• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ নিৰ্বাচনী টোপ? নিজে দিয়া সময় পাৰ হৈ গ’ল, কিন্তু প্ৰতিবেদন প্ৰস্তুতেই কৰা নাই হিমন্ত বিশ্বৰ অধ্যক্ষতাৰ মন্ত্ৰী গোটে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2019 8:36 pm
জনজাতিকৰণ নিৰ্বাচনী টোপ? নিজে দিয়া সময় পাৰ হৈ গ’ল, কিন্তু প্ৰতিবেদন প্ৰস্তুতেই কৰা নাই হিমন্ত বিশ্বৰ অধ্যক্ষতাৰ মন্ত্ৰী গোটে

হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্ৰী গোটৰ বৈঠক। ছবি সৌজন্য-- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ সময় ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ আহিছে অসমৰ ৬ জনগোষ্ঠী। জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰেও প্ৰতাৰণা কৰিলে জনগোষ্ঠীকেইটাক।

যোৱা ৫ বছৰে বিষয়টো সমাধান নকৰি এতিয়া লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিষয়টো মীমাংসাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক মন্ত্ৰী গোট গঠন হৈছিল।

Apply Now

অসমৰ জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীকেইটা সন্দৰ্ভত ১৫ ফেব্ৰুৱাৰিত কেন্দ্ৰক প্ৰতিবেদন দিয়াৰ কথা আছিল গোটটোৱে। কিন্তু স্বঘোষিত সময়সীমা পাৰ হৈ যোৱা পিছতো শনিবাৰ পৰ্য্যন্ত প্ৰতিবেদন দাখিল কৰা দূৰৰ কথা, প্ৰতিবেদন প্ৰস্তুতেই কৰা নাই মন্ত্ৰী গোটটোৱে।

“সকলো জাতি-জনগোষ্ঠী সংগঠনৰ সৈতে আলোচনা হ’ল। সকলোৰে মতসমূহ আহিল। আলোচনাৰ অন্তত এখন প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব। সকলোৰে মতসমূহ বিভিন্ন ধৰণৰ হৈছে। ধৰি লওঁক চাহ জনগোষ্ঠীসকলৰ মাজত দুটা ভাগ হৈ গ’ল, কিছুমানক দিয়া হ’ল, কিছুমানক দিয়া হোৱা নাই। তেওঁলোকে তেওঁলোকৰ মতামত দুদিনমানৰ পাছত জনাম বুলি আমাক কৈছিল। তেওঁলোকৰ মতামতৰ বাবে আমি অপেক্ষা কৰি আছো।” ১৫ ফেব্ৰুৱাৰিত কেন্দ্ৰক দাখিলেই কৰিব লগা প্ৰতিবেদন ১৬ ফেব্ৰুৱাৰিলৈকে প্ৰস্তুতেই নকৰাৰ কথা স্বীকাৰ কৰি শনিবাৰে নৰ্থ ইষ্ট নাও-ত মন্তব্য মন্ত্ৰী গোটটোৰ সদস্য পল্লৱ লোচন দাসৰ।

লগতে পঢ়ক– জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

কিন্তু মন্ত্ৰীজনৰ এই ভাষ্যৰ খণ্ডন কৰি আটছাৰ কেন্দ্ৰীয় সভাপতি ৰাজেন কুমাৰে যোৱা ৫ ফেব্ৰুৱাৰিৰ দিনাই তেওঁলোকৰ সকলো মতামত মন্ত্ৰী গোটৰ সৈতে হোৱা বৈঠকত জনাই দিয়া বুলি আমাৰ সাংবাদিকক জনায়।

“আমাৰ চাহ জনগোষ্ঠীৰ ১৩৮টা উপ-গোষ্ঠী আছে। তাৰে ৩৬টাক জনজাতিকৰণ দিয়াৰ কথা চৰকাৰে কৈছিল যদিও আমি সকলোকে একেলগে জনজাতিকৰণ দিবৰ বাবে আলোচনাৰ সময়ত স্পষ্ট কৰি দিছো।” আমাৰ সাংবাদিকৰ আগত এইদৰে কয় ৰাজেন কুমাৰে।

তেওঁ লগতে জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰাৰ লগতে ‘নাটক’ আখ্যা দিয়ে জনজাতিকৰণ প্ৰক্ৰিয়াটো।

আনহাতে বহুল চৰ্চাৰ পিছতো সদ্যসমাপ্ত ৰাজ্যসভা অধিৱেশনতো উত্থাপন নকৰিলে জনজাতিকৰণৰ বিধেয়ক। ইয়াৰোপৰি, অসমৰ ৬ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ বিধেয়কখন গৃহীত কৰি জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিব বুলি আশাৰে বাট চাই আছিল যদিও সেয়া আশা হৈয়ে ৰ’ল।

ইফালে জনজাতিকৰণ সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰস্থিত বাসভৱনত এক সংবাদমেল সম্বোধন কৰি গগৈয়ে জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি কয় “৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত আমাৰ মাজত কাজিয়া লগাই দিলে চৰকাৰখনে। পুৰণা ট্ৰাইবেল আৰু নতুন ট্ৰাইবেলৰ নামত এটা সংঘাত সৃষ্টি কৰি দিলে।”

“পাঁচবছৰ হ’বলৈ হ’ল, ৰাজ্যসভাৰ অধিৱেশনত বিলখন নানিলে কিয়?” বিজেপি চৰকাৰৰ প্ৰতি পোনপটীয়া প্ৰশ্ন কৰি গগৈয়ে লগতে কয় “যদি বিলখন ৰাজ্যসভাত উত্থাপন কৰিলেহেঁতেন লেপছ নহ’লহেঁতেন।”

গগৈৰ লগতে প্ৰশ্ন: “হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কমিটি গঠন হ’ল, কমিটিৰ প্ৰতিবেদন কাক দিব এতিয়া?”

এইখনক এক ভেকোভাওনা বুলি অভিহিত কৰি গগৈয়ে “ঠগিলে সকলোকে” বুলি কয়। “জনজাতিকৰণৰ বিলখন অসমলৈ নানিলে, অৰুণাচললৈ আনিলে। অৰুণাচলৰ দুটা নে তিনিটা জনজাতিকৰণ কৰি দিছে, অসমত কিয় জনজাতিকৰণ কৰি দিব নোৱাৰিলে?” গগৈয়ে এইদৰে সংবাদমেলত কয়।

ইয়াৰোপৰি, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে “জনজাতিকৰণ দিয়া হ’ব” বুলি বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি উনুকিয়াই দিয়ে তেওঁ।

আনহাতে, অহা ২০ ফেব্ৰুৱাৰিৰ দিনা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত ৰাজ্যৰ সমূহ জিলা উপায়ুক্তৰ কাৰ্য্যালয়, মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিব আক্ৰাছুৱে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণে অধ্যাদেশৰ জৰিয়তে হ’লেও জনজাতিকৰণ লাগিব বুলি দাবী কৰি লগতে কয় “অন্যথা কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত মোদী চৰকাৰ হতাও, কোচ ৰাজবংশী বচাও আৰু বিপিএফ হতাও, কোচ ৰাজবংশী বচাও অভিযান চলাম।”

আনহাতে, ৰাজ্য চৰকাৰে ১৫ ফেব্ৰুৱাৰিৰ দিনা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন নপঠোৱাৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৬ জনগোষ্ঠীৰ নেতৃবৃন্দই।

বিজেপিয়ে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে তিলমানো ইচ্ছা প্ৰকাশ কৰা নাই বুলি মন্তব্য কৰাৰ উপৰিও ইয়াক এক ‘নিৰ্বাচনী বৈতৰণী পাৰ হোৱা টোপ’, আৰু ‘নাটক’ আখ্যা দিছে চুতীয়া ছাত্ৰ সন্থা আৰু মৰাণ ছাত্ৰ সন্থাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd