• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত আটক তিনি যুৱকঃ পশ্চিম বংগৰ চাইবাৰ অপৰাধী চক্ৰক এযোগান ধৰি আহিছিল এ টি এম, ছীম কাৰ্ড

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 14, 2022 5:31 pm
111
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি তিনিজন যুৱকক কৰায়ত্ত কৰে ৷ বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱৰ পৰা আটক কৰা যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে বিভিন্ন বেংকৰ এ টি এম কাৰ্ড, চিম কাৰ্ড, মোবাইল, নগদ ধন আৰু এখন মটৰ চাইকেল জব্দ কৰিছে ৷ আটকাধীন যুৱক তিনিজন পশ্চিম বংগৰ চাইবাৰ অপৰাধী চক্ৰৰ এটাক বেংকৰ এ টি এম কাৰ্ড, ছীম কাৰ্ড যোগান ধৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোনোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আটকাধীন যুৱক তিনিজন বঙাইগাঁও জিলাৰ কোকিলা মাজপাৰাৰ আবুল কাশেমৰ পুত্ৰ আশ্ৰাফুল ইছলাম (২৭), বৰপেটা জিলাৰ কলগাছিয়াৰ উদমাৰীৰ ৰুস্তম আলীৰ পুত্ৰ বিল্লাল হুছেইন( ২১) আৰু কলগাছিয়াৰ খাৰবাল্লীৰ ৰেজাউল কৰিমৰ পুত্ৰ মনিৰুল ইছলাম (২০) ৷ আটকাধীন যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে ২৫ খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ১৮ খন ছীমকাৰ্ড, ৪ টা মোবাইল, এএছ-০১ই কে ১৮৮০ নম্বৰৰ এখন ইয়ামাহা মটৰ চাইকেল আৰু নগদ ৭,৯৩০ টকা জব্দ কৰে ৷ জব্দ কৰা এ টি এম কাৰ্ডসমূহ ফেডাৰেল বেংক, এক্সিচ বেংক, কোটাক, আই ডি এফ চি আদি বেংকৰ ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও আৰু বৰপেটা জিলাৰ কোকিলা, কলগাছিয়া আদিকে ধৰি ভিতৰুৱা গাঁৱৰ পৰা এ টি এম আৰু মোবাইলৰ চিম কাৰ্ডধাৰীৰ পৰা নগদ ২০০০ টকাকৈ দি আটক কৰা লোকসকলে চিম কাৰ্ডৰ সৈতে এ টি এম কাৰ্ডসমূহ ক্ৰয় কৰিছিল।

এই এ টি এম কাৰ্ড আৰু ছীম কাৰ্ডসমূহ পিচত পশ্চিম বংগৰ এক চাইবাৰ অপৰাধী চক্ৰক ধনৰ বিনিময়ত যোগান ধৰে ৷ এই তিনি যুৱকে মঙলবাৰে বিয়লি পশ্চিমবংগৰ চাইবাৰ অপৰাধীক এ টি এম কাৰ্ড আৰু ছীম কাৰ্ডসমূহ গতাই দিবলৈ পশ্চিমবংগৰ বৰ্ধমানলৈ বুলি যোৱাৰ বাবে বঙাইগাঁৱত উপস্থিত হৈ নিউ বঙাইগাঁওলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ আটকাধীন যুৱক তিনিজনে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে এই কাৰ্ডসমূহ চাইবাৰ অপৰাধী চক্ৰটোৱে ব্যক্তিসকলক ব্যক্তিগত তথ্য যেনে পাছৱৰ্ড আৰু ক্ৰেডিট কাৰ্ড নম্বৰ প্ৰকাশ কৰিবলৈ প্ৰৰোচিত কৰিবলৈ সুনাম থকা কোম্পানীসমূহৰ পৰা অহা বুলি কোৱা ইমেইল প্ৰেৰণ কৰাৰ প্ৰৱঞ্চনামূলক আৰু ধন দাবী কাৰ্যত ব্যৱহাৰ কৰে ৷

আৰক্ষীৰ তদন্ত লগতে আটকাধীন যুৱক তিনিজনে পশ্চিম বংগৰ বৰ্ধমান নিবাসী ছবু আৰু নাৰু নামৰ দুজন ব্যক্তিৰ নাম প্ৰকাশ কৰিছে যি দুজনে চাইবাৰ অপৰাধ আৰু ধন দাবীৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে কাৰ্ডসমূহ ক্ৰয় কৰে ৷ এই সন্দৰ্ভত বঙাইগাঁও আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে ধৃত যুৱক তিনিজনক জেৰা অব্যাহত ৰাখিছে ৷

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd