• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস; নগাঁৱত আৰম্ভ ভাওনা সমাৰোহ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 13, 2021 7:43 am
IMG_20210212_185422

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম বাৰ্ষিক ভাওনা সমাৰোহ।

শুকুৰবাৰে পুৱা মহা পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰবা থানৰ পৰা জল আনয়নৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ কৰা হয়।

Apply Now

পুৱা ৯ বজাত ভাওনা সমাৰোহৰ দশম বাৰ্ষিক পুৰ্তি উপলক্ষে ১০ খন ধৰ্ম ধ্বজা উত্তোলন কৰা হয়।

মূল ধৰ্ম ধ্বজা উত্তোলন কৰি নগাঁও ভাওনা সমাৰোহ সমিতিৰ সভাপতি তথা শংকৰী সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে কয়যে গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰি দিয়াটো এই সমাৰোহৰ অন্যতম লক্ষ্য।

তেওঁ লগতে কয় যে গুৰুজনাই অসমীয়া জাতিটোক কৃষ্ণ সংস্কৃতিৰ লগত পৰিচয় কৰাই  দিছে। গুৰুজনাৰ বাবে অসমীয়া মানুহ কৃষ্ণ সংস্কৃতিত উদ্বুদ্ধ। গুৰুজনাৰ বিশাল কৰ্মৰাজি অসমবাসী ৰাইজক আন্তৰিকতাৰে গ্ৰহণ কৰি ইয়াৰ প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিৰ বাবে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।

আন ন খন ধৰ্ম ধ্বজা উত্তোলন কৰে ক্ৰমে শিক্ষাবিদ ড° খৰ্গেশ্বৰ ভূঞা, সাহিত্যিক শিৱানন্দ কাকতি, শিক্ষাবিদ ৰামেশ্বৰ বৰা, ৰামানুজনৰ মহাবিদ্যালয় অধ্যক্ষ দিলীপ বৰা, সাংস্কৃতিক কৰ্মী ডা: ব্ৰজেন বৰা, সমাজকৰ্মী প্ৰদীপ আগৰৱালা, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, মিডিয়া ট্ৰাষ্ট অসমৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক  ড° আবু‌ হানিফা আৰু লেখক সাংবাদিক মুৰুলী বৰুৱাই।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে নাট্যকাৰ ডাঃ দিলীপ বৰুৱাই, প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে সাহিত্যিক নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই।

দিনৰ ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বৰ্ণিল শোভাযাত্ৰা মুকলি কৰে নগাঁও ভাওনা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই।

শোভাযাত্ৰা মুকলি কৰি ডাঃ চমুৱাই কয় যে আজি ১০ বছৰ ধৰি গুৰুজনাৰ সৃষ্টি ৰাজি অধিক জনমুখী কৰিবৰ বাবে প্ৰয়াস কৰি অহা হৈছে। নগাঁও ভাওনা সমাৰোহক আহি থকা দিনত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আমি চিন্তা চৰ্চা অব্যাহত ৰাখিছো। আমি নৱ প্ৰজন্মক অংকীয়া ভাওনাৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো। এই সমাৰোহৰ দ্বাৰা যদি এজন লোকো ভক্তি ৰস আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী হয় তেনে’হলে আমি এই সমাৰোহ  সফল হৈছে বুলি অনুধাৱন কৰিব পাৰিম।

গায়ন-বায়ন, ভাওনাৰ প্ৰতিকী ৰূপ, অংকীয়া ভাওনাৰ দৃশ্য, ভাগৱত পাঠ‌‌ আদিৰে পৰিপূৰ্ণ এই বৰ্ণিল শোভাযাত্ৰা নগাঁও চহৰত উলিওৱা হয়। শোভাযাত্ৰাই নগাঁওবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সহস্ৰাধিক ভক্তৰ ভক্তিময় পৰিবেশত উখল- মাখল হৈ পৰে নগাঁও ভাওনা সমাৰোহস্থলী।

শুকুৰবাৰে দলীয় সাংগঠনিক কামত নগাঁৱলৈ অহা কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু কংগ্ৰেছ নেতা সুৰেশ বৰা আদি খন্তেকৰ বাবে ভাওনা সমাৰোহত উপস্থিত হৈ আপ্লুত হৈ পৰে।

সম্প্ৰীতিৰো এক নিদৰ্শন দাঙি ধৰা এই  ভাওনা সমাৰোহত ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি এক নতুন মাত্ৰা প্ৰদান কৰিছে। দুপৰীয়া গুৰু আসন প্ৰতিষ্ঠা আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া শংকৰী কলা-কৃষ্টিৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

শনিবাৰে পুৱা মুকলি কুইজ প্ৰতিযোগিতা, নাম- প্ৰসংগ, দিহানাম প্ৰতিযোগিতা, বিয়লি বাউল সংগীতৰ অনুষ্ঠান, সন্ধিয়া ৭ বজাত ৭খন খোলাত অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব। ১৪ ফেব্ৰুৱাৰী নিশা ভাওনা সমাৰোহৰ সামৰণি পৰিব।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd