াৰ মাজতে চিজেপিয়ে নিজৰ ‘এক্স’ হেণ্ডেলত কিছু চাঞ্চল্যকৰ পোষ্ট কৰিছে। এই আন্দোলন বিফল কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে অঞ্চলটোত কন্দুৱা গেছৰ সামগ্ৰী মজুত কৰিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। আনকি একাংশ অসামাজিকচক্ৰই আন্দোলনক কলংকিত কৰিবলৈ সমাৱেশত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বুলিও আশংকা প্ৰকাশ কৰে।

ইফালে দেওবাৰে বিয়লি দিল্লী আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এই ‘চলো সংসদ’ অভিযানৰ বাবে কোনো অনুমতি দিয়া হোৱা নাই। বৰ্ষাকালীন অধিৱেশনৰ বাবে সমগ্ৰ নতুন দিল্লী জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা আইনৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। ফলত পূৰ্বৰ অনুমতি অবিহনে পাঁচজন বা তাতকৈ অধিক লোকৰ সমাগম বা শোভাযাত্ৰা সম্পূৰ্ণ নিষিদ্ধ। এই আইন উলংঘা হ’লে বিএনএছৰ ২২৩ ধাৰাত অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব বুলি কঠোৰ সকীয়নি জাৰি কৰিছে আৰক্ষীয়ে। পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট, চেণ্ট্ৰেল ভিষ্টা, কন’ট প্লেচকে ধৰি সমগ্ৰ অঞ্চলটোক আৰক্ষীৰ দুৰ্গলৈ ৰূপান্তৰিত কৰা হৈছে।

দেওবাৰে নিশা ছফদৰজং হাস্পতাল কৰ্তৃপক্ষই জাৰি কৰা শেষৰ বুলেটিন অনুসৰি সোণম ৱাংচুকৰ ভাইটেল পেৰামিটাৰ সুস্থিৰ যদিও তেজৰ উপাদানৰ তাৰতম্য এতিয়াও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। দীৰ্ঘদিনীয়া উপবাসৰ বাবে শাৰীৰিক মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ বহুবিষয়ক চিকিৎসকৰ এটা দলে তেওঁৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। অৱশ্যে ৱাংচুকে এতিয়াও একো খাবলৈ অস্বীকাৰ কৰিছে। চিকিৎসালয়খনৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি ব্যক্তিগত চিকিৎসালয়লৈ বদলি বিচাৰি তেওঁৰ পৰিয়ালে জনোৱা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd