• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ ড্ৰোন আক্ৰমণত নিহত হামাছৰ শীৰ্ষ নেতা; কোন এই ছালেহ আল-আৰুৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2024 9:01 am
ইজৰাইলৰ ড্ৰ’ন আক্ৰমণত নিহত হামাছৰ শীৰ্ষ নেতা ছালেহ আল-আৰুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ ড্ৰ’ন আক্ৰমণত নিহত হামাছৰ শীৰ্ষ নেতা ছালেহ আল-আৰুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ ডাহিয়া অঞ্চলৰ এটা অট্টালিকাত ড্ৰ’ন আক্ৰমণ চলায়। ড্ৰ’নৰ পৰা দ্ৰুতগতিত একেৰাহে তিনিটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। এই আক্ৰমণত পেলেষ্টাইনৰ স্বাধীনতাকামী গোষ্ঠী হামাছৰ ৰাজনৈতিক শাখাৰ উপ-মূৰব্বী ছালেহ আল-আৰুৰী আৰু কাছাম ব্ৰিগেডৰ দুজন অধিনায়ককে ধৰি কমেও সাতজন লোক নিহত হয়।

ইজৰাইলৰ এই আক্ৰমণত ওচৰৰ কিছুমান অট্টালিকাও ক্ষতিগ্ৰস্ত হয়। আন কেইবাজনো লোক আহত হয়।

ছালেহ আল-আৰুৰীৰ মৃত্যুৰ ঘটনা হামাছে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। সংগঠনটোৰ প্ৰভাৱশালী সদস্য ইজ্জাত ৰিচকে কয় যে এই হত্যাকাণ্ডৰ জৰিয়তে ইজৰাইলৰ পৰাজয় পুনৰ স্পষ্ট হৈ পৰিছে। আৰুৰীক কাপুৰুষোচিতভাৱে হত্যা কৰা হ’ল।

Apply Now

লগতে পঢ়কঃ কেন্দ্ৰৰ আশ্বাসত প্ৰতিবাদ সামৰিলে ট্ৰাক চালকসকলে; আজি উভতিব কামলৈ

তেওঁ মন্তব্য কৰে যে পেলেষ্টাইন আৰু পেলেষ্টাইনৰ বাহিৰত এনে হত্যাকাণ্ড সংঘটিত কৰি পেলেষ্টাইনীসকলক তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব নোৱাৰি।

ছালেহ আল-আৰুৰী (৫৭) গাজাস্থিত পেলেষ্টাইনী প্ৰতিৰোধ গোট হামাছৰ পলিটব্যুৰোৰ উপ-মূৰব্বী আছিল। তেওঁ সশস্ত্ৰ সংগঠনটোৰ সামৰিক শাখা আল-কাছেম ব্ৰিগেডছৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

১৯৬৬ চনত পেলেষ্টাইনৰ ৰামাল্লাৰ ওচৰৰ আৰুৰা গাঁৱত ছালেহ আল আৰুৰীৰ জন্ম হৈছিল। তেওঁ ইছলামিক শ্বৰীয়ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৮৭ চনত হামাছত যোগদান কৰে।

লগতে পঢ়কঃ পৰিয়ালৰ বাধা নামানি গৈছিল ফুৰিবলৈঃ নৱবৰ্ষৰ প্ৰথম দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬ যুৱকে

ইহুদীবাদী ইজৰাইলত ১৫ বছৰ কাৰাগাৰত কটাবলগীয়া হোৱা মুক্তিপ্ৰাপ্ত বন্দী আছিল আৰুৰী। মুক্তিৰ পিছৰে পৰা তেওঁ লেবাননত নিৰ্বাসিত হৈ আছিল।

২০১১ চনত ইজৰাইলী বাহিনীৰ গিলাট শালিটৰ মুক্তিৰ বিনিময়ত বহু পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াত আৰুৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লগতে পঢ়কঃজাপানৰ বিমান দুৰ্ঘটনাঃ পাঁচজনৰ মৃত্যু নিশ্চিত কৰিলে কৰ্তৃপক্ষই

বিগত বৰ্ষৰ ৭ অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল। শেহতীয়াকৈ আৰুৰীয়ে হামাছৰ এজন অন্যতম মুখপাত্ৰৰ ভূমিকা পালন কৰি আহিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd