• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল কুকুৰৰে কিয়? কুকুৰা-ছাগলীৰ জানো জীৱন নাই- উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2026 8:56 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে পথৰ কুকুৰক লৈ চলি থকা এক গোচৰৰ শুনানিৰ সময়ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। বিচাৰপীঠে মন্তব্য কৰে যে এই বিতৰ্কটো কেৱল কুকুৰক কেন্দ্ৰ কৰিয়েই কিয় সীমাবদ্ধ থাকে? কুকুৰৰ দৰে কুকুৰা বা ছাগলীৰ জানো জীৱনৰ মূল্য নাই এইবুলিও আদালতে প্ৰশ্ন কৰে।

কুকুৰৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ হৈ উপস্থিত হোৱা অধিবক্তাসকলে আদালতৰ আগত কেইবাটাও মৰ্মান্তিক ঘটনা দাঙি ধৰে। ইয়াৰ ভিতৰত এজন ৯০ বছৰীয়া বৃদ্ধৰ পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু হোৱাৰ তথ্যও আদালতক জনোৱা হয়।

Apply Now

অধিবক্তাসকলে জাপান আৰু আমেৰিকাৰ দৰে দেশৰ উদাহৰণ দি কুকুৰৰ বাবে বিশেষ আশ্ৰয়স্থল স্থাপন আৰু প্ৰয়োজন সাপেক্ষে ‘ইউথেনাচিয়া’ (বেদনাহীন মৃত্যু) ব্যৱস্থা গ্ৰহণৰ ওপৰত জোৰ দিয়ে। তেওঁলোকৰ যুক্তি অনুসৰি, উন্নত দেশসমূহত এনে পদক্ষেপৰ বাবেই জলাতংকজনিত মৃত্যুৰ ঘটনা বহু আগতেই নাইকিয়া হৈছে। শুনানিৰ সময়ত আদালতে আক্ৰমণৰ ভয়ংকৰ আলোকচিত্ৰ চাবলৈ অস্বীকাৰ কৰে যদিও স্পষ্ট কৰি দিয়ে যে মানুহৰ সুৰক্ষাই সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিব।

আনহাতে, প্ৰাণী অধিকাৰ কৰ্মীসকলে পথৰ কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি সফল বুলি প্ৰমাণিত হোৱা ‘ধৰা-বন্ধ্যাকৰণ-টীকাকৰণ আৰু মুকলি কৰি দিয়া’ (Animal Birth Control – ABC) পদ্ধতিটোৰ সপক্ষে যুক্তি আগবঢ়ায়।

কৰ্মীসকলে দাবী কৰে যে পথৰ কুকুৰবোৰে চহৰ অঞ্চলত জাবৰ-জোঁথৰ আৰু বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণত সহায় কৰে। তেওঁলোকে তথ্য দাঙি ধৰি কয় যে ২০২১ চনৰ পৰা দেশৰ ১৯ খন ৰাজ্যত জলাতংকত এজনো লোকৰ মৃত্যু হোৱা নাই। লগতে তেওঁলোকে সাৱধান কৰি দিয়ে যে গণহাৰত বা বৃহৎ সংখ্যাত কুকুৰ আঁতৰাই দিলে পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।

আদালতে নিৰ্দেশ দিয়ে যে বৰ্তমানৰ নিৰ্দেশনাৱলী কেৱল বিদ্যালয়, চিকিৎসালয় আৰু আদালত চৌহদৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। এনে সংবেদনশীল স্থানত পথৰ কুকুৰৰ বিচৰণক লৈ আদালতে প্ৰশ্ন উত্থাপন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেলে কয় যে কেৱল কুকুৰ প্ৰেমীৰ পছন্দ-অপছন্দই নহয়, বৰঞ্চ সকলো প্ৰাণীৰ কল্যাণ আৰু মানুহৰ নিৰাপত্তাৰ মাজত ভাৰসাম্য ৰক্ষাহে মূল লক্ষ্য হোৱা উচিত। তেওঁ পৰামৰ্শ দিয়ে যে আৱাসিক এলেকা বা গেটেড কলনীসমূহৰ ক্ষেত্ৰত স্থানীয় নিবাসী সংস্থাসমূহক (Resident Welfare Associations) সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব দিয়া উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd