উচ্চতম ন্যায়ালয়ে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীকো সংৰক্ষণৰ অধীনলৈ অনাৰ সপক্ষে মতপোষণ কৰিছে। পাঁচ জনীয়া বিচাৰপীঠে কয় যে অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ দিব পাৰে। এই পদক্ষেপক অসাংবিধানিক বুলি ক’ব নোৱাৰি।
উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছত এতিয়া অৰ্থনৈতিকভাৱে পিছপৰা সাধাৰণ লোকে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত সংৰক্ষণৰ সুযোগ পাব।
মুখ্য ন্যায়াধীশ ইউ ইউ ললিতক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি লয়। তেওঁলোকৰ তিনিজনে সংৰক্ষণৰ পক্ষত বক্তব্য ৰাখে। মুখ্য ন্যায়াধীশগৰাকীয়ে অৱশ্যে সংৰক্ষণ সমৰ্থন কৰা নাছিল।
লগতে পঢ়ক: বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ
সংৰক্ষণৰ পক্ষত থকা ন্যায়াধীশসকলৰ মতে সময়ৰ লগে লগে সংৰক্ষণ প্ৰণালীও সলনি কৰিব লাগিব। কিন্তু মুখ্য ন্যায়াধীশৰ মতে অনুসূচীত জনজাতিবোৰৰ মাজত বহুতোলোক আছে যিসকল আৰ্থিকভাৱে দুৰ্বল। কিন্তু নতুন সংৰক্ষণ ব্যৱস্থাত অনুসূচীত জনজাতিৰ প্ৰতি অন্যায় কৰা হ’ব।
সংবিধান সংশোধনৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছিল, সংবিধানত কেৱল শৈক্ষিক ক্ষেত্ৰত পিছপৰা লোকসকলক অনগ্ৰসৰ বুলি উল্লেখ কৰা হৈছে। সংবিধানত আৰ্থিক অৱস্থাৰ বিষয়ে একো কোৱা নাই। তেতিয়াহ’লে এই সংৰক্ষণ অসাংবিধানিক। একে সময়তে এইটোও দাবী কৰা হৈছিল যে কেন্দ্ৰই সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰিত আসনবোৰ হ্ৰাস কৰি বঞ্চনা কৰা হৈছে।
কিন্তু কেন্দ্ৰই জনাইছিল যে সাধাৰণ শ্ৰেণীৰ বাবে আৱণ্টন কৰা ৫০ শতাংশ আসনত কোনো কৰ্তন কৰা নহ’ব। পৃথকে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ দিয়া হ’ব।
লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ
উল্লেখ্য যে ২০১৯ চনত সংবিধানৰ সংশোধনৰ জৰিয়তে আৰ্থিক সংৰক্ষণক স্বীকৃতি দিয়া হৈছিল। তাৰ পিছত আৰ্থিক সংৰক্ষণৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হয়। উচ্চতম ন্যায়ালয়ত প্ৰায় ৪০ টা গোচৰৰ শুনানি হৈছিল। গোচৰটোৰ শুনানি ছেপ্টেম্বৰত সমাপ্ত হৈছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰে ইয়াৰ ৰায় প্ৰদান কৰে।