ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২২৫ জনলৈ বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যখনত ৩৫ গৰাকী ব্যক্তিৰ দেহত কোভিড পজিটিভ পোৱা যায়।
নতুকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা উক্ত ৩৫ গৰাকী ব্যক্তিৰ ৩১ গৰাকী যোৱা বাংলাদেশৰ পৰা উভতি অহাৰ বিপৰীতে ২জন চেন্নাই আৰু ১জন বাংগালুৰৰ পৰা উভতি আহিছে। আনহাতে কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ আহি ১ জন আক্ৰান্ত হয়।
মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।
Out of 1175 samples tested for COVID-19, 3️⃣5️⃣ people found POSITIVE.
Among them
31 people have returned from Bangladesh, 2 persons have returned from Chennai, 1 person have returned from Bangalore & 1 person was in contact of a COVID19 patient.#TripuraCOVID19Count— Biplab Kumar Deb (@BjpBiplab) June 21, 2020
উল্লেখযোগ্য যে যোৱা বৃস্পতিবাৰ আৰু শুকুৰবাৰে বাংলাদেশত আৱদ্ধ হৈ থকা ত্ৰিপুৰাৰ প্ৰায় ২০০ গৰাকী ব্যক্তি নিজ ৰাজ্যলৈ উভতি আহে।
অসমৰ পিছতে ত্ৰিপুৰা উত্তৰ-পূবৰ দ্বিতীয়খন সৰ্বাধিক ক’ৰ’না আক্ৰান্ত ৰাজ্য। এই পৰ্যন্ত ৰাজ্যখনত কোভিড-১৯ আক্ৰান্ত হৈ ১জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৬৫৭ গৰাকী ব্যক্তি সুস্থ হৈ উঠিছে।