ভাৰতৰ উচ্চতম ন্যায়ালয়ে মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰত এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই ৰায়ত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এগৰাকী গৃহিণীয়ে ঘৰৰ ভিতৰত আগবঢ়োৱা অৱদানক এতিয়াৰে পৰা এক সুকীয়া ক্ষতিপূৰণযোগ্য লোকচান হিচাপে গণ্য কৰা হ’ব। এই ৰায়দানৰ মূল উদ্দেশ্য হৈছে দুৰ্ঘটনাত গৃহিণীৰ মৃত্যু বা স্থায়ী অক্ষমতাৰ বাবে ঘৰুৱা কাম-কাজ আৰু সেৱাৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱা পৰিয়ালসমূহক ন্যায় প্ৰদান কৰা।
ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ এন কে সিংৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে তেওঁলোকৰ ৰায়ত কয় যে এগৰাকী গৃহিণীৰ কাম কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নহয়, বৰঞ্চ তেওঁ পৰিয়াল আৰু সমাজৰ ভেটি সুদৃঢ় কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ন্যায়ালয়ে মন্তব্য কৰে যে গৃহিণীয়ে কেৱল ঘৰৰ কামেই নকৰে, বৰঞ্চ তেওঁ এক প্ৰকাৰে দেশ নিৰ্মাণতো নিজৰ অৱদান আগবঢ়ায়।
এই ৰায়দানৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে উচ্চতম ন্যায়ালয়ে ঘৰুৱা সেৱাৰ মূল্যায়নৰ বাবে এক নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে। ন্যায়ালয়ে মানি লৈছে যে গৃহিণীসকলে কৰা ঘৰুৱা কাম আৰু অৱদানৰ এক অৰ্থনৈতিক মূল্য থাকিব লাগে। ইয়াৰ বাবে তেওঁলোকৰ সেৱাৰ নূন্যতম মূল্য প্ৰতি মাহে ৩০,০০০ টকা হ’ব লাগে বুলি কোৱা হৈছে। এই ধনৰাশি মটৰ বাহন আইনৰ অধীনত পোৱা আন ক্ষতিপূৰণৰ পৰা সম্পূৰ্ণ সুকীয়া হ’ব।
উচ্চতম ন্যায়ালয়ে লগতে কয় যে ঘৰুৱা যতনৰ এই লোকচান পূৰ্বৰ পৰা নিৰ্ধাৰিত মানদণ্ড, বিশেষকৈ প্ৰণয় শেঠী ৰায়দানৰ নীতিসমূহৰ সৈতেও সংযোজিত কৰা হ’ব। অৰ্থাৎ এতিয়াৰে পৰা পুৰণি নিয়মৰ লগতে গৃহিণীগৰাকীৰ অৱদানো স্বতন্ত্ৰভাৱে ক্ষতিপূৰণত যোগ কৰা হ’ব। ইয়াৰ উপৰিও মটৰ দুৰ্ঘটনা দাবীৰ গোচৰসমূহ অতি সোনকালে নিষ্পত্তি কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। ইয়াৰ বাবে মটৰ বাহন আইন, ১৯৮৮ৰ ১৬৯ ধাৰাৰ অধীনত উপলব্ধ প্ৰক্ৰিয়া কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে, সময়মতে আৰু সঠিকভাৱে সিদ্ধান্ত ল’ব পৰাকৈ প্ৰতিখন উচ্চ ন্যায়ালয়ক এনে গোচৰসমূহৰ তদাৰক কৰিবলৈও উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছে।





