ভাৰতৰ উচ্চতম ন্যায়ালয়ে পথৰ কুকুৰক লৈ চলি থকা এক গোচৰৰ শুনানিৰ সময়ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। বিচাৰপীঠে মন্তব্য কৰে যে এই বিতৰ্কটো কেৱল কুকুৰক কেন্দ্ৰ কৰিয়েই কিয় সীমাবদ্ধ থাকে? কুকুৰৰ দৰে কুকুৰা বা ছাগলীৰ জানো জীৱনৰ মূল্য নাই এইবুলিও আদালতে প্ৰশ্ন কৰে।
কুকুৰৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ হৈ উপস্থিত হোৱা অধিবক্তাসকলে আদালতৰ আগত কেইবাটাও মৰ্মান্তিক ঘটনা দাঙি ধৰে। ইয়াৰ ভিতৰত এজন ৯০ বছৰীয়া বৃদ্ধৰ পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু হোৱাৰ তথ্যও আদালতক জনোৱা হয়।
অধিবক্তাসকলে জাপান আৰু আমেৰিকাৰ দৰে দেশৰ উদাহৰণ দি কুকুৰৰ বাবে বিশেষ আশ্ৰয়স্থল স্থাপন আৰু প্ৰয়োজন সাপেক্ষে ‘ইউথেনাচিয়া’ (বেদনাহীন মৃত্যু) ব্যৱস্থা গ্ৰহণৰ ওপৰত জোৰ দিয়ে। তেওঁলোকৰ যুক্তি অনুসৰি, উন্নত দেশসমূহত এনে পদক্ষেপৰ বাবেই জলাতংকজনিত মৃত্যুৰ ঘটনা বহু আগতেই নাইকিয়া হৈছে। শুনানিৰ সময়ত আদালতে আক্ৰমণৰ ভয়ংকৰ আলোকচিত্ৰ চাবলৈ অস্বীকাৰ কৰে যদিও স্পষ্ট কৰি দিয়ে যে মানুহৰ সুৰক্ষাই সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ লাভ কৰিব।
আনহাতে, প্ৰাণী অধিকাৰ কৰ্মীসকলে পথৰ কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি সফল বুলি প্ৰমাণিত হোৱা ‘ধৰা-বন্ধ্যাকৰণ-টীকাকৰণ আৰু মুকলি কৰি দিয়া’ (Animal Birth Control – ABC) পদ্ধতিটোৰ সপক্ষে যুক্তি আগবঢ়ায়।
কৰ্মীসকলে দাবী কৰে যে পথৰ কুকুৰবোৰে চহৰ অঞ্চলত জাবৰ-জোঁথৰ আৰু বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণত সহায় কৰে। তেওঁলোকে তথ্য দাঙি ধৰি কয় যে ২০২১ চনৰ পৰা দেশৰ ১৯ খন ৰাজ্যত জলাতংকত এজনো লোকৰ মৃত্যু হোৱা নাই। লগতে তেওঁলোকে সাৱধান কৰি দিয়ে যে গণহাৰত বা বৃহৎ সংখ্যাত কুকুৰ আঁতৰাই দিলে পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।
আদালতে নিৰ্দেশ দিয়ে যে বৰ্তমানৰ নিৰ্দেশনাৱলী কেৱল বিদ্যালয়, চিকিৎসালয় আৰু আদালত চৌহদৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। এনে সংবেদনশীল স্থানত পথৰ কুকুৰৰ বিচৰণক লৈ আদালতে প্ৰশ্ন উত্থাপন কৰে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেলে কয় যে কেৱল কুকুৰ প্ৰেমীৰ পছন্দ-অপছন্দই নহয়, বৰঞ্চ সকলো প্ৰাণীৰ কল্যাণ আৰু মানুহৰ নিৰাপত্তাৰ মাজত ভাৰসাম্য ৰক্ষাহে মূল লক্ষ্য হোৱা উচিত। তেওঁ পৰামৰ্শ দিয়ে যে আৱাসিক এলেকা বা গেটেড কলনীসমূহৰ ক্ষেত্ৰত স্থানীয় নিবাসী সংস্থাসমূহক (Resident Welfare Associations) সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব দিয়া উচিত।





