নিজৰ দেশৰ উচ্চতম ন্যায়ালয়ত (Supreme Court US) শুল্ক যুদ্ধত হৰাৰ পিছতো স্তব্ধ হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আদালতৰ এই নিৰ্দেশৰ পিছতো তেওঁ আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
আদালতৰ এই ৰায়ক লৈ ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে কয় যে বহু দেশে ইমান দিনে আমেৰিকাক প্ৰতাৰণা কৰি আহিছে, গতিকে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে। শুল্ক বৃদ্ধিৰ এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নতুন চাপৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
শনিবাৰে ট্ৰাম্পে কয় যে বিদেশী সামগ্ৰীৰ ওপৰত অস্থায়ী শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। মাত্ৰ কেইঘণ্টামানৰ আগতে উচ্চতম ন্যায়ালয়ে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ আইনৰ ভিত্তিত তেওঁৰ ‘স্বাক্ষৰিত’ শুল্ক নীতি কাৰ্যকৰী নহয় বুলি ৰায় দিছিল। সেই ৰায়দানত স্পষ্ট হৈ পৰিছিল যে ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত আইনী জটিলতাৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ পিছতে ট্ৰাম্পে অধিক কঠোৰ পন্থা গ্ৰহণ কৰে।
শুকুৰবাৰে এই ৰায় ঘোষণা কৰাৰ পিছত তেওঁ প্ৰথমে সকলো আমদানিৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ নিৰ্দেশ দিয়ে। পিছত শনিবাৰে তেওঁ কয় যে আইনৰ অধীনত ১৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা তেওঁৰ আছে আৰু তেওঁ সম্পূৰ্ণ সৰ্বোচ্চ সীমা প্ৰয়োগ কৰিব। এই শুল্ক ১৫০ দিনৰ বাবে আৰোপ কৰা হ’ব। এই সময়ছোৱাত তেওঁৰ প্ৰশাসনে নতুন নিয়ম আৰু আইনৰ লগত সংগতি ৰাখি শুল্ক নীতি গঢ়ি তুলিব।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে, “দশকৰ পিছত দশক ধৰি বহু দেশে আমেৰিকাক প্ৰতাৰণা কৰিছে। মই বিশ্বজুৰি আমদানিৰ ওপৰত শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰি দিলো।”
এই ঘোষণাৰ ফলত আমেৰিকালৈ বিভিন্ন সামগ্ৰী আমদানি কৰাৰ খৰচ বৃদ্ধি পাব পাৰে, যিয়ে আমেৰিকাৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সাধাৰণ গ্ৰাহকলৈকে সকলোকে প্ৰভাৱিত কৰিব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সন্দৰ্ভত নতুন উত্তেজনাৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তই বিশেষকৈ ইউৰোপ, চীন আৰু উন্নয়নশীল দেশসমূহৰ সৈতে বাণিজ্যিক আলোচনাত ডাঙৰ প্ৰভাৱ পেলাব।
১৫০ দিনীয়া এই অস্থায়ী শুল্ক প্ৰক্ৰিয়া আদালত আৰু কংগ্ৰেছত বৰ্তি থাকিব নে নাই সেয়া হ’ব লক্ষ্যণীয়। কাৰণ এতিয়াও কেইবাটাও আইনী জটিলতা আছে। অৱশ্যে ক’ব পাৰি যে ট্ৰাম্পৰ এই সিদ্ধান্তই আমেৰিকাৰ বাণিজ্য নীতিক অধিক আগ্ৰাসী দিশলৈ লৈ গৈছে, যাৰ ফলত অনাগত দিনত বিশ্বৰ বজাৰত ডাঙৰ প্ৰভাৱ পৰিব পাৰে।
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নিজৰ ঐতিহাসিক ৰায়দানত কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বাবে সৃষ্টি কৰা আইনৰ অপব্যৱহাৰৰ ফলত এই শুল্ক আৰোপ কৰা হৈছে, যিয়ে সাংবিধানিক ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে।
৬-৩ সংখ্যাগৰিষ্ঠতাৰ ৰায়দানত মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে কয় যে যি ১৯৭৭ চনৰ আইনখন ব্যৱহাৰ কৰি ট্ৰাম্পে এই শুল্ক আৰোপ কৰিছে তাৰ দ্বাৰা তেওঁ সাংবিধানিক ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে। আদালতে নিম্ন ন্যায়ালয়ৰ ৰায়ও সমৰ্থন কৰে।
ন্যায়াধীশ ৰবাৰ্টছে তেওঁৰ পৰ্যবেক্ষণত স্পষ্ট কৰি দিছিল যে ৰাষ্ট্ৰপতিয়ে এনে ক্ষমতা প্ৰয়োগ কৰিবলৈ “কংগ্ৰেছৰ স্পষ্ট অনুমোদন” দেখুৱাব লাগিব। তেওঁৰ ভাষাত, “এই অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কংগ্ৰেছৰ অনুমোদনৰ দিশটো আঙুলিয়াই দিব লাগিব, কিন্তু তেওঁ তেনে কৰাত ব্যৰ্থ হৈছে।”
এই গোচৰটো কেইবাটাও ব্যৱসায়িক গোষ্ঠী আৰু ১২খন ৰাজ্যই দাখিল কৰিছে, যাৰ অধিকাংশই ডেম’ক্ৰেট দলৰ দ্বাৰা শাসিত। তেওঁলোকে অভিযোগ কৰে যে ট্ৰাম্পে একপক্ষীয়ভাৱে এই আইনখন ব্যৱহাৰ কৰি আমদানি শুল্ক আৰোপ কৰিছিল, যিটো অভূতপূৰ্ব।
আমেৰিকাৰ সংবিধান অনুসৰি কৰ আৰু শুল্ক আৰোপ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ নহয়, কংগ্ৰেছৰহে। কিন্তু ট্ৰাম্পে কংগ্ৰেছৰ অনুমোদন অবিহনে প্ৰায় সকলো বাণিজ্যিক অংশীদাৰৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ IEEPA ৰ আইন প্ৰয়োগ কৰিছিল।
ট্ৰাম্পে নিযুক্তি দিয়া ন্যায়াধীশ নীল গ’ৰছুচ আৰু এমি কনি বেৰেটকে ধৰি তিনিজন ন্যায়াধীশো সংখ্যাগৰিষ্ঠ মতৰ পক্ষতে আছিল। ভিন্নমত প্ৰকাশ কৰিছিল ক্লেৰেন্স থমাছ, চেমুৱেল আলিটো আৰু ব্ৰেট কাভান’গে।





