• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইৰফান খানৰ অসম সংযোগ

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 29, 2020 5:17 pm

2 min read

The Assam connection of actor Irrfan Khan

ইৰফান খান। ছবি--উইকিমিডিয়া কমনছ।

3.6k
VIEWS
Share on FacebookShare on Twitter

অসাধাৰণ অভিনয়েৰে জগত জিনা ইৰফান খানৰ অকাল বিয়োগে পেলোৱা শোকৰ ছাঁৰ মাজতে পোহৰলৈ আহিছে অভিনেতাজনৰ সৈতে থকা অসমৰ এক সম্পৰ্ক।

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু প্ৰখ্যাত ছবিত অভিনয় কৰা অভিনেতাজনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস “মৃত্যুঞ্জয়”ক লৈ নিৰ্মিত এক হিন্দী ছিৰিয়েলত অভিনয় কৰিছিল।

চাৰুকমল হাজৰিকাই নিৰ্মাণ কৰা “মৃত্যুঞ্জয়”ত ইৰফান খান হৈছিল অসমীয়া “ধনপুৰ”।

১৯৯২-৯৩ চনত দূৰদর্শনৰ বাবে নিৰ্মিত উক্ত হিন্দী ছিৰিয়েলত ইৰফান খানে “ধনপুৰ”ৰ চৰিত্রটো ৰূপায়ণ কৰিছিল।

ইৰফান খানৰ উপৰি ছিৰিয়েলখনৰ মুখ্য “গোসাঁই” চৰিত্ৰটোত অভিনয় কৰিছিল অতি জনপ্ৰিয় ধাৰাবাহিক “ৰামায়ণ” “ৰাম” অৰুণ গোভিলে।

নয়নমণি বৰুৱাই সংগীত দিয়া ধাৰাবাহিকখনত দূৰদৰ্শনত সম্প্ৰচাৰ হৈছিল।

ইৰফান খান।
অসমীয়াৰ ধনপুৰ।

১৯৯২-৯৩ চনত বীৰেন্দ্র কুমাৰ ভট্টাচার্য্যৰ বিখ্যাৎ অসমীয়া জ্ঞানপীঠ বিজয়ী উপন্যাস “মৃত্যুঞ্জয়”ৰ চাৰুকমল হাজৰিকাই কৰা দূৰদর্শন হিন্দী ছিৰিয়েলত ইৰফান খানে ধনপুৰৰ চৰিত্রটো ৰূপায়ণ কৰিছিল।

সেই ছিৰিয়েলৰ সৈতে জড়িত আছিলো, সেয়ে ইৰফানক ভালকৈ লগ পাইছিলো।

— Samudra G Kashyap (@samudragkashyap) April 29, 2020

নিউৰ’এণ্ড’ক্ৰাইন কেন্সাৰ নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বহুদিন ইৰফান খান ছবিজগতৰ পৰা আঁতৰি আছিল।

লণ্ডনত তেওঁ চিকিৎসা গ্ৰহণ কৰিছিল। শেহতীয়াকৈ “অংগ্ৰেজি মিডিয়াম” নামৰ বলিউদ ছবিখনেই আছিল তেওঁৰ অন্তিম ছবি।

লাইফ অৱ পাইৰ পৰা লাঞ্চবক্স হৈ পান সিং তোমাৰলৈকে অসংখ্য ছবিত তেওঁ অভিনয় কৰি গৈছে। তেওঁৰ অভিনয়ে ছিনএসমূহত এক অন্য মাত্ৰা প্ৰদান কৰিছিল আৰু এচাম নতুন দৰ্শক আৰু অভিনেতাৰো সৃষ্টি কৰিছিল।

জানিব পৰা মতে পেটৰ গুৰুতৰ সমস্যাত ভুগি থকা ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল।

চিকিৎসাধীন অৱস্থাতে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Recent News

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd