• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত হৰাৰ পিছতো ‘অঁকৰা মৈত উঠি’ ট্ৰাম্প! এইবাৰ সকলো দেশৰ ওপৰত ১৫ শতাংশ শুল্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 8:07 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ দেশৰ উচ্চতম ন্যায়ালয়ত (Supreme Court US) শুল্ক যুদ্ধত হৰাৰ পিছতো স্তব্ধ হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আদালতৰ এই নিৰ্দেশৰ পিছতো তেওঁ আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

আদালতৰ এই ৰায়ক লৈ ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে কয় যে বহু দেশে ইমান দিনে আমেৰিকাক প্ৰতাৰণা কৰি আহিছে, গতিকে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে। শুল্ক বৃদ্ধিৰ এই ঘোষণাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নতুন চাপৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

Apply Now

শনিবাৰে ট্ৰাম্পে কয় যে বিদেশী সামগ্ৰীৰ ওপৰত অস্থায়ী শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব। মাত্ৰ কেইঘণ্টামানৰ আগতে উচ্চতম ন্যায়ালয়ে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ আইনৰ ভিত্তিত তেওঁৰ ‘স্বাক্ষৰিত’ শুল্ক নীতি কাৰ্যকৰী নহয় বুলি ৰায় দিছিল। সেই ৰায়দানত স্পষ্ট হৈ পৰিছিল যে ১০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত আইনী জটিলতাৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ পিছতে ট্ৰাম্পে অধিক কঠোৰ পন্থা গ্ৰহণ কৰে।

শুকুৰবাৰে এই ৰায় ঘোষণা কৰাৰ পিছত তেওঁ প্ৰথমে সকলো আমদানিৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ নিৰ্দেশ দিয়ে। পিছত শনিবাৰে তেওঁ কয় যে আইনৰ অধীনত ১৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ক্ষমতা তেওঁৰ আছে আৰু তেওঁ সম্পূৰ্ণ সৰ্বোচ্চ সীমা প্ৰয়োগ কৰিব। এই শুল্ক ১৫০ দিনৰ বাবে আৰোপ কৰা হ’ব। এই সময়ছোৱাত তেওঁৰ প্ৰশাসনে নতুন নিয়ম আৰু আইনৰ লগত সংগতি ৰাখি শুল্ক নীতি গঢ়ি তুলিব।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে, “দশকৰ পিছত দশক ধৰি বহু দেশে আমেৰিকাক প্ৰতাৰণা কৰিছে। মই বিশ্বজুৰি আমদানিৰ ওপৰত শুল্ক ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰি দিলো।”

এই ঘোষণাৰ ফলত আমেৰিকালৈ বিভিন্ন সামগ্ৰী আমদানি কৰাৰ খৰচ বৃদ্ধি পাব পাৰে, যিয়ে আমেৰিকাৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সাধাৰণ গ্ৰাহকলৈকে সকলোকে প্ৰভাৱিত কৰিব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সন্দৰ্ভত নতুন উত্তেজনাৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তই বিশেষকৈ ইউৰোপ, চীন আৰু উন্নয়নশীল দেশসমূহৰ সৈতে বাণিজ্যিক আলোচনাত ডাঙৰ প্ৰভাৱ পেলাব।

১৫০ দিনীয়া এই অস্থায়ী শুল্ক প্ৰক্ৰিয়া আদালত আৰু কংগ্ৰেছত বৰ্তি থাকিব নে নাই সেয়া হ’ব লক্ষ্যণীয়। কাৰণ এতিয়াও কেইবাটাও আইনী জটিলতা আছে। অৱশ্যে ক’ব পাৰি যে ট্ৰাম্পৰ এই সিদ্ধান্তই আমেৰিকাৰ বাণিজ্য নীতিক অধিক আগ্ৰাসী দিশলৈ লৈ গৈছে, যাৰ ফলত অনাগত দিনত বিশ্বৰ বজাৰত ডাঙৰ প্ৰভাৱ পৰিব পাৰে।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নিজৰ ঐতিহাসিক ৰায়দানত কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বাবে সৃষ্টি কৰা আইনৰ অপব্যৱহাৰৰ ফলত এই শুল্ক আৰোপ কৰা হৈছে, যিয়ে সাংবিধানিক ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে।

৬-৩ সংখ্যাগৰিষ্ঠতাৰ ৰায়দানত মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে কয় যে যি ১৯৭৭ চনৰ আইনখন ব্যৱহাৰ কৰি ট্ৰাম্পে এই শুল্ক আৰোপ কৰিছে তাৰ দ্বাৰা তেওঁ সাংবিধানিক ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে। আদালতে নিম্ন ন্যায়ালয়ৰ ৰায়ও সমৰ্থন কৰে।

ন্যায়াধীশ ৰবাৰ্টছে তেওঁৰ পৰ্যবেক্ষণত স্পষ্ট কৰি দিছিল যে ৰাষ্ট্ৰপতিয়ে এনে ক্ষমতা প্ৰয়োগ কৰিবলৈ “কংগ্ৰেছৰ স্পষ্ট অনুমোদন” দেখুৱাব লাগিব। তেওঁৰ ভাষাত, “এই অসাধাৰণ ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কংগ্ৰেছৰ অনুমোদনৰ দিশটো আঙুলিয়াই দিব লাগিব, কিন্তু তেওঁ তেনে কৰাত ব্যৰ্থ হৈছে।”

এই গোচৰটো কেইবাটাও ব্যৱসায়িক গোষ্ঠী আৰু ১২খন ৰাজ্যই দাখিল কৰিছে, যাৰ অধিকাংশই ডেম’ক্ৰেট দলৰ দ্বাৰা শাসিত। তেওঁলোকে অভিযোগ কৰে যে ট্ৰাম্পে একপক্ষীয়ভাৱে এই আইনখন ব্যৱহাৰ কৰি আমদানি শুল্ক আৰোপ কৰিছিল, যিটো অভূতপূৰ্ব।

আমেৰিকাৰ সংবিধান অনুসৰি কৰ আৰু শুল্ক আৰোপ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ নহয়, কংগ্ৰেছৰহে। কিন্তু ট্ৰাম্পে কংগ্ৰেছৰ অনুমোদন অবিহনে প্ৰায় সকলো বাণিজ্যিক অংশীদাৰৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ IEEPA ৰ আইন প্ৰয়োগ কৰিছিল।

ট্ৰাম্পে নিযুক্তি দিয়া ন্যায়াধীশ নীল গ’ৰছুচ আৰু এমি কনি বেৰেটকে ধৰি তিনিজন ন্যায়াধীশো সংখ্যাগৰিষ্ঠ মতৰ পক্ষতে আছিল। ভিন্নমত প্ৰকাশ কৰিছিল ক্লেৰেন্স থমাছ, চেমুৱেল আলিটো আৰু ব্ৰেট কাভান’গে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd