আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি l
সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰটো উলহমালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি l
জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ভক্তি ৰসৰ অমিয়া সুৰে সপ্ত বৈকুণ্ঠত পৰিণত হৈছে শ্ৰীশ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিবেশ ।
ইপিনে মহাপুৰুষজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ টুইটাৰত অসমীয়াতে এটা টুইট কৰিছে। কেজৰিৱালে টুইটত গুৰুজনালৈ শতকোটি প্ৰণাম জনাইছে।