• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: গৃহিণীসকল দেশ নিৰ্মাতা, নিৰ্ধাৰণ কৰিলে সেৱাৰ ন্যূনতম মূল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 2:08 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰত এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই ৰায়ত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এগৰাকী গৃহিণীয়ে ঘৰৰ ভিতৰত আগবঢ়োৱা অৱদানক এতিয়াৰে পৰা এক সুকীয়া ক্ষতিপূৰণযোগ্য লোকচান হিচাপে গণ্য কৰা হ’ব। এই ৰায়দানৰ মূল উদ্দেশ্য হৈছে দুৰ্ঘটনাত গৃহিণীৰ মৃত্যু বা স্থায়ী অক্ষমতাৰ বাবে ঘৰুৱা কাম-কাজ আৰু সেৱাৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱা পৰিয়ালসমূহক ন্যায় প্ৰদান কৰা।

ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ এন কে সিংৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে তেওঁলোকৰ ৰায়ত কয় যে এগৰাকী গৃহিণীৰ কাম কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নহয়, বৰঞ্চ তেওঁ পৰিয়াল আৰু সমাজৰ ভেটি সুদৃঢ় কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ন্যায়ালয়ে মন্তব্য কৰে যে গৃহিণীয়ে কেৱল ঘৰৰ কামেই নকৰে, বৰঞ্চ তেওঁ এক প্ৰকাৰে দেশ নিৰ্মাণতো নিজৰ অৱদান আগবঢ়ায়।

Apply Now

এই ৰায়দানৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে উচ্চতম ন্যায়ালয়ে ঘৰুৱা সেৱাৰ মূল্যায়নৰ বাবে এক নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে। ন্যায়ালয়ে মানি লৈছে যে গৃহিণীসকলে কৰা ঘৰুৱা কাম আৰু অৱদানৰ এক অৰ্থনৈতিক মূল্য থাকিব লাগে। ইয়াৰ বাবে তেওঁলোকৰ সেৱাৰ নূন্যতম মূল্য প্ৰতি মাহে ৩০,০০০ টকা হ’ব লাগে বুলি কোৱা হৈছে। এই ধনৰাশি মটৰ বাহন আইনৰ অধীনত পোৱা আন ক্ষতিপূৰণৰ পৰা সম্পূৰ্ণ সুকীয়া হ’ব।

উচ্চতম ন্যায়ালয়ে লগতে কয় যে ঘৰুৱা যতনৰ এই লোকচান পূৰ্বৰ পৰা নিৰ্ধাৰিত মানদণ্ড, বিশেষকৈ প্ৰণয় শেঠী ৰায়দানৰ নীতিসমূহৰ সৈতেও সংযোজিত কৰা হ’ব। অৰ্থাৎ এতিয়াৰে পৰা পুৰণি নিয়মৰ লগতে গৃহিণীগৰাকীৰ অৱদানো স্বতন্ত্ৰভাৱে ক্ষতিপূৰণত যোগ কৰা হ’ব। ইয়াৰ উপৰিও মটৰ দুৰ্ঘটনা দাবীৰ গোচৰসমূহ অতি সোনকালে নিষ্পত্তি কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। ইয়াৰ বাবে মটৰ বাহন আইন, ১৯৮৮ৰ ১৬৯ ধাৰাৰ অধীনত উপলব্ধ প্ৰক্ৰিয়া কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে, সময়মতে আৰু সঠিকভাৱে সিদ্ধান্ত ল’ব পৰাকৈ প্ৰতিখন উচ্চ ন্যায়ালয়ক এনে গোচৰসমূহৰ তদাৰক কৰিবলৈও উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd