• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় বেডমিণ্টনৰ দুই সম্ৰাজ্ঞী ছাইনা নেহৱাল আৰু পি ভি সিন্ধু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2019 5:57 pm

2 min read

Saina-sindhu_jpg_
533
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীত উপস্থিত হ’ল ভাৰতীয় বেডমিণ্টনৰ দুই সম্ৰাজ্ঞী ছাইনা নেহৱাল আৰু পি ভি সিন্ধু । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা য়’নেক্স-ছানৰাইজ ৮৩ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যেই গুৱাহাটীলৈ আহিছে দুয়োগৰাকী খেলুৱৈ।

সুদীৰ্ঘ ৯ বছৰৰ অন্তত এইবাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতিকৈ সন্মানীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ভাৰতৰ আগশাৰীৰ এই দুগৰাকী মহিলা শ্বাটলাৰ ক্ৰমে ছাইনা আৰু সিন্ধু।

নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰে বেডমিণ্টন ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এই দুয়োগৰাকী শ্বাটলাৰৰ খেল উপভোগ কৰিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে অসমৰ দৰ্শক।

একেখন চহৰতে বেডমিণ্টনৰ আদি পাঠ গ্ৰহণ কৰা এই দুয়োগৰাকী শ্বাটলাৰ পৰস্পৰৰ মুখামুখি হ’লেই গুৱাহাটীৰ দৰ্শকে উপভোগ কৰিবলৈ সুযোগ লাভ কৰিব এখন হাইভ’ল্টেজ মেচ।

উল্লেখ্য যে ছাইনা নেহৱালে প্ৰতিযোগিতাখনত ডিফেণ্ডিং চেম্পিয়ন হিচাপে অংশ ল’ব। ছাইনা নেহৱালে যোৱা বছৰ পি ভি সিন্ধুক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। কিন্তু সিন্ধুৱে এইবাৰ সহজে এই সুযোগ নিদিয়ে ছাইনা নেহৱালক। সেয়ে এইবাৰৰ প্ৰতিযোগিতাখনে এক আকৰ্ষণীয় ৰূপ ল’ব বুলি ধাৰণা কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।

ইফালে পুৰুষৰ ছিংগলছ শাখাত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব প্ৰাক্তন চেম্পিয়ন সমীৰ বাৰ্মা আৰু পাৰুপল্লী কাশ্যপ।

Recent News

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd