• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সন্ত্ৰাসবাদী কাৰ্য’ কেৱল প্ৰত্যক্ষ হিংসাতে সীমাবদ্ধ নহয়, ষড়যন্ত্ৰ আৰু সহযোগিতাও ইয়াৰ অংশ: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 7:46 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন অৰ্থাৎ ইউএপিএৰ অধীনত ‘সন্ত্ৰাসবাদী কাৰ্য’ কেৱল হিংসাৰ চূড়ান্ত পৰ্যায়তেই সীমাবদ্ধ নহয়। অত্যাৱশ্যকীয় সেৱা আৰু যোগানত ব্যাঘাত সৃষ্টি কৰি অৰ্থনৈতিক নিৰাপত্তাহীনতা তথা নাগৰিক জীৱনত অস্থিৰতা সৃষ্টি কৰাও ইয়াৰ পৰিসৰৰ ভিতৰত পৰে। আনকি সেই প্ৰক্ৰিয়াত প্ৰত্যক্ষ হিংসা সংঘটিত নহ’লেও তাক সন্ত্ৰাসবাদী কাৰ্য হিচাপে গণ্য কৰিব পাৰি। দিল্লী হিংসাৰ গোচৰত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

২০২৬ চনৰ ৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিল্লী হিংসাৰ ‘বৃহত্তৰ ষড়যন্ত্ৰ’ গোচৰৰ সৈতে জড়িত একাধিক জামিন আবেদনৰ ৰায় প্ৰদান কৰে। এই ৰায়ত আদালতে উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন অস্বীকাৰ কৰে। অৱশ্যে গুলফিছা ফাতিমা, মীৰাণ হাইদৰ, শ্বিফা-উৰ-ৰেহমান, মহম্মদ চেলিম খান আৰু চাদাব আহমদকে ধৰি আন পাঁচজন অভিযুক্তক জামিনত মুকলি কৰি দিয়াৰ অনুমতি প্ৰদান কৰে।

Apply Now

ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে ব্যাখ্যা কৰে যে ইউএপিএ-ৰ ধাৰা ১৫(১)(ক)-ত ‘সন্ত্ৰাসবাদী কাৰ্য’ৰ সংজ্ঞা কেৱল বোমা, বিস্ফোৰক বা আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ মাজতেই সীমাবদ্ধ নহয়। আইনখনত থকা “অন্য যিকোনো উপায়েৰে” বাক্যাংশই এই সংজ্ঞাক অধিক বিস্তৃত কৰি তোলে। ইয়াত বিষাক্ত গেছ, ৰাসায়নিক, জৈৱিক বা পাৰমাণৱিক পদাৰ্থৰ ব্যৱহাৰো অন্তৰ্ভুক্ত হ’ব পাৰে।

ন্যায়াধীশ কুমাৰে মন্তব্য কৰে যে, “সন্ত্ৰাসবাদী কাৰ্যক কেৱল পৰম্পৰাগত হিংসাৰ ৰূপত সীমাবদ্ধ কৰিলে আইনৰ মূল উদ্দেশ্য সংকুচিত হৈ পৰিব।”

আবেদনকাৰীসকলে যুক্তি দিছিল যে তেওঁলোকে ২০২০ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হিংসাত্মক ঘটনাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰা নাছিল। কিন্তু দিল্লী আৰক্ষীয়ে আদালতক জনায় যে অভিযুক্তসকলে শাসন ব্যৱস্থা অস্থিৰ কৰাৰ উদ্দেশ্যে এক সংগঠিত ষড়যন্ত্ৰত লিপ্ত আছিল। তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত ব্যাঘাত সৃষ্টি কৰিছিল, যিটো ইউএপিএ-ৰ অধীনত সন্ত্ৰাসবাদী কাৰ্যৰ সমতুল্য।

আদালতে স্পষ্ট কৰে যে ইউএপিএৰ অধীনত অন্তৰ্ভুক্ত অপৰাধসমূহ দেশৰ নিৰাপত্তা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সৈতে জড়িত। সন্ত্ৰাসবাদী কাৰ্য কোনো বিচ্ছিন্ন ঘটনা নহয়; ই এক সংগঠিত আৰু দীৰ্ঘম্যাদী ষড়যন্ত্ৰৰ পৰিণতি।

জামিন সন্দৰ্ভত আদালতে কয় যে ইউএপিএৰ ধাৰা ৪৩ডি(৫)ৰ অধীনত জামিন লাভ কৰাটো সাধাৰণ আইনতকৈ অধিক কঠোৰ। যদিহে তদন্তৰ পাছত অভিযুক্তৰ বিৰুদ্ধে থকা অভিযোগসমূহ প্ৰাইমা ফেচি (Prima Facie) বা ‘প্ৰাথমিক দৃষ্টিত সত্য’ বুলি প্ৰতীয়মান হয়, তেন্তে আদালত জামিন দিবলৈ বাধ্য নহয়। অৱশ্যে আদালতে প্ৰতিজন অভিযুক্তৰ ব্যক্তিগত ভূমিকা আৰু ষড়যন্ত্ৰৰ সৈতে তেওঁৰ “বাস্তৱ আৰু অৰ্থপূৰ্ণ সংযোগ” পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd