গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেতা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে।
সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে দ্বীপজ্যোতিৰ। অজিত বৰঠাকুৰৰ বিচাৰপীঠে এই জামিন আবেদন মঞ্জুৰ কৰিছে।
কাইলৈ মুকলি আকাশৰ তললৈ আহিব ছাত্ৰ নেতা গৰাকীয়ে।
যোৱা ৩০ জুলাইত জামিন আবেদন জনাইছিল দ্বীপজ্যোতিৰ অধিবক্তাই।
এই কথা জনাইছে দ্বীপজ্যোতিৰ অধিবক্তা কৃষ্ণ গগৈয়ে।
দ্বীপজ্যোতিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, পল্লৱী বৰা, ৰাহুল শেনচোৱা আৰু মনোজ দেউৰীয়ে।
দ্বীপজ্যোতি গগৈক ২০ জুলাইৰ নিশা ক্ৰাইম ব্রাঞ্চ-এ শিৱসাগৰ থাওৰাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আনিছিল গুৱাহাটীলৈ।
যোৱা ২১ জুলাইত দ্বীপজ্যোতি গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ নিক্ষেপ কৰিছিল কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে।
দ্বীপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধি আইন (IPC) ৰ ৪২০/৪১৯/৩৪ আৰু IT Act ৰ ৬৬(c) ধাৰাৰ অধীনত ১১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।
দ্বীপজ্যোতিৰ অপৰাধ আছিল “সৰ্বানন্দ সোণোৱালৰ এখন পুৰণি ফটো দি বানপানীৰ বাবে সাহাৰ্য বিচাৰি দিয়া এটা ফেচবুক পোষ্ট।”
যিখন ফটো ২০১৯ চনৰ ১৫ জুলাইৰ নৰ্থ ইষ্ট নাওত বাতৰিৰ সৈতে প্ৰকাশ পাইছিল।